Breaking News

অসমবাসীৰ বাবে সু-খবৰ: বিহুৰ দিনাই হোৱাইট হাউছত আদৰণি জনাব অসমৰ সু-সন্তান ড°‌ ৰূপম শৰ্মাক

ৰঙালী বিহুত অসমবাসীলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছে যোৰহাটৰ অভিযন্তা ড° ৰূপম শৰ্মাই।আমেৰিকাৰ হোৱাইট হাউছৰ মার্কিন ৰাষ্ট্ৰপতিৰ ইন’ভেচন ফেল’ (পি আই এফ) আৰু ৰাষ্ট্ৰপতিৰ স্বাস্থ্য গৱেষণা সংস্থাৰ জ্যেষ্ঠ উপদেষ্টা হিচাপে নিযুক্তি লাভ কৰিছে শৰ্মাই। অসমৰ সু-সন্তান ড° ৰূপম শৰ্মাই যোৱা ১০ এপ্রিল অর্থাৎ সোমবাৰে এই পদত নিযুক্তিৰ বাবে ৱাশ্বিংটন ডিচি'ত শপত গ্ৰহণ কৰে। অহা ১৪ এপ্ৰিলত অর্থাৎ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ প্ৰথম দিনটোতে তেওঁ হোৱাইট হাউছত অনুষ্ঠিত হ'বলগীয়া আদৰণি অনুষ্ঠানত ভাগ ল'ব।  ৰূপম শৰ্মাৰ পৰিয়ালে জনোৱা অনুসৰি অসমৰ সু-সন্তানজনে 'পি আই এফ' অর্থাৎ প্রেচিডেন্সিয়েল ইন'ভেচন ফেল' হিচাপে যোগদান কৰাৰ উপৰি মার্কিন ৰাষ্ট্ৰপতিৰ নতুন স্বাস্থ্য গৱেষণা সংস্থা অর্থাৎ আপা-এইছ-ৰ জ্যেষ্ঠ উপদেষ্টা পদত নিযুক্তি লাভ কৰিছে। আপা-এইছৰ দ্বাৰা ৰাষ্ট্ৰ নিৰ্মাণ আৰু স্বাস্থ্য গৱেষণাৰ জৰিয়তে সামগ্রিকভাবে সমগ্র বিশ্বত প্রভাৱ পেলোৱাৰ লক্ষ্য স্থিৰ কৰা হৈছে।তাৎপর্যপূর্ণ বিষয় এয়ে যে, মার্কিন প্রশাসনত এনে পদ লাভ কৰা ড° ৰূপম শৰ্মা হৈছে প্ৰথমজন অসম সন্তান। ইয়াৰ পূৰ্বে কোনো অসমীয়াই এনে পদ লাভ কৰা নাছিল। উল্লেখযোগ্য, পি আই এফ হিচাপে এইবাৰ ৰূপম শৰ্মাৰ সৈতে মুঠতে ২০জন বিশেষজ্ঞক নিযুক্তি দিয়া হৈছে। তেওঁলোক হৈছে— আমাণ্ডা হকিন্স, এনি কালাহান, বেন কেন, বিয়েট্রিক মাৰ্চিয়ের, কার্মেন ডমিনগুজে, ডেনিয়েল এলভাবেজ, ইব'নি জে ডি ফ্রীমেন, এমিলি হোৱাইট, জেকব ব্ৰাছ বেইলী, কেথেৰিন হিলেনরেও, মাইকেল মনেছেন, নাদিয়া ফারাজ, নীনা মাটুবু নিশ্চল চৌধুৰী, পেট্ৰিক কাৰাইল, ৰজনী আনেজা, শৈলজা সভানম, য়াছমিন লালানি আৰু য়েল আগিনি।

ৰূপমে জোষ্ঠ উপদেষ্টা হিচাপে যোগদান কৰিবলগীয়া এডভান্সড ৰিচাৰ্চ প্রজেক্ট এজেন্সী ফৰ হেল্থ ৰাষ্ট্ৰপতি বাইডেনে কেন্সাৰ, এলঝেইমাৰ, ডায়েবেটিছ আৰু অন্যান্য ৰোগৰ নিৰাময়ৰ বাবে নতুনকৈ  গঠন কৰিছে। ৰূপমে মূল সংস্থা নেশ্যনেল ইনষ্টিটিউট অব হেল্থৰ  অধীনত আপা-এইচৰ মুখ্য তথ্য বিষয়া আৰু প্ৰেচিডেন্সিয়েল জ্যেষ্ঠ উপদেষ্টাৰ ভূমিকা পালন কৰিব। ইণ্টাৰনেট, জিপিএছ, ক'ভিড ভেকচিন  আদি উদ্ভাৱন কৰা ডিফেন্স বিছাৰ্চৰ আৰ্হিত গঠিত আপা-এইছ হেল্থ ” বিছাৰ্চ কংগ্ৰেছে অনুমোদন জনাইছিল ২০২২ চনৰ ১৫ মাৰ্চত । আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে দ্বৈত বিধেয়ক হিচাপে আইনখনত স্বাক্ষৰ কৰিছিল। হোৱাইট হাউছ প্ৰেচিডেন্সিয়েল ফেল'ক ২০১৫ চনত ৰাষ্ট্ৰপতি বাৰাক অবামাই ফেডাৰেল চৰকাৰৰ অংশ হিচাপে স্থায়ী কৰিছিল যাতে দেশখনৰ উত্তৰোত্তৰ উন্নতিৰ বাবে দেশৰ শীৰ্ষ প্ৰতিভাক নিযুক্তি দিয়ে। অৱশ্যে এয়া কোনো ৰাজনৈতিক নিযুক্তি নহয়। ফেডাৰল সংস্থাই  বছৰজোৰা প্ৰক্ৰিয়াৰ অন্তত নিজ নিজ ক্ষেত্ৰৰ হাজাৰ হাজাৰ বিশেষজ্ঞৰ মাজৰ পৰা এনে ব্যক্তিক নির্বাচন কৰে। ৰূপম শৰ্মাই শেহতীয়াকৈ স্বাস্থ্যসেৱাৰ সমাধান গঢ়ি তোলাৰ বাবে কেলিফর্ণিয়া ৰাজ্যৰ স্বাস্থ্য উন্নয়ন সেৱাৰ মুখ্য - প্রযুক্তি বিষয়া হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল।

 স্বাভাবিকতে অসমৰ বাবে আৰু বিশেষকৈ যোৰহাটৰ বাবে এয়া  অতিশয় গৌৰবৰ বিষয়। ১৯৯১ চনত আমেৰিকালৈ যোৱা যোৰহাটৰ ৰূপম শৰ্মাই আমেৰিকাত বিগত সময়ছোৱাত বহুকেইটা আগশাৰীৰ কোম্পানীৰ শীৰ্ষ পদত চাকৰি কৰাৰ উপৰি চৰকাৰী বিভাগৰো দায়িত্ব পালন কৰি আহিছে। সেয়ে ২৫ বছৰীয়া অভিজ্ঞতাৰে পুষ্ট ৰূপম শৰ্মাক যোৱা নৱেম্বৰত কেলিফ'র্ণিয়া চৰকাৰে স্বাস্থ্যসেৱা, কৃত্রিম বুদ্ধিমত্তা আৰু গৱেষণাৰ প্ৰযুক্তি তথা উদ্ভাৱনৰ ক্ষেত্ৰখনক নেতৃত্ব প্ৰদান কৰাৰ বাবে মুখ্য প্রযুক্তি বিষয়া হিচাপে নিযুক্তি দিছিল। যোৰহাট আৰু গোলাঘাট চৰকাৰী বালক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি যোৰহাটৰ জগন্নাথ বৰুৱা  মহাবিদ্যালয়ত প্রাক স্নাতক শিক্ষা গ্ৰহণৰ পাছত তেওঁ যোৰহাট ইঞ্জিনীয়াৰিং কলেজৰ পৰা ইলেক্ট্রিকেলৰ বি ই ডিগ্ৰী লাভ কৰিছিল। । পৰৱৰ্তী সময়ত তেওঁ আমেৰিকাৰ জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ পৰা পিএইছডি লাভ কৰে। তেওঁ মেনেজমেণ্টৰ স্নাতকোত্তৰ, কম্পিউটাৰ ছায়েন্সৰ স্নাতকোত্তৰ ডিগ্রীও মার্কিন শিক্ষা প্ৰতিষ্ঠানৰ পৰা লাভ কৰে। যোৰহাটৰ সন্তান ৰূপম শৰ্মা প্রকৃততে বহুমুখী প্রতিভাসম্পন্ন। আমেৰিকাত তেওঁ আলী আকব খানৰ ওচৰত হিন্দুস্তানী শাস্ত্রীয় সংগীতৰ শিক্ষাগ্ৰহণ কৰে। ইয়াৰ জৰিয়তে তেওঁ গ্ৰেমীৰ এজন সদস্য হিচাপে নির্বাচিত হয়। সংগীতৰ ক্ষেত্ৰখনত ৰূপম শৰ্মাৰ অগাধ দখল আছে। সেইকথা তেওঁ প্ৰতিপন্ন কৰিছে গিনীজ অভিলেখ প্রতিষ্ঠা কৰি । ৰূপম শৰ্মাই বিশ্ব শান্তিৰ হকে ৩১৫ বিধ পৃথক বাদ্যযন্ত্ৰৰ জৰিয়তে  ৫০ গৰাকী শিল্পীৰ দ্বাৰা এক সংগীতৰ ছিম্ফনী' সৃষ্টি কৰি গিনীজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিছিল। ইতিমধ্যে তেওঁ 'ইন চার্চ অব গড' নামৰ এখন ছবিও পৰিচালনা কৰিছে। তেওঁ নিৰ্মাণ কৰা ছবি আৰু তথ্যচিত্ৰ‌ই বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে। নিজে নিৰ্মাণ কৰা ছবি 'ইন চাৰ্ছ অব গড'ৰ সংগীতৰ বাবে ৰূপম শৰ্মাই মৌলিক সংগীতৰ অস্কাৰৰ  মনোনয়ন লাভ কৰিছিল। ৰূপম শৰ্মাই 'ৰান লিটল ফিংগাৰ' নামৰ এটা লাভদায়ক সংগঠন প্রতিষ্ঠা কৰি বিশ্বজুৰি শাৰীৰিকভাৱে অক্ষম আৰু পিছপৰা শ্ৰেণীৰ শিশুৰ শিক্ষা, গৱেষণা আৰু শাৰীৰিক বিকাশৰ ক্ষেত্ৰত ৰ সহায় কৰি আহিছে 

No comments