Breaking News

এবছুৰ উদ্যোগত বিহুৰ পাছত বিশ্ব ৰেকৰ্ডৰ পথত এইবাৰ বাগৰুম্বা

অসমীয়াৰ আৱেগ বিহু নৃত্যৰ পাছতেই বিশ্ব দৰবাত প্রতিষ্ঠিত হ'ব বড়োসকলৰ বাগৰুম্বা নৃত্য । অৱশ্যে বিহুৰ বিশ্ব ৰেকৰ্ড ভংগ কৰিব চিখলাই বাগৰুম্বাই। নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত ২০ হাজাৰ শিল্পীয়ে অহা বছৰত গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে বাগৰুম্বা নৃত্য পৰিৱেশন কৰিব বুলি আশ্বাস দিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ এই আশ্বাসৰ কথা ৰাজহুৱা কৰিছে এবছু নেতৃত্বই। বৃহস্পতিবাৰে তেজপুৰত অনুষ্ঠিত ৰংজালী বৈশাগু আই এ উদযাপনস্থলীত এবছুৰ নেতৃত্বই ২০ হাজাৰ শিল্পীয়ে অহা বছৰ বাগৰুম্বা নৃত্য পৰিৱেশন কৰি বিশ্ব ৰেকৰ্ড কৰিব বুলি ৰাজহুৱাকৈ গুৱাহাটী ঘোষণা কৰিছে। বাগৰুম্বা নৃত্যক বিশ্ব দৰবাৰলৈ নিয়া পৰিকল্পনাৰ সন্দৰ্ভত এবছুৰ উপদেষ্টা কে স্বর্গীয়াৰীয়ে কয় যে — "১৪ বিশেষ এপ্ৰিলত বিহু নৃত্যই গীনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িলে। ১১,৩০৪ গৰাকী নাচনী- ঢুলীয়াই অসম চৰকাৰৰ পৃষ্ঠপোষকতাত যিদৰে সৰুসজাইত বিশ্ব ৰেকৰ্ড কৰিলে, ঠিক সেই দৰে অহা বৰ্ষৰ ব'হাগতো বাগৰুম্বা নৃত্যৰ গীনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ প্রতিশ্রুতি দিছে মুখ্যমন্ত্ৰীয়ে। এবছুৱে নেতৃত্ব ল'বলগীয়া বাগৰুম্বা নৃত্যত ২০ হাজাৰ শিল্পীয়ে অংশ ল'ব । এতিয়াৰে পৰা বাগৰুম্বা নৃত্যৰ আখৰা আৰম্ভ কৰিছো। অসম চৰকাৰৰ মুখ্যমন্ত্রীয়ে আমাক সকলো ধৰণৰ সহায় কৰাৰ আশ্বাস দিছে।" উল্লেখ্য যে, ইতিপূর্বে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মায়ো বিহুৰ পাছত বাগৰুম্বা নৃত্যই গীনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িব বুলি সদৰী কৰিছিল। এই দুটা ৰেকৰ্ডৰ পাছত খোল বাদনৰো বিশ্ব ৰেকৰ্ডৰ প্রতিশ্রুতি দিছিল মুখ্যমন্ত্ৰীয়ে। কিন্তু ৰাজকোষৰ শ শ কোটি টকা ব্যয় কৰি চৰকাৰে এটাৰ পাছত এটা বিশ্ব ৰেকৰ্ডৰ অনুষ্ঠান আয়োজনক লৈ প্রতিক্রিয়া ব্যক্ত কৰিছে বি পি এফৰ বিধায়ক দুৰ্গা দাস বড়োৱে। এই সন্দৰ্ভত শাসকীয় বিজেপিৰ মিত্ৰদলৰ বিপিএফ বিধায়কজনে সংবাদ মাধ্যমৰ আগত কয়— "হিমন্ত বিশ্ব শৰ্মাই বিধায়িনী দলৰ বৈঠকতো কৈছে যে বিহুৰ বিশ্ব ৰেকৰ্ডৰ পাছত গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে বাগৰুম্বা নৃত্য কৰিব। কলা-সংস্কৃতিৰ ওপৰত চৰকাৰে গুৰুত্ব দিয়া বিষয়টোত আমাৰ ক'বলগীয়া একো নাই। কিন্তু কলা-সংস্কৃতিক গুৰুত্ব দিবলৈ যাওঁতে এটাৰ পাছত এটাকৈ সম্প্ৰসাৰিত হৈ থাকে আৰু ইয়াক যদি চৰকাৰী আর্থিক সাহাৰ্যত কৰিবলগীয়া হয়, তেনেহ'লে কিমান দিনলৈ চৰকাৰে এনেদৰে আৰ্থিক সাহায্যৰে অনুষ্ঠান কৰিব তাক বিবেচনা কৰাটো উচিত।"

No comments