Breaking News

অৰুণাচল কাৰাগাৰৰ পলাতক এনএছচিএন (কে) কেডাৰ ৰোকসেন হোমচা গ্ৰেপ্তাৰ



সঞ্জীৱ ছেত্ৰীঃ অৰুণাচল আৰক্ষীৰ এক ডাঙৰ সাফল্য,  আজি ৰাতিপুৱা চলোৱা এক তালাচী অভিযানৰ সময়ত কিছু দিন পূৰ্বে অৰুণাচল প্ৰদেশৰ খুনচা আৰক্ষী থানা পৰা পলায়ন কৰা উগ্ৰপন্থী সদস্য ৰোকচেন হোমচাক গ্ৰেপ্তাৰ কৰে। অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ বগাপানী অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে অৰুণাচল প্ৰদেশ আৰক্ষী বাহিনীয়ে।।

এনএছচিএন (কে)ৰ নিকি চুমি গোটৰ এজন দুদৰ্শ সদস্য আছিল ৰোকচেন হোমচা যোৱা 26  মাৰ্চৰ সন্ধিয়া এক সাহসী জেইলব্ৰেকৰ সময়ত খোনচা কাৰাগাৰৰ পৰা পলাই গৈছিল। জেলৰ নিৰাপত্তাৰক্ষীৰ পৰা এখন AK ৰাইফলছ কাঢ়ি আৰু এজন নিৰাপত্তাৰক্ষীক হত্যা কৰি পলায়ন কৰিছিল উগ্ৰপন্থী সদস্য গৰাকী।। 

উগ্ৰপন্থী সদস্য গৰাকীয়ে নিৰাপত্তাৰক্ষি হাতৰ পৰা কাঢ়ি নিয়া AK ৰাইফলছ ও উদ্ধাৰ কৰে অৰুণাচল খুনচা আৰক্ষীয়ে।।

No comments