Breaking News

বিবাদ শেষ:দিল্লীত অসম-অৰুণাচলৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ


বছৰ বছৰ ধৰি অসম আৰু অৰুণাচলৰ মাজত চলি অহা সীমা বিবাদ বৃহস্পতিবাৰে সম্পূৰ্ণৰূপে অন্ত পৰিল। ইয়াৰ বাবে দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰ কৰিলে এক ‘ঐতিহাসিক’ বুজাবুজি চুক্তি। নর্থ ব্লকত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত অসম আৰু দিল্লীত অসম-অৰুণাচলৰ চুক্তি অৰুণাচলৰ মুখ্যমন্ত্ৰী ক্ৰমে হিমন্ত বিশ্ব শৰ্মা আৰু পেমা খান্ডুৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ জৰিয়তে ৮০৪ কিলোমিটাৰব্যাপী দুই ৰাজ্যৰ মাজত থকা সীমাবিাদৰ নিষ্পত্তি হোৱা বুলি দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েই দাবী কৰিছে। আনহাতে, চুক্তি স্বাক্ষৰকাৰী অনুষ্ঠানত প্ৰদান কৰা নিজৰ ভাষণত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে এই দিনটো অসম আৰু অৰুণাচলৰ বাবে ৰঙা আখৰেৰে লিখা থাকিব বুলি মন্তব্য কৰে। দুয়ো ৰাজ্যই সৌহাদ্যপূর্ণভাৱে যিদৰে সীমাবিবাদৰ নিষ্পত্তি কৰিবলৈ সক্ষম হ'ল সেয়া এক আশাৰ বতৰা কঢ়িয়াই আনিছে। দুয়ো ৰাজ্যৰ মাজত হোৱা এই চুক্তিৰ জৰিয়তে সমগ্র উত্তৰ- পূৰ্বাঞ্চললৈ শান্তি কঢ়িয়াই অনাৰ লগতে অঞ্চলটোৰ উন্নয়নৰ বাটো প্ৰশস্ত কৰিব। শ্বাহে কয় যে স্বাধীনতাৰ ৭৫ বছৰ উদ্‌যাপনৰ কালছোৱাত সমগ্ৰ অসম- অৰুণাচল সীমান্তৰ মুঠ ১২৩ খন বিবদমান গাঁৱৰ নিষ্পত্তি এক তাৎপর্যপূর্ণ বিষয়। আনহাতে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে স্বাক্ষৰিত বুজাবুজি চুক্তিখনক ঐতিহাসিক আখ্যা দি কয় যে এই চুক্তিয়ে দুয়ো ৰাজ্যৰ মাজত শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব । তেওঁ কয় যে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীজনৰ লগত কেইবালানি আলোচনাৰ পাছত এই চুক্তি সম্ভৱপৰ হৈছে। তদুপৰি, বিবাদমান এলেকাসমূহ পৰিদৰ্শনৰ বাবে এজনকৈ কেবিনেট মন্ত্ৰীৰ নেতৃত্বত গঠন কৰা ১২খন আঞ্চলিক কমিটীকো ধন্যবাদ দিব লাগিব। কাৰণ দুই ৰাজ্যৰ মাজত যিমান বিবাদ আছিল আজিৰ এই চুক্তিৰ জৰিয়তে সকলো বিবাদৰ নিষ্পত্তি ঘটিল। পিছে দুই-এখন বিবদমান গাঁৱৰ সীমান্ত সু-নির্দিষ্টকৈ নিৰ্ধাৰণ কৰাৰ কাম আগন্তুক ছমাহৰ ভিতৰত ছার্ভে অৱ ইণ্ডিয়াই সম্পন্ন কৰিব। আনহাতে, সীমাবিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত গ্ৰহণ কৰা মান সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্রকাশ কৰিছে যে প্ৰথমতে আমি জনগোষ্ঠীয় লোকসকলৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছোঁ। কোন গাঁৱত কোনখন ৰাজ্যৰ জনগোষ্ঠীয় লোকৰ সংখ্যা বেছি আছে। যিখন গাঁৱত যিখন ৰাজ্যৰ জনগোষ্ঠীয় লোকৰ সংখ্যা বেছি সেইখন গাঁও সেইখন ৰাজ্যক সমৰ্পণ কৰা হৈছে। দ্বিতীয়তে দেখা হৈছে এটা সুনির্দিষ্ট বিবদমান গাঁৱৰ পৰা দুয়ো ৰাজ্যত থকা কোনখন জিলাৰ সদৰ কাৰ্যালয় নিকটত অৱস্থান কৰিছে। মুখ্যমন্ত্ৰীৰ ভাষাত- টো এডমিনিষ্ট্রেটিভ কনভেনিয়েন্সৰ লগতে এথনিক কনভেনিয়েন্সৰ কথা ভাবি চোৱা হৈছে । মানুহে কি বিচাৰে, মানুহৰ কি ইচ্ছা তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। তাৰ বাবে একাধিক ৰাজহুৱা শুনানীও গ্ৰহণ কৰা হৈছে। সম্পূর্ণ গণতান্ত্রিক উপায়েৰে দুয়ো ৰাজ্যৰ মাজত সীমাবিবাদৰ নিষ্পত্তি ঘটা বুলি মুখ্যমন্ত্ৰীয়ে মত ব্যক্ত কৰে। ড° শৰ্মাই সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে, চুক্তি স্বাক্ষৰ কৰাৰ আগতে অসম চৰকাৰৰ তৰফত অৰুণাচল চৰকাৰক এটা বিশেষ আবেদন জনোৱা হৈছিল। সেয়া হৈছে যোৰহাট চহৰত অৰুণাচল চৰকাৰৰ কিছু মাটি আছে। অসম চৰকাৰে অনুৰোধ জনাইছিল যে যোৰহাট চহৰৰ উক্ত মাটিখিনি অসমক এৰি দিয়া হওক। অৰুণাচল চৰকাৰে অসম চৰকাৰৰ এই আবেদনক  সঁহাৰি জনাই মাটিখিনি অসমক এৰি দিয়া বুলি মুখ্যমন্ত্ৰীজনে জানিবলৈ দিয়ে। আনহাতে, নাগালেণ্ড চৰকাৰৰ সৈতেও দুয়ো ৰাজ্যৰ মাজত থকা সীমাবিবাদক লৈ আলোচনা হ'ব বুলি প্ৰকাশ কৰি ড° শৰ্মাই কয় যে, অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত তৈল আহৰণৰ কাম এতিয়া বন্ধ হৈ আছে। প্ৰথমতে দুয়ো ৰাজ্যৰ মাজত বুজাবুজিৰে বিবদমান এলেকাত তৈল আহৰণৰ কাম পুনৰ আৰম্ভ কৰিব লাগিব আৰু তাৰ পাছত ৰাজনৈতিক, পর্যায়ত সীমাবিবাদ নিষ্পত্তিৰ বিষয়টো আগবঢ়াই নিয়া হ'ব। তদুপৰি, অসম-নাগালেণ্ড সীমাবিবাদৰ বিষয়টো উচ্চতম ন্যায়ালয়তো বিবেচনাধীন হৈ থকা বুলি তেওঁ সাংবাদিকক জানিবলৈ দিয়ে। মিজোৰামৰ লগতো সীমাবিবাদৰ নিষ্পত্তিৰ বাবে কিছু আলোচনা আগবঢ়া বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসম-মেঘালয়ৰ মাজত এতিয়াও ৪০ শতাংশ সীমাবিবাদ নিষ্পত্তিৰ কাম বাকী আছে। আগন্তুক দুই-তিনিমাহৰ  ভিতৰত এই নিষ্পত্তিৰ কাম সম্পন্ন কৰা হ'ব বুলি ড° শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয় যে কংগ্ৰেছৰ দিনতো সীমাবিবাদ নিষ্পত্তিৰ বাবে কোনো পদক্ষেপেই গ্ৰহণ কৰা হোৱা নাছিল। কেবল ষ্টেটাছ কিউ বৰ্তাই ৰখাৰ কথা কোৱা হৈছিল। কোনোধৰণৰ প্ৰয়াসে কৰা হোৱা নাছিল। পিছে মই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে যেতিয়া গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰিছিলোঁ সিদিনাই তেওঁ মোক জনাইছিল যে সীমাবিবাদৰ নিষ্পত্তি হ'ব লাগে। কাৰণ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃতকালৰ সময়ত ৰাজ্য ৰাজ্যৰ মাজত কাজিয়া ভাল নেদেখাই। সিদিনাৰ পৰাই সীমাবিবাদ নিষ্পত্তিৰ বাবে মই লাগি পৰিছিলোঁ বুলি মুখ্যমন্ত্রীজনে সাংবাদিকৰ আগত মত ব্যক্ত কৰি কয় যে অৱশেষত আজি লক্ষ্যত উপনীত হ'ব পৰিলোঁ। ইপিনে অৰুণাচল প্রদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱেও আজিৰ চুক্তিখনক অতি গুৰুত্বপূৰ্ণ তথ্য ঐতিহাসিক আখ্যা দি কয় যে যান এই চুক্তিৰ জৰিয়তে দুয়ো ৰাজ্যত শান্তি উভতি অহাৰ লগতে উন্নয়নমূলক খণ্ডতো দ্যা সুদূৰপ্ৰসাৰী প্রভাৱ পৰিব। উল্লেখ্য, ৮০৪ কিলোমিটাৰ সীমান্তব্যাপী দুই ৰাজ্যৰ মাজত হে ১২তখন বিবদমান গাঁও আছিল। যোৱা বছৰ জুলাই মাহত দুয়ো ৰাজ্যৰ মাজত স্বাক্ষৰিত 'নামছাই' ঘোষণা-পত্ৰত বিবাদমান গাঁৱৰ সংখ্যা ১২৩ৰ পৰা ৮৬লৈ হ্ৰাস কৰা হৈছিল।আজিৰ বুজাবুজি চুক্তিত এই ৮৬খন গাঁৱকলৈ থকা বিবাদ নিষ্পত্তিৰ পথ প্ৰশস্ত হৈছে। ৭১ খন গাঁৱৰ বিবাদ সম্পূৰ্ণৰূপে নিষ্পত্তি হৈছে। ইয়াৰে অসমে ১১খন পোৱাৰ বিপৰীতে অৰুণাচলে পালে ৬০খন গাঁও। লক্ষ্যণীয়ভাবে দুই ৰাজ্যৰ মাজত হোৱা আজিৰ বুজাবুজি চুক্তি সম্পাদন কৰা অনুষ্ঠানত কেন্দ্ৰীয় আইনমন্ত্রী তথা অৰুণাচলৰ  জনপ্রতিনিধি হিচাপে কিৰেণ ৰিজিজুও উপস্থিত থাকে। আনহাতে, ৰাজ্যৰ মন্ত্ৰী অতুল বৰা, জয়ন্ত মল্ল বৰুৱা, কেশৱ মহন্ত, বিমল বৰা, সঞ্জয় কিষান, ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে । মন কৰিবলগীয়া যে আজি স্বাক্ষৰিত চুক্তিখনৰ এটা খচৰা ৩১ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ওচৰত দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিছিল। কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ৰ অনুমোদনমৰ্মেই বুধবাৰে দিছপুৰত চুক্তি সম্পাদিত কৰাৰ বাবে আনুষ্ঠানিক সিদ্ধান্ত গ্রহণ কৰা হৈছিল।

No comments