Breaking News

বিস্ফোৰণত আহত বলিউডৰ তাৰকা সঞ্জয় দত্ত

 


শ্বুটিঙত একচন দৃশ্যত অভিনয় কৰাৰ সময়ত সংঘটিত বোমা বিস্ফোৰণত আঘাতপ্রাপ্ত হৈছে সঞ্জয় দত্ত। কানাড়া ছবি কেডি- ৰ শ্বুটিং চলি থকাৰ সময়ত ছবিৰ একচন দৃশ্যৰ প্ৰয়োজনত সংঘটিত কৰা বিস্ফোৰণত মুখ, হাত আৰু চকুত আঘাত পাইছে সঞ্জয় দত্তই। বুধবাৰে বেংগালুৰুৰ সমীপৰ মাগাৰি ৰোড অঞ্চলত কেডি নামৰ কানাড়া ছবিখনৰ শ্বুটিং হৈ আছিল আৰু তাৰে এটা একচন দৃশ্যত ভাগ লৈছিল বলীউডৰ তাৰকাজনে। ছবিৰ ইউনিটে সবিশেষ নজনালেও সঞ্জয় দত্তৰ আঘাত নিচেই সামান্য নহয় বুলি প্ৰকাশ। সঞ্জয় দত্ত বিস্ফোৰণত আঘাতপ্ৰাপ্ত হোৱাৰ লগে লগে ছবিখনৰ শ্বুটিং বন্ধ কৰি দিয়া হয়। তেওঁক শ্বুটিংস্থলীতে প্রাথমিক চিকিৎসা প্ৰদান কৰি চিকিৎসালয়লৈ নিয়া হয়। সঞ্জয় দত্তই এই ছবিখনত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনত নায়কৰ চৰিত্ৰত অভিনয় কৰিছে মার্টিন-খ্যাত দক্ষিণৰ তাৰকা ধ্রুব ছাৰজাই । তেওঁ সুস্থ হৈ নুঠালৈকে ছবিৰ শ্বুটিং বন্ধ ৰখা হ'ব বুলি ঘোষণা কৰা হৈছে। উল্লেখ্য, ইয়াৰ পূৰ্বে সঞ্জয় দত্তই কেজিএফ চেপ্টাৰ-১ আৰু কেজিএফ চেপ্টাৰ-২ নামৰ দক্ষিণৰ ছবি দুখনত অভিনয় কৰিছিল। উল্লেখ্য যে কেডি নামৰ ছবিখন কানাড়া ভাষাৰ উপৰি তামিল, তেলুগু, মালয়ালম আৰু হিন্দী ভাষাত মুক্তি দিয়া হ'ব।

No comments