Breaking News

ৰাজ্যজুৰি স্মার্ট মিটাৰে জলা-কলা খুৱাইছে গ্ৰাহকক: সৰ্বত্ৰে তীব্র প্ৰতিক্ৰিয়া

 


এপিডিচিএলৰ প্রি-পেইড মিটাৰে সৰ্বস্বান্ত কৰিছে সাধাৰণ গ্ৰাহকক। পূৰ্বতে স্মার্ট পোষ্ট-পেইড মিটাৰৰ অধিক বিলে গ্ৰাহকৰ মূৰত মাধমাৰ সোধোৱাৰ পাছত এতিয়া প্রি-পেইড মিটাৰৰ জৰিয়তে এপিডিচিএলে অধিক ধন সৰকোৱাৰ অভিযোগ উঠিছে। প্রি-পেইড মিটাৰত অধিক বিল দেখুওৱাত সমগ্ৰ ৰাজ্যজুৰি ক্ষোভৰ উদগিৰণ ঘটিছে। এপিডিডিএলৰ লুণ্ঠনে এনে পৰ্যায় পাইছে গৈ যে গ্ৰাহকৰ মাহেকীয়া বিদ্যুৎ বিল ১০০ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে। কোনো কোনো গ্ৰাহকৰ আগতে মাহে ২০০০ টকা বিল আহিছিল যদিও এতিয়া এসপ্তাহতে প্রি-পেইড মিটাৰত ২০০০ টকা বিদ্যুৎ বিল পৰিশোধ কৰিবলগীয়া হৈছে। স্মার্ট মিটাৰত মাহেকত ৮০০-১০০০ টকা বিল অহা গ্রাহকে এতিয়া সম পৰিমাণৰ শক্তি ব্যৱহাৰ কৰাৰ পাছতো ২০০০ টকা ৰিচাৰ্জ কৰিও মাহটো জোৰা মাৰিব পৰা নাই। যোৰহাটৰ নৱজ্যোতি বৰুৱা নামৰ এজন উপভোক্তাই অভিযোগ কৰি কয় যে—"ঘৰৰ স্মাৰ্ট মিটাৰটো প্ৰি- পেইড মিটাৰলৈ উন্নীত কৰাৰ পাছত দুদিন পূর্বে ১০০০ টকা ৰিচাৰ্জ কৰিছিলো। কিন্তু দুদিন পাছত বেলেঞ্চ নিৰীক্ষণ কৰাত দেখা পালো ৮০০ টকা জমা আছে। অর্থাৎ দুদিনতে ঘৰত ২০০ টকা মূল্যৰ বিদ্যুৎ খৰচ কৰা বুলি দেখাইছে। কিন্তু পূৰ্বতে পোষ্ট পেইড মিটাৰত একেখিনি লাইট, ফেন, টিভি চলোৱাৰ পাছতো সর্বোচ্চ বিল আহিছিল ১৫০০ টকা। এতিয়া দুদিনতে ২০০ টকা খৰচ দেখুৱাত নিশ্চয়কৈ মাহটোত বিদ্যুতৰ বিলৰ বাবদ ভৰিব লাগিব ৩০০০ টকা।এই ঘটনাৰ পৰা এটা কথা স্পষ্ট হৈছে যে হয় প্রি-পেইড মিটাৰত কিবা জালিয়াতি সংঘটিত কৰিছে নাইবা এ পি ডি চি এলে গ্ৰাহকৰ অজ্ঞাতে বিদ্যুৎ মাচুল বৃদ্ধি কৰিছে।" লক্ষণীয়ভাৱে প্রি-পেইড মিটাৰৰ বিপৰীতে অধিক ধন আদায় কৰাৰ এইটো এটা মাত্ৰ উদাহৰণ যদিও ৰাজ্যৰ গাঁৱে-ভূঞে সর্বত্র উপভোক্তাই একেই অভিযোগ কৰিছে । একেখিনি শক্তি ব্যৱহাৰ কৰাৰ পাছতো কিয় এপিডিচিএলে অধিক বিল আদায় কৰিছে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। বহুতে আকৌ এপিডিচিএলৰ ১,৪০০ কোটি টকাৰ ঘাটি জোৰা মাৰিবলৈকে গ্ৰাহকৰ মূৰত এনেকৈ পৰিকল্পিতভাৱে ৰাম টাঙোন শোধোৱা বুলিও অভিযোগ কৰিছে। অৱশ্যে প্রি-পেইড মিটাৰৰ জৰিয়তে এপিডিচিএলে গ্ৰাহকক লুণ্ঠন চলোৱাৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীয়ে। দেওবাৰে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অসমৰ স্মাৰ্ট মিটাৰৰ গ্ৰাহকসকল দেশৰ ভিতৰতে সন্তুষ্টিৰ শীৰ্ষত আছে বুল জানিবলৈ দি কয়—"প্রি-পেইড মিটাৰত কিবা বিসংগতি থাকিলে পৰীক্ষা কৰিব পাৰি। পূৰ্বতে এপিডিচিএলে গড় হিচাপত বিল আদায় লৈছিল। এতিয়া প্রি-প্রেইড মিটাৰত ৰিচাৰ্জ কৰাৰ বিপৰীতে বিল আদায় লয়। প্রি-পেইড মিটাৰক লৈ কাৰোবাৰ আপত্তি থাকিলে পৰীক্ষা কৰিব পাৰে । ম‍ই এপিডিচিএলক নিয়ন্ত্রণ কক্ষ স্থাপন কৰিবলৈ নিৰ্দেশ দিম। যাতে ৰাইজে আপত্তি থাকিলে অভিযোগ দিব পাৰে আৰু এপিডিডিএলৰ মানুহ গৈ মিটাৰসমূহ পৰীক্ষা কৰি কিবা বিসংগতি থাকিলে ঠিক কৰি দিব। বর্তমান গাঁওসমূহত প্রি-পেইড মিটাৰ হৈছে। দুটা-এটা অভিযোগ থাকে, সেই অভিযোগক ঠিক কৰি দিয়া হয়। শেহতীয়াকৈ ৰাষ্ট্ৰীয় জৰীপত অসমৰ বিদ্যুৎ গ্রাহকসকলে স্মার্ট মিটাৰক লৈ আটাতকৈ সন্তুষ্ট বুলি প্ৰকাশ কৰিছিল।"

No comments