Breaking News

অসমৰে বহুসংখ্যক চমকপ্রদ অভিলেখ আছে গীনিজ বুকত

বিহু বুলিলেই গা-মন ৰাই-জাই কৰা অসমীয়াৰ মন এইবাৰ উলাহে নধৰা। বিহুৰ প্ৰথমদিনাই কৰিবলগীয়া বিশ্ব অভিলেখৰ বাবে এনে হোৱাৰে কথা। গৰু বিহুৰ দিনাই গুৱাহাটীত ১২ সহস্রাধিক বিহুৱা-নাচনীয়ে বিহু প্ৰদৰ্শনেৰে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অসমীয়াৰ বিহুৰ নাম লিপিবদ্ধ কৰাৰ আকাংক্ষাত এতিয়া ৰাজ্যৰ বিহুবলীয়া অসমীয়া উদগ্ৰীৱ হৈ পৰিছে। পিছে অসমীয়াৰ বাবে এয়াই প্রথম গীনিজ অভিলেখ নহয়। ইয়াৰ আগতেও অসমীয়াই গীনিজ বুক অভিলেখৰ পৃষ্ঠাত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ গীনিজ বুকত আছে অসমীয়াৰ একাধিক অভিলেখ । শেহতীয়াকৈ অসমে গীনিজ বুকত স্থান লাভ কৰিছিল লাচিত বৰফুকনৰ বিষয়ে ৰচনা লিখি। মুঠতে ৪৩.৯৪ লাখ লোকে লাচিত বৰফুকনৰ বিষয়ে হাতেৰে ৰচনা লিখি যোৱা মাহত এই গীনিজ অভিলেখ স্থাপন কৰিছিল। তাৰ পূৰ্বে ২০১৩ চনৰ ৬ জানুৱাৰীত কৰা গীনিজ অভিলেখো আছিল অতি তাৎপর্যপূর্ণ তথা অবিস্মৰণীয়। শ্রীমন্ত শংকৰদেৱ সংঘৰ অধীনত সেইবাৰ মুঠ ১৪,৮৩৩জন খুলীয়াই একেলগে ১৫ মিনিট খোলবাদন কৰি গীনিজ বুকৰ অভিলেখৰ পৃষ্ঠাত নাম খোদিত কৰিবলৈ সক্ষম হৈছিল। সেই অনুষ্ঠান হৈছিল যোৰহাট জিলাৰ তিতাবৰৰ মেজেংগা পথাৰত। মাটিৰে নিৰ্মিত আৰু হাতেৰে বজোৱা বাদ্য পূর্বে কেতিয়াও ইমানসংখ্যক লোকে একেলগে বজোৱা নছিল। আধ্যাত্মিক গীত গাই একেলগে ১৪,৮৩৩জন ব্যক্তিয়ে খোল বজোৱাৰ সেই দৃশ্য আছিল অভিনৱ আৰু সংখ্যাৰ ফালৰ পৰি সেই অনুষ্ঠানে গীনিজ বুকত অভিলেখ সৃষ্টি কৰিছিল। বেচৰকাৰীভাৱে এটা ধৰ্মীয় সংগঠনে সৃষ্টি কৰা সেই অভিলেখৰ অনুষ্ঠানত ব্যয় হৈছিল ১৪ লাখ টকা। নিখুঁতভাৱ সম্পন্ন হোৱা অনুষ্ঠানটোৰ আয়োজন আৰু ব্যয় সকলোখিনি চৰকাৰৰ পৃষ্ঠপোষকতা অবিহনে সম্পন্ন কৰিছিল শ্ৰীমন্ত শংকৰদেৱ সংঘই । উল্লেখ্যযোগ্য যে,সেই একেটা অনুষ্ঠানৰ বাবে সমবেত হোৱা লোকে অসমৰ জাতীয় সংগীত ‘অ' মোৰ আপোনাৰ দেশ' ১ মিনিট ৫ ছেকেণ্ডত পৰিৱেশন কৰি এছিয়া বুক অৱ ৰেকৰ্ডছত স্থান অৰ্জন কৰিছিল।

আনহাতে, খালী ভৰিৰে দৌৰি অসমীয়া যুৱক অভিজিৎ বৰুৱাই গীনিজ বুকৰ অভিলেখ স্থাপন কৰি থৈছে। ২০২২ চনৰ ৩০ জানুৱাৰীত তেওঁ যোৰহাটৰ পৰা খালী ভৰিৰে একেৰাহে ২৪ ঘণ্টাত ১৯০ কিলোমিটাৰ দৌৰি এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল। 

No comments