Breaking News

চীনকে তথা বিভিন্ন দেশ, বিবিচিসহ বহু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বিহুৰ বিশ্ব অভিলেখৰ বিশেষ প্ৰতিবেদন



বিহুৱে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছথ স্বীকৃতি লাভৰ পাছৰে পৰা সমগ্ৰ বিশ্বতে বন্দিত তথা চৰ্চিত হৈছে অসমৰ বিহুনৃত্য। বিশ্বৰ বিভিন্ন প্ৰান্তত উচ্চ প্রশংসিত হৈছে বিহু। দেশ-বিদেশৰ আগশাৰীৰ সংবাদ মাধ্যমে সবিস্তাৰে প্ৰকাশ কৰিছে বিহু নৃত্যই গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰাৰ বাতৰি। বিদেশী সংবাদ মাধ্যমৰ শিৰোনামত ঠাই পাইছে বিহুৱে । আনকি চীন দেশৰ বহুল প্ৰচাৰিত বাতৰি কাকত পিপুল্‌ছ ডেইলীয়েও ফটোসহ পৰিৱেশন কৰিছে এই অভিলেখৰ বাতৰি । চীন দেশৰ শাসনাধিস্থ চৰকাৰৰ দ্বাৰা নিয়ন্ত্রিত পিপুল্‌ছ ডেইলীয়ে লিখিছে— ‘ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসমে এক ইতিহাস গঢ়িলে এখন স্থানতে সৰ্বাধিকসংখ্যক বিহুৱা-বিহুৱতীৰ দ্বাৰা বিহু নৃত্য পৰিবেশন কৰি। বৃহস্পতিবাৰে বিয়লি অসমৰ প্ৰধান চহৰ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত পৰিৱেশন কৰা বিহু নৃত্যই গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছ গঢ়ে। চৰকাৰী তথ্য অনুসৰি ১১,৩০৪ বিহুৱা- বিহুৱতী আৰু ঢুলীয়াই  এই বিহু নৃত্য পৰিৱেশন কৰে। ২,৫৪৮জন অসমীয়া ঢুলীয়াই সমবেত হৈ বিহুৱতীৰ সৈতে সহযোগ কৰি পূৰ্বৰ অভিলেখ ভংগ কৰে। পূৰ্বতে ১,৩৫৬জন ঢুলীয়াই একেলগে ঢোল বাদন কৰি অভিলেখ গঢ়িছিল।’ বিবিচিৰ দৰে সম্ভ্ৰান্ত সংবাদ প্রতিষ্ঠানেও বিহু নৃত্যৰ এই অভিলেখক উচ্চ প্ৰশংসা কৰি সবিস্তাৰে বাতৰি পৰিৱেশন কৰে। লক্ষণীয়ভাৱে ১৩  এপ্ৰিলৰ বিয়লি সৰুসজাইৰ বিহু নৃত্যই গঢ়া এই বিশ্ব অভিলেখৰ বাতৰি বিদেশৰ প্ৰায়বোৰ টেলিভিশ্বন চেনেল আৰু সংবাদ-পত্ৰই গুৰুত্বসহকাৰে প্ৰকাশ কৰে। কেৱল ১৩ এপ্রিলে নহয়, ১৪ এপ্ৰিলৰ বিয়লি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত পৰিৱেশন কৰা বিহু নৃত্যই ইতিমধ্যে সমগ্ৰ বিশ্বত খলকনিৰ সৃষ্টি কৰিছে। বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বিহু নৃত্যই। ১৩ আৰু ১৪ এপ্রিল— এই দুয়োদিনে টেলিভিশ্বনৰ পৰ্দাত দেশ-বিদেশৰ হাজাৰ হাজাৰ লোকে তন্ময় হৈ উপভোগ কৰে বিহু নৃত্য। অপৰিচিত লোকৰ বাবেও নিমিষতে যেন পৰিচিত হৈ পৰে ঢোল, পেঁপা, গগণাৰ সুৰীয়া মাত, ঢোলৰ চেওঁ। বিহুৱা-বিহুৱতীৰ ৰং- বিৰঙী সাজ-পোচাকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। বিহুৱতীয়ে ব্যৱহাৰ কৰা গামখাৰু, মুঠিখাৰু, কপৌফুলৰ সৈতে যেন প্ৰথমবাৰৰ বাবে পৰিচিত হয় বিশ্ববাসী। ১৩ এপ্ৰিলৰ বিয়লি বিহুৱতীসকলে মুগাৰ লগতে হাতে বোৱা নানাৰঙী মেখেলা-চাদৰ পৰিধান কৰি এক দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰে। ১৪ এপ্ৰিলত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত যি ১১ হাজাৰ বিহুৱতীয়ে বিহুনৃত্য প্ৰদৰ্শন কৰে তেওঁলোক সকলোৱে সম্পূৰ্ণ মুগাৰ সাজ পৰিধান কৰিছিল। এই মুগাৰ সাজে অধিক উদ্ভাসিত কৰি তোলে সমগ্র পৰিৱেশটোক। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েও বিহুৰ তালে তালে হাত চাপৰি বজাই তন্ময় হৈ উপভোগ কৰে বিহুনৃত্য। বিহুৰ এই বিশ্বমুখী যাত্রাক হিয়া উজাৰি আদৰণি জনাইছে দেশ-বিদেশৰ সংবাদপত্র আৰু টেলিভিশ্বন চেনেলেসমূহে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নিজৰ ভাষণত বিহু আৰু অসমৰ সংস্কৃতিক উচ্চ প্ৰশংসা কৰে। সমগ্ৰ দেশবাসীৰ সন্মুখত বিহুক গৌৰৱেৰে সৈতে উপস্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে। উল্লেখ্য যে এইবাৰ বাংলাদেশ, চিদনী, ইটালী, অস্ট্রেলিয়া, ইংলেণ্ড, আমেৰিকা আদিৰ লগতে কলকাতা, দিল্লী আদি ঠাইতো উলহ-মালহেৰে সৈতে  বিহু উদযাপন কৰে প্ৰবাসী অসমীয়াসকলে। দেশ-বিদেশৰ ইউটিউব চেনেল আৰু আগশাৰীৰ প'ৰ্টেল সমূহতো সৰুসজাইৰ বিহুৱে আগস্থান লাভ কৰা দেখা গ'ল।

No comments