Breaking News

অসমৰ জাতীয় ফুল "কপৌ"ৰ অস্তিত্বলৈ সংকট মাতি আনিছে বিহুৰ বিশ্ব অভিলেখৰ আকাংক্ষাই


গুৱাহাটীৰ সৰুসজাই খেলপথাৰত বিহু নাচিবলৈ যোৱা ১০ হেজাৰ নাচনীক খোপাত গুঁজিবলৈ কপৌফুল ৰাজ্য চৰকাৰেই যোগান ধৰিব বুলি বিভিন্ন সূত্ৰৰ পৰা জানিব পৰা গৈছে।এই কথাই শংকিত কৰি তুলিছে ৰাজ্যৰ প্ৰকৃতিবিদসকলক। ৰাজ্য চৰকাৰে দহ হেজাৰ নাচনীক কপৌফুল যোগান ধৰিবলৈ লোৱা সিদ্ধান্তই ফুলবিধৰ অস্তিত্বৰ প্ৰতি তীব্ৰ ভাবুকি নমাই আনিব বুলি সন্দেহ কৰিছে প্রকৃতিবিদসকলে । এই সন্দৰ্ভত প্রকৃতিবিদ মৃদুপৱন ফুকনে  এক সাক্ষাৎকাৰত কয় যে— 'দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ আশে-পাশে আজি দুই-চাৰিদিন ধৰি কেইবাজনো লোক কপৌ ফুল বিচাৰি ঘূৰি ফুৰা পৰিলক্ষিত হৈছে। সেই লোককেইজনৰপৰা জানিব পৰা অনুসৰি অহা ১৪ এপ্ৰিলত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত সৰুসজাইত বিশ্ব ৰেকৰ্ড গঢ়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে পতা বিহুৰ বাবে ১০-১১ হেজাৰ কপৌফুলৰ প্রয়োজন হৈছে। এই কথা গম পাই বিভিন্নজনৰ সৈতে কথা পাতি গম পোৱা গ'ল যে এই কপৌফুল যোগান ধৰাৰ বাবদ দুশৰপৰা এহেজাৰ টকা পৰ্যন্ত দাম দিয়া হ'ব। এইখিনি কপৌফুল কোনে কিনিব সেই কথা কিন্তু জানিবলৈ সক্ষম হোৱা নাই । অৱশ্যে কোনে কিনিব সেই কথাতকৈ ইমান বৃহৎসংখ্যক কপৌফুল ছিঙিবলৈ লোৱাটোহে এক ভয়ংকৰ বাৰ্তা। কিয়নো কপৌফুল কোনো সাধাৰণ ফুল নহয়, ই আমাৰ অসমৰ জাতীয় ফুল হোৱাৰ লগতে আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ তথা অন্ধ্ৰপ্ৰদেশৰো জাতীয় ফুল। কপৌফুলক কনভেনচন অন ইণ্টাৰনেচনেল ট্রেড ইন এনডেঞ্জার্ড স্পেচিছ অব ৱাইল্ড ফৌনা এণ্ড ফ্লোৰা সংস্থাই লুপ্তপ্ৰায় প্ৰজাতিৰ অর্কিড বা ফুল হিচাপে চিহ্নিত কৰিছে। যাৰ বাবে ইয়াক ৰাষ্ট্ৰীয় উদ্যানেই হওক বা সংৰক্ষিত বনাঞ্চলেই হওক সংগ্ৰহ কৰাত বাধা নিষেধ কৰা আছে। কিয়নো ইয়াৰ অত্যধিক সংগ্ৰহৰ ফলত কপৌফুলৰ প্ৰজাতি পৃথিৱীৰ পৰাই লুপ্তপ্রায় হ'বলৈ গৈ আছে। হঠাত অহা এই ১০ বা ১১ হেজাৰ কপৌফুলৰ চাহিদাই কপৌফুলৰ প্ৰতি ডাঙৰ ভাবুকি কঢ়িয়াই আনিব। তদুপৰি এই কপৌফুলৰ বৃহৎ পৰিসৰত কোনোধৰণৰ খেতি কৰা নহয়, ইয়াক বনাঞ্চলসমূহতে সাধাৰণতে পোৱা যায়। মানুহৰ ঘৰত লগোৱা কপৌফুল ঘৰে ঘৰে ফুলা দেখা যায় যদিও সেইসমূহে ইমান এটা বৃহৎ পৰিমাণৰ কপৌফুলৰ চাহিদা পূৰণ কৰিব নোৱাৰে। ইয়াৰ বাবে আৰু অৰুণাচলৰ বনাঞ্চলসমূহৰ পৰাই সংগ্রহ কৰিব লাগিব। কপৌফুলৰ যদি কেৱল ফুলপাহ ছিঙি লৈ যোৱা হয় তেনেহ'লে ইমান এটা ক্ষতি সাধন নহয়, কিয়নো প্ৰতিবছৰে এই কপৌ ফুলসমূহ ফুলিব। কিন্তু ক কপৌফুল এপাহ ছিঙি অনাৰ পাছত সাধাৰণতে এদিনতে ক'লা পৰি যায় নাইবা মৰহি যায়। এতিয়া  যদিহে অহা ১৪ এপ্ৰিলত ১০ৰ পৰা ১১ হেজাৰ ক সতেজ কপৌফুলৰ যোগান ধৰিব লগীয়া হয়, তেনেহ'লে ইয়াৰ এটাই উপায় আছে যে কপৌফুলসমূহ গছৰ সৈতে উভালি আনিব লাগিব। তেনে কৰিলে অসম আৰু অৰুণাচলৰ বনাঞ্চলসমূহত থকা ৰাজ্যিক ফুল লুপ্তপ্রায় কপৌফুলৰ অস্তিত্বৰ প্ৰতি তীব্র সংকট নামি আহিব।" যিহেতু বিহুৰ গীনিজ ৰেকৰ্ড কৰা প্ৰক্ৰিয়াটোত চৰকাৰ জড়িত আছে, সেয়েহে অসম চৰকাৰ তথা অসমৰ বনমন্ত্ৰী আৰু বন বিভাগক প্রকৃতিপ্রেমী মৃদুপৱন ফুকনে অসমৰ ৰাজ্যিক ফুল কপৌফুল দিহিং  পাটকাইকে ধৰি অসম-অৰুণাচলৰ সংৰক্ষিত বনাঞ্চলসমূহৰপৰা সংগ্ৰহ নকৰিবলৈ আহ্বান জনোৱাৰ উপৰি কপৌফুলৰ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।
 

No comments