Breaking News

এডিআৰৰ তথ্য অনুসৰি বেনাৰ্জীৰ বাদে প্ৰতিজন মুখ্যমন্ত্রী কোটিপতি

বৰ্তমান দেশৰ ৩০ জন মুখ্যমন্ত্ৰীৰ ভিতৰত ২৯ জনেই কোটিপতি। কোটিপতি নোহোৱা দেশৰ মুখ্যমন্ত্ৰী এগৰাকীয়েই, তেওঁ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। এছ'চিয়েচন ফ'ৰ ডেমক্রেটিক ৰিফৰ্মছ অর্থাৎ এডিআৰ নামৰ সংস্থাটোৱে এই তথ্য প্ৰকাশ কৰিছে। 

নিৰ্বাচনৰ সময়ত দাখিল কৰা শপতনামা পৰীক্ষা কৰি এডিআৰে এই তথ্য ৰাজহুৱা কৰিছে। সেই তথ্য অনুসৰি দেশৰ ২৯ জন মুখ্যমন্ত্ৰীৰ মুঠ সম্পত্তিৰ পমিাণ ৩৩.৯৬ কোটি টকা। সকলো মুখ্যমন্ত্ৰীৰ ভিতৰত ধনকুবেৰ মুখ্যমন্ত্ৰী হৈছে অন্ধ্ৰপ্ৰদেশৰ জগনমোহন ৰেড্ডী। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৫১০ কোটি টকা। দেশৰ আটাইতকৈ দৰিদ্ৰ মুখ্যমন্ত্ৰী হৈছে মমতা বেনাৰ্জী । পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সম্পত্তিৰ পৰিমাণ মুঠেই ১৫ লাখ টকা।জগনমোহন ৰেড্ডীৰ পাছতে দ্বিতীয় চহকী মুখ্যমন্ত্ৰী অৰুণাচল প্ৰদেশৰ পেমা খাণ্ডুৰ সম্পত্তিৰ পৰিমাণ ১৬৩ কোটি টকা আৰু তৃতীয় স্থানৰ চহকী মুখ্যমন্ত্ৰী ওড়িশাৰ নবীন পট্টনায়কৰ সম্পত্তিৰ পৰিমাণ হৈছে ৬৩ কোটি টকা। আনহাতে, মমতা বেনাৰ্জীৰ ঠিক ওপৰত স্থান পাইছে ক্ৰমে কেৰালাৰ পিনাৰাই বিজয়ন আৰু হাৰিয়ানাৰ মুখ্যমন্ত্রী মনোহৰলাল খাট্টাৰে। দুয়োৰে সম্পত্তিৰ পৰিমাণ ১ কোটি টকাতকৈ সামান্য ওপৰত।

No comments