Breaking News

সত্যপাল মালিকলৈ‌ আহিল চিবিআইৰ চমন


পুলৱামাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কৰণ থাপৰক বিস্ফোৰক সাক্ষাৎকাৰ দিয়া বিজেপিৰ নেতা তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকক জম্মু-কাশ্মীৰৰ এটা পুৰণি গোচৰ সন্দৰ্ভত চিবিআয়ে জেৰাৰ বাবে চমন জনাইছে। অহা ২৮ এপ্ৰিলত সত্যপাল মালিক দিল্লীৰ চিবিআইৰ মুখ্য কাৰ্যালয়ত উপস্থিত থাকিব লাগিব বুলি শুকুৰবাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে তেওঁক জনাইছে। অনিল আম্বানিৰ ৰিলায়েন্স জেনেৰেল ইঞ্চুৰেন্স কোম্পানীৰ জৰিয়তে সংঘটিত হোৱা এটা কেলেংকাৰিৰ গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকক চমন জনোৱা হৈছে। ২০১৮ চনত জম্মু-কাশ্মীৰৰ ৰাজ্যপাল হৈ থকা সময়ত সত্যপাল মালিকে ৰিলায়েন্স জেনেৰেল ইঞ্চুৰেন্সৰ এটা ঠিকা বাতিল কৰিছিল। চিবিআইয়ে সেই কেলেংকাৰিৰ গোচৰত অনিল আম্বানিৰ ৰিলায়েন্সৰ উপৰি ইঞ্চুৰেন্সৰ ব্ৰকাৰ ট্ৰিনিটি  ইঞ্চুৰেন্সৰ বিৰুদ্ধেও তদন্ত চলাই আছে। সেই কেলেংকাৰিৰ তদন্তৰ জেৰাৰ বাবেই সত্যপাল মালিকক চমন জনোৱা বুলি প্ৰাক্তন ৰাজ্যপালজনৰ পক্ষৰ এটা সূত্ৰই প্ৰকাশ কৰিছে। প্রসংগতঃ উল্লেখযোগ্য, ৰিলায়েন্স জেনেৰেল ইঞ্চুৰেলে তেতিয়াৰ ৰাজ্যখনৰ ৩.৫ লাখ কৰ্মচাৰীক সামৰি বীমা কৰোৱাৰ এটা চুক্তি সম্পাদিত হৈছিল। সেই বীমাৰ চুক্তি বা ঠিকাৰ ক্ষেত্ৰত অনিয়ম হোৱা বুলি নিশ্চিত হৈ ৰাষ্ট্ৰপতি শাসিত ৰাজ্যখনৰ ৰাজ্যপাল সত্যপাল মালিকে সম্পূর্ণ ঠিকাটোকে বাতিল কৰি দিছিল। সেই ঠিকা যাতে বাতিল কৰা নহয় সেই সন্দৰ্ভত বিজেপিৰ আগশাৰীৰ নেতা ৰাম মাধৱে মধ্যস্থতাকাৰী ভূমিকা গ্ৰহণ কৰিছিল আৰু তাৰ বাবে তেওঁ ৰাজ্যপাল মালিকক সাক্ষাতো কৰিছিল। অলপতে কৰণ থাপাৰক দিয়া সাক্ষাৎকাৰত সত্যপাল মালিকে ৰাম মাধৱৰ কথাও উল্লেখ কৰিছিল।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এসময়ৰ ঘনিষ্ঠ বিজেপি নেতা তথা মোদীৰ শাসনকালত চাৰিখনকৈ ৰাজ্যত ৰাজ্যপালৰ পদবী লাভ কৰা সত্যপাল মালিকে অলপতে ‘দ্য বায়াৰ’ৰ বৰেণ্য সাংবাদিক কৰণ থাপাৰক এটা বিস্ফোৰক সাক্ষাৎকাৰ দিছিল। সেই সাক্ষাৎকাৰত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ইমানেই বিস্ফোৰক কথা কৈছিল যে তেওঁক যিকোনো মুহূর্ততে কেন্দ্রীয় তদন্তকাৰী সংস্থা চিবিআই বা ই-ডিৰ জৰিয়তে মোদী চৰকাৰে জেৰা কৰাব বুলি দেশজুৰি চৰ্চা হৈছিল। প্ৰত্যাশিতভাৱে কৰণ থাপাৰক সাক্ষাৎকাৰ দিয়াৰ এপষেকৰ ভিতৰতে সত্যপাল মালিকক চিবিআইয়ে জেৰাৰ বাবে আমন্ত্রণ জনালে।কৰণ থাপাৰক দিয়া সাক্ষাৎকাৰত সত্যপাল মালিকে পুলৱামাৰ ঘটনাৰ বাবে কেন্দ্রীয় চৰকাৰ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ক জগৰীয়া কৰিছিল। ২০১৯ চনৰ ফেব্ৰুৱাৰীত জম্মু- কাশ্মীৰৰ পুলৱামাত সন্ত্রাসবাদীৰ আত্মঘাতী আক্ৰমণত চিআৰপিএফৰ জম্মু-কাশ্মীৰলৈ গৈ থকা এটা কনভয়ৰ ৪০জন জোৱানৰ মৃত্যু হৈছিল। সেইদিনা ঘটনাৰ সময়ত প্রধানমন্ত্ৰীয়ে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত এটা বেচৰকাৰী চেনেলৰ অনুষ্ঠানৰ বাবে শুটিং কৰি আছিল। ফলত প্রধানমন্ত্ৰীৰ সৈতে কাৰো যোগাযোগ সম্ভৱ হোৱা নাছিল। থাপাৰক দিয়া সাক্ষাৎকাৰত মালিকে কৈছিল, জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই যেতিয়া প্রধানমন্ত্রী মোদীয়ে তেওঁক ফোন কৰিছিল তেতিয়া তেওঁ কৈছিল যে এই ঘটনাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় গৃহমন্ত্রণালয় জগৰীয়া। তেতিয়াই প্ৰধানমন্ত্রী মোদীয়ে তেওঁক মনে মনে থাকিবলৈ নিৰ্দেশ দি কৈছিল— ইয়ে কিছি ঔৰ ছিজ হো। তুম চুপ ৰহো। (এয়া এক বেলেগ ঘটনা। তুমি একো নামাতিবা।) সাক্ষাৎকাৰত পুনৰ মালিকে কৈছিল- - চিআৰপিএফ কর্তৃপক্ষই চৰকাৰক ১০০০ জোৱান জম্মু-কাশ্মীৰলৈ নিয়াৰ বাবে পাঁচখন বিমান বিচাৰিছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে সেই অনুৰোধ প্রত্যাখ্যান কৰে। ফলত সন্ত্ৰাসজৰ্জৰ অঞ্চলৰ মাজেৰে সেই বিশাল কনভয়টো যাবলগীয়া হয়। তদুপৰি ঘটনাৰ দহ-পোন্ধৰদিন আগৰ পৰা পুলৱামাত ৩০০ কেজি বিস্ফোৰক বোজাই কৰা গাড়ীখন ঘূৰি থকাৰ খবৰ সকলোৱে পাইছিল। আনহাতে চিআৰপিএফৰ কনভয় যোৱা মূল পথৰ সৈতে সংযোগ ঘটা ৮-১০টা পথত কোনো পহৰা দিয়া হোৱা নাছিল । ফলত সহজে ৪০ জন জোৱানৰ সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু হ'ল। সত্যপাল মালিকে কৰণ থাপাৰক কৈছিল যে, এই ঘটনাৰ পৰা বিজেপিয়ে ৰাজনৈতিক লাভ উঠাব আৰু ঘটনাৰ বাবে পাকিস্তানক মোদী চৰকাৰে জগৰীয়া কৰিব বুলি তেওঁ লগে লগে বুজি পাইছিল। সত্যপাল মালিকক এই ঘটনা সংক্রান্তত মুখ বন্ধ ৰাখিবলৈ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালেও কৈছিল। মালিকে সাক্ষাৎকাৰত জনাইছিল যে ডোভাল তেওঁৰ সহপাঠী। সেয়ে ডোভালৰ অনুৰোধৰ পাছত মোদী চৰকাৰে কি পদক্ষেপ ল'ব তেওঁৰ বুজাত অসুবিধা হোৱা নাছিল। একেটা সাক্ষাৎকাৰতে সত্যপাল মালিকে নৰেন্দ্ৰ মোদী বিজেপি শাসিত ৰাজ্যত দুৰ্নীতিৰ ক্ষেত্ৰত বিশেষ উদ্বিগ্ন নহয় বুলি মন্তব্য কৰিছিল। গোৱাৰ দুৰ্নীতিৰ কথা মোদীক জনোৱাৰ ফলতে মালিকক দৌৰাদৌৰিকৈ গোৱাৰ পৰা আঁতৰাই মেঘালয়ৰ ৰাজ্যপাল পতা হৈছিল বুলিও তেওঁ সাক্ষাৎকাৰত দাবী কৰিছিল। তদুপৰি জম্মু-কাশ্মীৰ সন্দৰ্ভত মোদীয়ে বিশেষ তথ্য নাজানে বুলি মালিকে সাক্ষাৎকাৰত কৈছিল। ইমানবোৰ বিস্ফোৰক কথা কৈ প্ৰধানমন্ত্রী মোদী আৰু বিজেপিক ক্ষতিগ্রস্ত কৰা সত্যপাল মালিকক মোদী চৰকাৰে সহজে এৰি নিদিব বুলি হোৱা চৰ্চা এতিয়া লাহে লাহে সত্যত পৰিণত হ'বলৈ আগবাঢ়িছে। 

No comments