Breaking News

চীনক চেৰ পেলাই বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হ'লগৈ ভাৰত

বিশ্বৰ ভিতৰতেই সৰ্বাধিক জনসংখ্যা থকা দেশ হিচাপে খ্যাত চীনৰ পৰা‌‌ এই খ্যাতি কাঢ়ি আনিবলৈ সক্ষম হৈছে ভাৰতে। চলিত বছৰতে ভাৰতে জনসংখ্যাৰ দিশৰ পৰা‌ চীনক অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰসংঘৰ ‘পপুলেচন ফাণ্ডে' (ইউ এন পি এফ এ) বুধবাৰে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি সম্প্রতি ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা ১৪২ কোটি ৮৬ লাখ। আনহাতে, চীনৰ জনসংখ্যা হৈছে ১৪২ কোটি ৫৭ লাখ। ৰাষ্ট্ৰসংঘৰ সমীক্ষা অনুসৰি সম্প্ৰতি চীনতকৈ ভাৰতৰ জনসংখ্যা ২৯ লাখ অধিক। তাৎপর্যপূর্ণ বিষয় এয়াই যে, ভাৰতৰ জনসংখ্যাৰ সঠিক হিচাপ ৰাষ্ট্ৰসংঘৰ ওচৰত নাই। কিয়নো ১৪০ বছৰ ধৰি প্ৰতি দহ বছৰৰ বিৰতিত ভাৰতত লোকপিয়ল হৈ থাকিলেও মোদী চৰকাৰে ২০২১ চনৰ লোকপিয়ল নকৰিলে। ক’ভিড অতিমাৰীৰ বাবে মোদী চৰকাৰে 202১ ৰ লোকপিয়ল ২০২২ চনলৈ পিছুৱাই দিছিল। কিন্তু ২০২২ চনতো লোকপিয়ল নকৰি মোদী চৰকাৰে সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্যত লোকপিয়ল ২০২৪ চনলৈ পিছুৱাই দিছে। সেয়ে ৰাষ্ট্ৰসংঘই ২০১১ চনৰ লোকপিয়ল আৰু তেতিয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতৰ জনসংখ্যাৰ আনুমানিক হিচাপ দিছে। ৰাষ্ট্ৰসংঘৰ জনসংখ্যা হিচাপ আৰু প্ৰক্ষেপন বিভাগৰ মুৰব্বী পেট্রিক গালেণ্ডে বিবিচিৰ সৈতে হোৱা সাক্ষাতকাৰত এই কথা জনাইছে আৰু ভাৰতৰ জনসংখ্যাৰ হিচাপ আংশিক আৰু আনুমানিক বুলি প্ৰকাশ কৰিছে। ভাৰতৰ পৰা কোনো প্রকৃত পৰিসংখ্যা অহা নাই আৰু আমি পোৱা নাই। ভাৰতৰ জনসংখ্যা বিশ্বৰ ভিতৰত সৰ্বাধিক হোৱাতো যিদৰে ভাৰতৰ ক্ষেত্ৰত জনবিস্ফোৰণ ঠিক একেদৰে চীন দ্বিতীয় স্থানলৈ অৱনমিত হোৱাতো দেশখনৰ নেতিবাচক হাৰৰ ফল। ভাৰতৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ হৈছে ১.২ শতাংশ। এয়া ২০১১ চনৰ লোকপিয়লৰ তথ্য। দহ বছৰ পূৰ্বে ভাৰতৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আছিল ১.৭ শতাংশ। ইয়াৰ বিপৰীতে 2022 চনত চীনত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ হৈছে নেতিবাচক, অর্থাৎ বিয়োগ (-) ০.০৬ শতাংশ। ৰাষ্ট্ৰসংঘৰ সমীক্ষা অনুসৰি ভাৰতৰ সাম্প্রতিক জনসংখ্যা বৃদ্ধিৰ হাৰ হৈছে এক শতাংশ। অর্থাৎ ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰো হ্ৰাস পাইছে। কিন্তু চীনৰ দৰে নেতিবাচক হোৱা নাই। ৬০ বছৰৰ ভিতৰত ২০২৩ চনত প্ৰথমবাৰৰ  বাবে চীনৰ জনসংখ্যাৰে বৃদ্ধিৰ হাৰ নেতিবাচক হয়। ৰাষ্ট্ৰসংঘৰ সমীক্ষাত কৰা অনুমান অনুসৰি এনেদৰে হ্ৰাস পাই থাকিলে চলিত বছৰত চীনৰ জনসংখ্যা ১৪২ কোটি ৫৭ লাখ, ২০৫০ চনত ১৩১ কোটি ৩০ লাখ  আৰু  ২১০০ চনত মুঠেই ৮০ লাখ হ'বগৈ। ইয়াৰ বিপৰীতে ভাৰতৰ জনসংখ্যা ধীৰ গতিত হ'লেও বাঢ়ি থাকিব। চীনে ১৯৭৯ চনত এটা সন্তান নীতি গ্রহণ কৰাৰ ফলত সম্প্রতি চলিত বছৰত দেশখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ নেতিবাচক হৈছে। স্পষ্ট ভাষাত ক'বলৈ হ'লে, সম্প্রতি চীনত জনসংখ্যা বৃদ্ধি হোৱা নাই, হ্ৰাসহে হৈছে। অন্যাৰ্থত ইয়াক জনসংখ্যা হ্ৰাসৰ হাৰ বুলিও ক'ব পাৰি । ২০১৬ চনত চীনে এটা সন্তান নীতি প্রত্যাহাৰ কৰি দুটা সন্তান জন্ম দিবলৈ অনুমতি দিয়ে। পিছে সেই চৰকাৰী ঘোষণাই তেনে কোনো কাম নিদিলে। এটা সন্তানত বুলি পৰিয়াল অভ্যস্ত হৈ পৰাৰ ফলত আনেও এটা সন্তানতে সন্তুষ্ট থাকিল। ফলত দেশৰ জনসংখ্যা হ্রাস হৈ গৈ থাকিল । এতিয়া চীনত দুটা নহয়, তিনিটা সন্তান জন্ম দিবলৈ উৎসাহিত কৰা হৈছে। তাৰ বাবে তেনে উৰ্বৰ  দম্পত্তিক চৰকাৰে কৰ ৰেহায়ো দিছে।

ভাৰতৰ তুলনাত চীনত জনসংখ্যা হ্রাস হোৱাত দেশখনে একো হেৰুৱাবলগীয়া হোৱা নাই বুলি দাবী কৰিছে। চৰকাৰী বক্তব্যত বেইজিঙে কৈছে— 'সংখ্যা গৈ গুৰুত্বপূৰ্ণ নহয়, মানুহহে গুৰুত্বপূৰ্ণ । আমাৰ দেশত এতিয়া প্ৰায় ৯০ কোটি কর্মঠ (ৱৰ্ক ফৰ্চ) লোক আছে।' ইয়াৰ বিপৰীতে ভাৰতৰ ২৫ শতাংশ জনসংখ্যাই হৈছে ১৪ বছৰৰ তলৰ । আনহাতে, ১৮ শতাংশ হৈছে ১০-১৯ বছৰৰ, ২৬ শতাংশ হৈছে ১০-২৪ বছৰৰ। অর্থাৎ জনসংখ্যাৰ ২৬  শতাংশলৈকে ভাৰতত কর্মঠ বা উৎপাদনকাৰী জনসংখ্যা নাই। তেওঁলোক আনৰ ওপৰত নিৰ্ভৰশীল।'

No comments