Breaking News

ডুমডুমাৰ সমীপৰ বৰহাপজানৰ শুকানগুৰি চাহ বাগিচাৰ পৰা দুষ্প্ৰাপ্য ঈগল উদ্ধাৰ ।


তিনিচুকীয়া জিলাৰ ডুমডুমা সমীপৰ বৰহাপজানৰ শুকানগুৰি চাহ বাগিচাৰ পৰা এটা দুষ্প্ৰাপ্য ঈগল চৰাই উদ্ধাৰ কৰা হয় । চাহ বাগিচাখনৰ দুগৰাকী কৰ্মচাৰীয়ে আঘাতপ্ৰাপ্ত এটা দুষ্প্ৰাপ্য ঈগল চৰাই প্ৰত্যক্ষ কৰি ডুমডুমাৰ বন বিভাগক খবৰ দিয়ে । বন বিভাগৰ লোকসকলে প্ৰকৃতিপ্ৰেমী লোকসকলৰ সহযোগত এই দুষ্প্ৰাপ্য ঈগল চৰাইটো উদ্ধাৰ কৰে । পৰৱৰ্তী সময়ত Wildlife Trust of Indiaৰ গুইজানস্থিত বন্যপ্ৰাণীৰ পুণ:সংস্থাপন কেন্দ্ৰলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় । উদ্ধাৰ হোৱা ঈগলটোৰ পাখিত সামান্য পৰিমানে আঘাতপ্ৰাপ্ত বুলি জানিব পৰা গৈছে ।

No comments