Breaking News

দৰং জিলাৰ লগতে কামৰূপ জিলাত ইটাৰ আকাশলংঘী মুল্যকলৈ উদ্বিগ্ন ৰাইজ


দৰং জিলাৰ লগতে কামৰূপ জিলাৰ ইটাভাটাৰ মালিক সমূহে অতি কম দিনৰ ব্যৱধানত হোৰা-হোৰে বঢ়াইছে ইটাৰ দাম। বিশেষকৈ দৰঙত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে ইটাৰ দাম । ১০ হাজাৰ টকাৰ বিপৰীতে এতিয়া ১৪ পৰা ১৬ হাজাৰালৈ বাঢ়িছে প্ৰতি হাজাৰ ইটাৰ দাম। যাৰবাবে ইয়াক লৈ উদ্বিগ্ন হৈ পৰিছে অঞ্চলবাসী ৰাইজ। তেওলোকৰ মাজত অকস্মাৎ ইটাৰ দাম বৃদ্ধিক লৈ নানা প্ৰশ্নৰ উদ্ভব হৈছে। তাৰে ভিতৰত অতি কম দিনত ক'ত, কেনেকৈ বাঢ়িল ইটাৰ দাম সেয়া এক বিশেষ ডাঙৰ প্ৰশ্ন হৈ পৰিছে । জানিব পৰা অনুসৰি দৰং জিলাৰ অন্তৰ্গত ছিপাঝাৰ, দুমুনিচুকি, বাহগঢ়া, ছপাই, জনাৰাম চ'ক, বেজপাৰা, খটৰা আদিকে ধৰি কেইবাটাও অঞ্চলত আছে বহু কেইটা ইটা ভাটা। এই আটাইবোৰ অঞ্চলত থকা ইটাভাটা সমূহে এনেদৰে হোৰা হোৰে ইটাৰ দাম বৃদ্ধি কৰি দিয়াত এতিয়া মুৰে কপালে হাত দিব লগীয়া হৈছে সৰ্বসাধাৰণ জনতাই । এতিয়া সাধাৰণ জনতাই ইটা ভাটা সমূহৰ বিৰুদ্ধে কৃ্ত্ৰিম নাটনি দেখুওৱাৰ অভিযোগ উত্থাপন কৰিছে । ৰাইজৰ অভিযোগ অনুসৰি বিভাগীয় গাইড লাইন উলংঘা কৰি এই ইটা ভাটা সমূহৰ প্ৰায় ৮০ শতাংশই নিজৰ কাম সম্পাদনা কৰি আছে । দাম বৃদ্ধি কৰাৰ বিপৰীতে ইটাৰ আকাৰ পূৰ্বতকৈ সৰু কৰাৰো উঠিছে অভিযোগ। তদুপৰি বহু ভাটাৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ NOC নথকাৰো অভিযোগ তুলিছে ৰাইজে । আনকি জিলা প্ৰশাসন তথা বন বিভাগৰ একাংশ ঘোচখোৰ কৰ্মচাৰী ও বিষয়াই এই নীতি বৰ্হিভূত ভাৱে চলাই থকা ইটা ভাটা সমূহৰ পৰা হয়তো মাহিলী বুজন পৰিমাণৰ ধন উৎকোচ হিচাপে লৈ থকাৰ বাবেই সেই ইটা ভাটা সমূহে নিজ খেয়াল খুছিৰে অবাধে তেওঁলোকৰ ব্যৱসায় চলাই যাব পাৰিছে বুলিও জিলা প্ৰশাসনৰ লগতে বনবিভাগৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ তুলিছে একাংশ ৰাইজে। আনহাতে কামৰূপ জিলাৰ বিভিন্ন স্থানত থকা ইটা ভাটা বোৰেও ইটাৰ মূল্য পূৰ্বতকৈ বহুখিনি বৃদ্ধি কৰি দিয়াত ৰাইজ অভাবনীয় ভাবে ইটাৰ মূল্যবৃদ্ধি হোৱাক লৈ চিন্তিত হৈ পৰি এই মূল্যবৃদ্ধিক লৈ ইটা ভাটাৰ লগতে প্ৰশাসনৰ ওপৰত নানা অভিযোগ উত্থাপিত কৰিছে । কামৰূপ জিলাৰো বিভিন্ন স্থানত ভালেসংখ্যক ইটা ভাটা সম্পূৰ্ণ নীতি বৰ্হিভূত তথা অবৈধভাৱে প্ৰশাসনৰ লগতে বন বিভাগৰ একাংশক মেনেজ কৰি চলাই থকা হৈছে বুলিও অভিযোগ তুলিছে একাংশ ৰাইজে। ইয়াৰ বাবেই হয়তো নিজ ইচ্ছাৰে ইটা ভাটা সমূহৰ মালিক সকলে ইটাৰ মূল্যবৃদ্ধি কৰি থকাৰ পিছতো প্ৰশাসনে বাধা আৰোপ কৰিব পৰা নাই বুলিও কামৰূপ প্ৰশাসনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলিছে ৰাইজে। যাৰবাবে প্ৰশাসনৰ ওপৰত ৰাইজৰ আস্থা ঘুৰাই আনিবলৈ শীঘ্ৰেই উপৰোক্ত অভিযোগ সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ইয়াৰ সমাধান কৰিবলৈ তথা ইটাৰ অভাবনীয় মূল্যবৃদ্ধি ৰোধ কৰি ৰাইজক সকাহ দিবলৈ দৰং জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ নাটেৰ লগতে কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীক নিজ নিজ জিলাৰ সচেতন ৰাইজে আহ্বান জনাইছে। এতিয়া ৰাইজৰ অভিযোগক গুৰুত্ব প্ৰদান কৰি ইটাৰ মূল্যৰোধেৰে ৰাইজক সকাহ দিবলৈ দুয়োখন জিলাৰ প্ৰশাসনৰ মুৰব্বী সকল আগবাঢ়িব নে ইটা ভাটাৰ মালিক গোষ্ঠীক আকাশলংঘী মূল্যৰে ৰাইজক মাধমাৰ খুৱাবলৈহে সুযোগ দিব সেয়া সময়তহে লক্ষ্যনীয় হব। 

No comments