Breaking News

গোলাঘাট বনৰীয়া কাঠফুলা সেৱনৰ পৰা আঁতৰি থাকিবলৈ ৰাইজৰ মাজত সজাগতা সভা অনুষ্ঠিত

গোলাঘাট জিলাৰ স্বাস্থ্য বিভাগে বুধবাৰৰ দিনটোত গাওঁ স্বাস্থ্য অনাময় আৰু পৰিপুষ্টি দিৱসৰ ( V H S N C - Village Health Sanitation and Nutrition Committee) দিনটোত প্ৰত্যেক VSNC সভাত বনৰীয়া কাঠফুলা সেৱন নকৰিবলৈ ৰাইজৰ মাজত সজাগতা সভা অনুষ্ঠিত কৰে।

স্বাস্থ্য কৰ্মী সকলে বনৰীয়া কাঠফুলা খোৱাৰ ফলত বিষক্ৰিয়া হৈ মৃত্যু মুখত পৰিব লগা হব পাৰে বুলি ৰাইজক সচেতন কৰে। হাবি - বননিত পোৱা কাঠফুলা খাদ্যৰ বাবে স্বাস্থ্যকৰ হয় নে নহয় চিনাক্ত কৰা টো জটিল। সেইবাবে এনে কাঠফুলা খাই বিষক্ৰিয়া হোৱাটো নিশ্চিত। 

আজি বিশেষ VHSNC হিচাপে পালন কৰি সমূহ চিকিৎসা কৰ্মী, তৃণমূল পৰ্যায়ৰ স্বাস্থ্যকৰ্মিয়ে গৰ্ভৱতী মহিলা আৰু শিশু সকলক প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী, মাতৃ আৰু শিশু স্বাস্থ্যজনিত দিশ সমূহৰ উপৰত সজাগতাৰ লগতে বিশেষভাবে বনৰীয়া কাঠফুলা বিষয়টোৰ উপৰত গুৰুত্ব আৰোপ কৰা হয়। VHSNC সভাত চিকিৎসক, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাটৰ আঁচনি পৰিচালন গোটৰ বিষয়া - কৰ্মচাৰী আদিও উপস্থিত থাকে।

বনৰীয়া কাঠফুলা সেৱনৰ ভয়াবহতাৰ উপৰত ৰাইজৰ সজাগতা উদ্দেশ্য ইতিমধ্যে স্বাস্থ্য কৰ্মী সকলে IDSP ( Integrated Disease Surveillance Programme) গোটৰ বিষয়া সকলৰ লগত গাওঁ সভা আৰু স্বাস্থ্য শিবিৰ সমূহত সজাগতা সভা অনুষ্ঠিত কৰি সজাগতা প্ৰচাৰপত্ৰ (leaflet) বিতৰণ কৰিছে। 

No comments