Breaking News

পুলৱামা-কাণ্ডত গৃহদপ্তৰৰ গাফিলতি:সত্যপাল মালিকৰ ভাষ্যত তোলপাৰ বিজেপি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত দেশৰ চাৰিখনকৈ ৰাজ্যত ৰাজ্যপালৰ দায়িত্ব লাভ কৰা আৰু  নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ বিজেপি নেতা উত্তৰ প্ৰদেশৰ সত্যপাল মালিকে পুলৱামাৰ চিআৰপিএফৰ ওপৰত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক লৈ ৰণ থাপাৰক দিয়া বিস্ফোৰক সাক্ষাতকাৰে  মোদী চৰকাৰৰ অভ্যন্তৰত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে। তোলপাৰ লাগিছে দেশৰ বৃহত্তম ৰাজনৈতিক দল বিজেপিতো। ‘দ্য বায়াৰ’ত ৰণ থাপাৰক দিয়া এই বিস্ফোৰক সাক্ষাতকাৰত সত্যপাল মালিকে এই ঘটনাৰ বাবে মোদী চৰকাৰক প্রত্যক্ষভাৱে জগৰীয়া কৰিছে। সেই সময়ত সত্যপাল মালিক জম্মু- কাশ্মীৰৰ ৰাজ্যপাল হৈ আছিল। ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত জম্মু- কাশ্মীৰলৈ গৈ থকা এক হাজাৰৰো অধিক চিআৰপিএফৰ কনভয়ত পুলৱামাত এটা ভয়ংকৰ সন্ত্ৰাসবাদী আক্রমণ সংঘটিত হৈছিল। এখন গাড়ীত বোজাই কৰি লোৱা তিনিশ কিলোগ্ৰামৰো অধিক বিস্ফোৰকেৰে সন্ত্ৰাসবাদীয়ে এটা আত্মঘাতী আক্রমণ সংঘটিত কৰিছিল আৰু থিতাতে ৪০ জন চিআৰপিএফৰ জোৱানৰ মৃত্যু হৈছিল। পৰৱৰ্তী সময়ত নিহতৰ সংখ্যাই ৫০ অতিক্ৰম কৰিছিল। সেই ঘটনা সংঘটিত হোৱাৰ পাছতে তেতিয়াৰ জম্মু-কাশ্মীৰৰ ৰাজ্যপাল সত্যপাল মালিকে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক এই ঘটনাৰ বাবে সামগ্রিকভাৱে কেন্দ্ৰীয় চৰকাৰ আৰু বিশেষভাৱে কেন্দ্রীয় গৃহমন্ত্ৰণালয় জগৰীয়া বুলি অভিযোগ কৰিছিল। পিছে প্রধানমন্ত্ৰী মোদীয়ে ৰাজ্যপাল সত্যপাল মালিকক এই ঘটনা সন্দৰ্ভত কোনো মন্তব্য নকৰি চুপ হৈ থাকিবলৈ নিৰ্দেশ দিয়ে। কৰণ থাপাৰক সাক্ষাতকাৰটোত সত্যপাল মালিকে কয়— 'ঘটনাৰ সময়ত প্রধানমন্ত্রী মোদীয়ে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত এটা বেচৰকাৰী টিভি চেনেলৰ এটা অনুষ্ঠানৰ শ্বুটিঙত ব্যস্ত আছিল। তেওঁ ঘটনাটোৰ বিষয়ে তেতিয়া একো জনা নাছিল। শুটিঙৰ পৰা ওলাই আহি এখন ধাবাৰ পৰা মোদীয়ে মোক ফোন কৰে। ম‍ই তেওঁক কওঁ, এই ঘটনাৰ বাবে গৃহমন্ত্ৰণালয় আৰু কেন্দ্ৰীয় চৰকাৰেই জগৰীয়া। চিআৰপিএফে এই পৰিবহণৰ বাবে পাঁচখন বিমান বিচাৰিছিল। কিন্তু গৃহমন্ত্রণালয়ে তেওঁলোকৰ অনুৰোধ নামানিলে । আচলতে এনেদৰে ইমান বিশাল কনভয় অশান্তজৰ্জৰ ৰাজ্যৰ মাজেৰে যোৱাটো নিৰাপদ নহয় । ম‍ই সেই কথা কোৱাৰ লগে লগে মোদীয়ে মোক ক'লে— তুম অভী চুপ ৰহো। ইয়ে কুচ অউৰ চিজ হে।' লগে লগে ম‍ই মুখ বন্ধ কৰি থাকিলোঁ। পাছত এই সন্ত্রাসবাদী আক্রমণক বিজেপিয়ে ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত জনতাৰ আবেগ হিচাপে ব্যৱহাৰ কৰিলে। সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাটো বিজেপিয়ে কৌশলপূর্ণভাৱে পাকিস্তানৰ পিনে পোনাবলৈ সক্ষম হ'ল। অথচ ১০-১৫ দিন ধৰি ৩০০ কেজি বিস্ফোৰক বোজাই কৰা গাড়ীখন সেই অঞ্চলত ঘুৰি আছিল। সেই কথা সকলোৱেই জানিছিল। কিন্তু কোনেও গাড়ীখন জব্দ কৰা নাছিল। পুলৱামাৰ সেই পথত কাষৰ পৰা আহি ৮-১০ টা পথৰ সংযোগ ঘটিছিল। সেই আটাইকেইটা পথৰ এটাটো কোনো নিৰাপত্তা ব্যৱস্থা নাছিল। প্ৰত্যেকটো পথ আছিল মুক্ত। তাৰে এটা পথেৰে আহিয়েই বিস্ফোৰক ভর্তি গাড়ীখনে চিআৰপিএফৰ কনভয়ত খুন্দা মাৰে আৰু এই শোকাবহ ঘটনাটো সংঘটিত হয়। তেওঁৰ পুনৰ কয়— ‘অজিত ডোভালেও মোক এই ঘটনা সন্দৰ্ভত মুখ বন্ধ কৰি ৰাখিবলৈ কয়। ডোভাল মোৰ সহপাঠী আছিল। তেওঁ মোক বুজাই ক'লে, এই বিষয়টো লৈ তুমি একো নামাতিবা। ইয়াৰ আঁৰত বেলেগ ঘটনা আছে। মই মনে মনে থাকিবলৈ বাধ্য হ'লো।

সাক্ষাতকাৰত সত্যপাল মালিকে কয় যে বিষয়টো বিজেপিয়ে পাকিস্তানৰ দিশে পোনাবলৈ লোৱাতো তেওঁ লগে লগে বুজি গৈছিল। ঘটনা কেনেকৈ হ'ল আৰু কোনে সংঘটিত কৰিলে সেই বিষয়ে দেশৰ জনতাক জনোৱাতকৈ বিজেপিয়ে বিষয়টো নির্বাচনকেন্দ্ৰিক কৰি তুলিলে । সত্যপাল মালিকে কৰণ থাপাৰৰ সৈতে হোৱা সাক্ষাতকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ একো খবৰ নাজানে বুলি ভয়ংকৰ মন্তব্য কৰে। তদুপৰি কেলেংকাৰিক লৈয়ো তেওঁ মুঠেই চিন্তিত নহয় বুলি মন্তব্য কৰে। বিজেপি শাসিত ৰাজ্যত সংঘটিত কেলেংকাৰিৰ বিষয়ে ৰাজ্যপাল হৈ থকা অৱস্থাত সত্যপাল মালিকে মোদীক বিভিন্ন খবৰ দিলেও মোদীয়ে সেই সকলো খবৰ উপেক্ষা কৰে বুলি তেওঁ সাক্ষাতকাৰত মন্তব্য কৰে । কৃতি গোৱাত সংঘটিত দুৰ্নীতিৰ বিষয়ে তেওঁ একাধিকবাৰ মোদীক কোৱাৰ বাবেই তেওঁক গোৱাৰ পৰা দৌৰা-দৌৰিকৈ আঁতৰাই অনা হ'ল বুলি সাক্ষাতকাৰটোত কয়। কৰণ থাপাৰৰ সৈতে হোৱা সাক্ষাতকাৰত প্রগতি সত্যপাল মালিকে পূর্বে অমিত শ্বাহ সন্দৰ্ভত কৰা মন্তব্য প্রত্যাহাৰ কৰি কৌশলপূর্ণভাৱে অমিত শ্বাহক ৰক্ষণাবেক্ষণ দিয়ে।

 সত্যপাল মালিকৰ এই বিস্ফোৰক সাক্ষাতকাৰ সন্দৰ্ভত বিজেপিৰ কোনো আগশাৰীৰ নেতা আৰু মন্ত্ৰীয়ে একো মন্তব্য কৰা নাই। আনকি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ো এই সন্দৰ্ভত নীৰৱ হৈ আছে। মোদীৰ সন্দৰ্ভত কোনো বিৰূপ মন্তব্য কৰিলে একেলগে বহুকেইজন মন্ত্রী আৰু বিজেপি নেতাই প্রত্যাক্রমণ কৰাটো অভ্যাসত পৰিণত হৈছে যদিও এইক্ষেত্ৰত সকলোৱেই আচৰিতভাৱে নীৰৱ । কেৱল বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মালব্যই এই সাক্ষাতকাৰ সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰিছে। তেওঁ কৈছে, সত্যপাল মালিকে পূৰ্বে কোনো মন্তব্য কৰি পাছত সেই মন্তব্য সলনি কৰা আৰু প্ৰত্যাহাৰ কৰাৰ বহু উদাহৰণ আছে। সেয়ে তেওঁৰ এই সাক্ষাতকাৰক লৈ কংগ্ৰেছে বেছি ফুৰ্তি কৰি লাভ নাই। যিকোনো মুহূৰ্তত তেওঁ এই মন্তব্যও সলনি কৰিব পাৰে। আনহাতে, কংগ্ৰেছ কেন্দ্র দলৰ একাধিক নেতাই এই সন্দৰ্ভত বিজেপি আৰু মোদী চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে। কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খৰ্গেৰ উপৰি দলৰ জনসংযোগ বিভাগৰ তিনি নেতা-নেত্রী ক্রমে জয়ৰাম ৰমেশ, পৱন খেড়া আৰু সুপ্রিয়া শ্রীনাতেই সাংবাদিক সন্মিলন অনুষ্ঠিত কৰি বিজেপিৰ পৰা আৰু মোদী চৰকাৰৰ পৰা এই সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰিছে। 

No comments