Breaking News

আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৱাহাটী এইম্‌ছ উদ্বোধন

আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাংসাৰিত উদ্বোধন কৰিলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান চমুকৈ এইমছ, গুৱাহাটী। প্রায় ১,১২৩ কোটি টকা ব্যয়ৰে এইমছ গুৱাহাটীৰ নিৰ্মাণ প্রায় ৮৫ শতাংশ সম্পূৰ্ণ হৈছে। ৭৫০ খন বিচনাযুক্ত গুৱাহাটী এইমছত প্ৰতিবছৰে ১০০ জনকৈ ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব পাৰিব। প্ৰায় ১৮৯.২০ একৰ মাটি কালি সামৰি নিৰ্মাণ কৰা এই এইমছ গুৱাহাটীখন অহা তিনি-চাৰি মাহৰ ভিতৰত সম্পূৰ্ণ সাজু হৈ উঠিব। বৰ্তমান এইমছ গুৱাহাটীত ১৯৯ জন এমবিবিএছ শিক্ষার্থী, ১২৫ গৰাকী নাৰ্চিং বিষয়া আৰু ১২ জন জ্যেষ্ঠ আবাসী আছে। গুৱাহাটী এইমছে ভবিষ্যতে কৰা পৰিকল্পনা তথা সুবিধা সমূহৰ ভিতৰত আছে ৭২০ খন বিছনাযুক্ত চিকিৎসালয় কমপ্রেক্স, ১২৫ খন অসমৰ চিকিৎসা মহাবিদ্যালয়, ৭৫ খন আসনৰ নাৰ্চিং কলেজ, ৩০ খন বিচনাযুক্ত আয়ুষ ব্লক, শিক্ষক-কর্মচাৰীৰ বাবে আৱাসিক ভৱন, আউটড'ৰ-ইনড'ৰ ক্ৰীয়া সুবিধা, এম্পি থিয়েটাৰ, নিশাৰ অতিথিশালা, প্রেক্ষাগৃহ, ইত্যাদি।

     আনহাতে আজিৰ উদ্বোধনী অনুষ্ঠানৰ বাবে ন-কইনাৰ ৰূপত সজাই তোলা হৈছে গুৱাহাটী এইম্‌ছ।ৰাজ্যত বিজেপিৰ অভূতপূৰ্ব উত্তৰণৰ স্বাক্ষৰ বহনকাৰী ২০১৬ চনৰ  বিধানসভাৰ প্ৰাক নির্বাচনোত্তৰ ক্ষণত কামৰূপ জিলাৰ চাংসাৰিত  সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান চিকিৎসা প্রতিষ্ঠান স্থাপনৰ সপোন সপোন  যেন লগা বতৰাই আজি পূর্ণতা লাভ কৰিলে।অসম তথা উত্তৰ পূৰ্বাঞ্চলবাসীয়ে ২০১৬ চনৰে পৰা প্ৰায় ৭ বছৰ জুৰি অধীৰ আগ্ৰহৰে কৰি থকা অপেক্ষাৰ লগে-লগে ৰাজ্যৰ স্বাস্থ্যখণ্ডত সংযোজন ঘটিলে উত্তৰণৰ এক যুগান্তকাৰী পৰিৱৰ্তন। উল্লেখ্যযোগ্য যে, ২০১৬ চনৰ বিধানসভাৰ প্ৰাক নির্বাচনোত্তৰ ক্ষণত জিলাখনৰ জালুকবাৰী সমষ্টিৰ এটা জলাহত  পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিষ্ঠানখন স্থাপনৰ বিষয়ে এখন নির্বাচনী সভাত বর্তমানৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ইয়াত অপ্রত্যাশিতভাৱে ঘোষণা কৰিছিল। ইয়াৰ পাছত দলটোৰ সাংসদ, নেতা- কৰ্মীয়েও ইয়াৰ প্ৰতিবাদ কৰাই নহয়, দিল্লীৰ সেউজ ন্যায়াধীকৰণত ইয়াৰ বিৰুদ্ধে গোচৰো তৰা হৈছিল। তাৰ পাছতো নামনিৰ লগতে পশ্চিম অসমৰ ৰাইজৰ সৱল স্থিতি আৰু মন্ত্ৰী ড° শৰ্মাৰ দৃঢ় স্থিতিৰ বাবে সকলো বাধা-বিঘিনি আঁতৰ হয়। নিশ্চিতভাৱে গোচৰৰ বাবে ৰাইজে এই সেৱা লাভৰ বাবে কিছুদিন বেছিকৈ অপেক্ষা কৰিব লগা হ'ল। ইতিমধ্যে শুকুৰবাৰে সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান চিকিৎসা প্রতিষ্ঠানখন শুভ উদ্বোধন কৰিবলৈ আজি প্ৰায় ১২ বজাত প্ৰধানমন্ত্রী নৰেন্দ্র মোদী উপস্থিত হয়। এই প্ৰকল্পৰ ১১২৩ কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ কৰি উলিওৱা ৭৫০খন বিছনাযুক্ত এইমছ প্রতিষ্ঠানখন শুভ উদ্বোধনৰ পাছতে উত্তৰ-পূবৰ স্বাস্থ্যখণ্ডত সূচনা হয় এক নতুন দিগন্তৰ। ইয়াৰ বাবে প্রস্তুতি তুংগত উঠিছে। অৱশ্যে সদ্যহতে ১৫০ খন বিছনাহে এইমছত উপলব্ধ হ'ব। বাকীখিনি বিছনাৰ বাবে আৰু কিছু সময়ৰ প্রয়োজন হ'ব। কিয়নো আন্তঃবিভাগৰ বৃহৎ অট্টালিকাটো সম্পূর্ণ ণ হ'বলৈ এতিয়াও বহু বাকী আছে। ইতিমধ্যে প্রধানমন্ত্ৰীৰ আগমনৰ বাবে অসম আৰক্ষী, প্ৰশাসনৰ লগতে চৰকাৰৰ প্ৰায়বোৰ বিভাগীয় বা দায়িত্ববাহী বিষয়াৰ মাজত অধিক তৎপৰতা পৰিলক্ষিত হৈছে।উজ্বলাই তোলা হৈছে এইমছৰ চৌহদ। সুন্দৰকৈ নিৰ্মাণ কৰি তোলা হৈছে এইমছৰ প্ৰৱেশদ্বাৰ, মূলপথকে ধৰি ঘাইপথৰ কেইবা  কিলোমিটাৰজোৰা অংশ।কালি দিনে-নিশাই শ শ শ্রমিকৰ জৰিয়তে চাফ-চিকুণতাৰে মনোমোহা পৰিবেশত সকলোবোৰ ব্যৱস্থাপনাই অতি সুন্দৰ ৰূপত গঢ়ি তোলা হয়। মুঠৰ ওপৰত ন কইনাক সজোৱাৰ দৰেই আজিৰ এইমছৰ উদ্বোধনী অনুষ্ঠানক কেন্দ্ৰ কৰি সজাই পৰাই তোলা হয় সমগ্ৰ চাংসাৰিৰ পৰিৱেশ। চৌদিশে বিৰাজমান কেবল উছাহৰ ঢল আৰু দৃষ্টিনন্দন পৰিৱেশ। 

No comments