Breaking News

বাঘ প্ৰকল্পৰ ধনেৰে আপ্যায়ন ৰাষ্ট্ৰপতিক, শীৰ্ষ আমোলাক অব্যাহতি

কাজিৰঙাৰত বাঘ সংৰক্ষণৰ ধনেৰে ৰাষ্ট্ৰপতিক‌ আপ্যায়ন কৰিবলৈ গৈ বিতৰ্কৰ ‌আৱৰ্তত সোমাই পৰিছে বন বিভাগ। যাৰ ফলত বিভাগটোৰ শীৰ্ষতম আমোলাজনে হেৰুৱাবলগীয়া হ'ল নিজ পদ।ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ আগন্তুক কাজিৰঙা ভ্ৰমণৰ পূৰ্বে সৃষ্টি হোৱা‌ এই বিতৰ্কক লৈ চৰম অস্বস্তিত পৰিছে ৰাজ্য চৰকাৰ। উল্লেখ্য যে তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ বিগত বৰ্ষৰ ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে। কোবিন্দৰ এই ভ্ৰমণৰ নামত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ১.৬৪ কোটি টকা ব্যয় কৰে।এই সমস্ত পুঁজি কাজিৰঙা টাইগাৰ কনজাৰভেশ্বন ফাউণ্ডেশ্যন আৰু জেনেৰেল ৱাইল্ড লাইফ ফাণ্ডৰ পৰা ব্যয় কৰা হৈছিল।তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত দাখিল কৰা এখন আবেদনৰ উত্তৰত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য। কোবিন্দৰ দুদিনীয়া ভ্ৰমণৰ বাবদ যি ১.৬৪ কোটি টকা ব্যয় কৰা হৈছিল ১.১২ কোটি টকা‌ কাজিৰঙা টাইগাৰ কনজাৰভেশ্বন ফাউণ্ডেশ্যনৰ কৰপাৰ্ছ ফাণ্ডৰ পৰা লোৱা হৈছিল।এই ধন পুৱা, দুপৰীয়া আৰু নিশাৰ আহাৰ টেন্টৰ ভাড়া,এয়াৰ পিউৰিফায়াৰ ক্ৰয়,কনভেনশ্বন চেন্টাৰৰ পুনৰ নিৰ্মাণ, আভ্যন্তৰীণ সাজ-সজ্জা আৰু আচবাব মেৰামতিৰ‌ নামত মূলত ব্যয় কৰা হয়।এই ব্যয় সম্পূৰ্ণ নিয়ম বৰ্হিভূত ব্যয় আছিল।এই কৰ্পাছ ফাণ্ডৰ ৯০ শতাংশ কেৱল ক্ষেত্ৰভিত্তিক কৰ্মচাৰীৰ প্ৰশিক্ষণ আৰু ইকো-ডেভলপমেন্ট কমিটীৰ নামতহে ব্যয় কৰিব লাগে। লক্ষণীয়ভাৱে বাঘ সংৰক্ষণৰ এই পুঁজি জীপ আৰু হাতী ছাফাৰিৰ পৰা সংগৃহীত ধনেৰে গঠিত।চৰকাৰী তথ্য অনুসৰি ১,৯৪,৬৫০ টকা কহৰাৰ এটা পৰ্যটক পথ পৰিষ্কাৰৰ বাবে; ২,৪৩,৭৬৮ টকা ২০ ফেব্ৰুৱাৰীৰ পুৱা, দুপৰীয়া আৰু‌ নিশাৰ আহাৰৰ বাবে ; ৯৭,৯৪০ টকা এয়াৰ পিউৰিফায়াৰ ক্ৰয়ৰ বাবে ;‌ ২,৮৮,৩০০ টকা ২২ আৰু ২৩ ফেব্ৰুৱাৰীৰ পুৱা আৰু দুপৰীয়াৰ আহাৰৰ বাবদ; ৩,৫৮০০০ টকা‌ ২৬,২৭ আৰু ২৮ ফেব্ৰুৱাৰীত পুৱা আৰু দুপৰীয়াৰ আহাৰৰ বাবদ তথা ৪৯,৫৬০ টকা, ২৬ ফেব্ৰুৱাৰীত কহৰাৰ আয়ৰা ৰিজৰ্টত চাহৰ বাবদ ব্যয় কৰা হৈছিল। ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ বাবদ মুঠ ব্যয় হৈছিল ১,৬৪,১৬,০০০ টকা। টাইগাৰ কনজাৰভেশ্বন ফাউণ্ডেশ্যন তথা ৰাষ্ট্ৰীয় উদ্যানখনৰ নিৰ্দিষ্ট পুঁজি ৰাষ্ট্ৰপতিৰ আপ্যায়নৰ নামত ব্যয় কৰাৰ তথ্য পোহৰলৈ অহাৰ পিছতে সমগ্ৰ বিষয়টোক কেন্দ্ৰ কৰি তীব্ৰ বিতৰ্কৰ সূচনা হয়।বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই বিষয়ত অজ্ঞতা প্ৰকাশৰ লগতে তদন্তৰ আশ্বাস দিয়ে।ৰাষ্ট্ৰপতিক আদৰণি জনোৱাৰ যি ৰাজকীয় আয়োজন কৰা হৈছিল তাৰ বাবে দিছপুৰৰ পৰা কোনো‌ ধৰণৰ পুঁজি পৃথকে আবন্টন দিয়া হোৱা নাছিল। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক নিজাববীয়াকৈ এই ধন‌ ব্যয়ৰ বাবে কোৱা হৈছিল।যাৰ ফলত ব্যয়ৰ ধন জোৰা মাৰিবলৈ অন্য  শিতানৰ পৰা পুঁজি আনি ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ নামত উদ্যান কৰ্তৃপক্ষই ব্যয় কৰে।উদ্যান কৰ্তৃপক্ষই ইতিমধ্যে ৰাজ্যৰ মুখ্যসচিবলৈ পত্ৰ প্ৰেৰণ কৰি এই সমস্ত ধন উভতাই দিবলৈ অনুৰোধ জনায়।এই পত্ৰৰ প্ৰতিলিপি মুখ্যমন্ত্ৰীলৈয়ো প্ৰেৰণ কৰা হয়। কিন্তু ইয়াৰ পিছতে ৰাজ্য চৰকাৰে হঠাৎ চীফ ৱাইল্ড ৱাৰ্ডন পদৰ অতিৰিক্ত দায়িত্বৰ পৰা প্ৰধান মুখ্য বন সংৰক্ষক এম.কে যাদবক অব্যাহতি দিয়া হয়।এই‌ দায়িত্ব অতিৰিক্তভাৱে অৰ্পণ কৰা হয় সন্দীপ কুমাৰক। তেওঁ বৰ্তমান প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী আৰু জৈৱ বৈচিত্ৰ্য)পদত আছে।তথ্য অনুসৰি ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ নামত প্ৰয়োজনীয় পুঁজিৰ এটা অংশ মুকলিৰ নিৰ্দেশত স্বাক্ষৰ কৰিছিল যাদবে।যাৰ ফলত চৰকাৰে এতিয়া তেওঁৰ সকলো দোষ তেওঁৰ ওপৰতে জাপি দি দায় সৰাৰ কৌশল অৱলম্বন কৰিছে। 

No comments