Breaking News

অৰুণাচলৰ পাছত এতিয়া নাগালেণ্ডৰ সৈতে থকা সীমাবিবাদ নিষ্পত্তিৰ বাবে তৎপৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা


যোৱা বৃহস্পতিবাৰে অৰুণচলৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ কিছু পাছতেই নিশাৰ ভাগত মুখ্যমন্ত্ৰী
 ড° হিমন্ত বিশ্ব শৰ্মাই  নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ৰ সৈতে দিল্লীস্থ আছাম হাউছত একান্তে মিলিত হয়। ৰাজনৈতিক পৰ্যায়ত দুয়োৰাজ্যৰ মাজত থকা সীমাবিবাদৰ নিষ্পত্তিৰ পূৰ্বে বিবদমান এলেকাসমূহত যাতে অ’ এন জি চিয়ে তৈল আহৰণ প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰিব পাৰে তাৰ বাবে দুয়ো ৰাজ্যই অচিৰেই এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিব। বৈঠকৰ পাছত মুখ্যমন্ত্ৰী নেফিউ ৰিই খোদ সাংবাদিকৰ আগত এই কথা অৱগত কৰে। চুক্তিৰ জৰিয়তে সীমাবিবাদ নিষ্পত্তি নোহোৱালৈকে আহৰণ কৰা খাৰুৱা তেলৰ ৰয়েল্টি দুয়ো ৰাজ্যই সমানকৈ ভগাই ল'ব বুলি ৰিঅ'ই জানিবলৈ দিয়ে। ৰিঅ'ই কয় যে দুয়ো ৰাজ্যই নিজৰ মাজত থকা সীমাবিবাদ নিষ্পত্তিৰ বাবে চেষ্টা কৰিব। বিশেষকৈ ন্যায়ালয়ৰ বাহিৰত এই সমস্যা কেনেদৰে আমি সমাধা কৰিব পাৰোঁ তাৰ বাবে আমি যত্ন ল'ম। কাৰণ সীমাবিবাদৰ নিষ্পত্তি ঘটিলে দুয়ো ৰাজ্যই সমভাৱে উপকৃত হ'ব। এইক্ষেত্ৰত অসম-অৰুণাচল প্ৰদেশৰ মাজত হোৱা চুক্তিৰ আঁত ধৰি সীমান্ত অঞ্চলত বাস কৰা দুয়ো ৰাজ্যৰ জনগোষ্ঠীয় লোকসকলে বিচৰামতেই আমি সহমতত উপনীত হ'ব পাৰিম বুলিও ৰিঅ'ই প্ৰকাশ কৰে ৷ আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ মত ব্যক্ত কৰি কয় যে বিবদমান এলেকাত তৈল আৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'লে দুয়ো ৰাজ্যই উপকৃত হ'ব। তাৰ পাছত সীমাবিবাদ নিষ্পত্তিৰ দিশে পদক্ষেপ গ্ৰহণ কৰিবলৈ সুবিধা হ'ব। 

No comments