Breaking News

পুনৰ বহিঃৰাজ্যলৈ হাতী সৰবৰাহঃ


ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ দোহাই দি যোৱা নিশা পাৰ কৰিলে ৪৯ টা হাতী/

কি আছে ন্যায়ালয়ৰ নিৰ্দেশত?

ৰবীন মৰাণ, পেঙেৰীঃ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ দোহাই দি পুনৰ গুজৰাটলৈ হাতী সৰবৰাহ কৰিছে অসম আৰু অৰুণাচল প্ৰদেশৰ চৰকাৰে। যোৱা নিশা অৰুণাচলৰ নামছাইৰ পৰা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অঙ্গুষ্ঠ প্ৰদৰ্শন কৰি ৪৯ টা হাতী গুজৰাটলৈ লৈ যোৱা হৈছে ট্ৰাকেৰে। বাটত দল-সংগঠনৰ অৱৰোধৰ পাছতহে ওলাই পৰিল উৰহী গছৰ ওৰ। ২০ টা (উচ্চৰণ অনুসৰি) হাতীৰ পৰিৱৰ্তে লৈ যোৱা হৈছে ৪৯ টা হাতী! কথাটো যদি সঁ‌চা, দুই নম্বৰী ক'ত হৈছে? যোৱা নিশা কাকপথাৰ নিকটৱৰ্তী বাইপাছৰ পৰা বন বিভাগ আৰু আৰক্ষীয়ে প্ৰতিবাদী লোকৰ বেহু ফালি পাৰ কৰাই দিয়ে ট্ৰাক সমূহ। হাতী প্ৰেৰণৰ ৰণকৌশল সলনি কৰা হৈছে নেকি? এতিয়াৰে পৰা তিনিচুকীয়া নহয় অৰুণাচলৰ নামছাইৰ পৰা লৈ যোৱা হ'ব হাতীবোৰ। মঠ-মন্দিৰৰ বাবে হাতী সৰবৰাহৰ কাৰবাৰে আইনগতভাৱে বৈধতাৰ ৰূপ পালে। প্ৰশ্ন হয়, হাতী সৰবৰাহৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ নেপথ্যত কোন আছে? হাতীৰ গৰাকী কোন কোন?  অসম আৰু অৰুণাচলৰ হাতীসমূহৰ গৰাকীৰ অনুপাত কি? প্ৰকৃততে ঘৰচীয়া হাতীয়েই নে? নে বন্যহস্তী চোৰাংকৈ ধৰি পোহনীয়া কৰি বৈধতাৰ ৰূপ দিয়া হৈছে? হাতী চিকাৰ কৰিব পৰা ফান্দীসকল আচলতে কোন কিম্বা কোন জনগোষ্ঠীৰ? সিবিলাকক হাতী ধৰিবলৈ চৰকাৰে অনুজ্ঞাপত্ৰ প্ৰদান কৰিছিল নে?

           এতিয়া আহোঁ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশতনো কি আছে? ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ প্ৰজেক্ট এলিফেণ্ট ডিভিজনক উত্তৰ-পূৱৰ প্ৰতিখন ৰাজ্যৰ মুখ্য ৱাইল্ড লাইফ ৱাৰ্ডেনক প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিবলৈ নিৰ্দেশ দিছে যাতে বনৰীয়া হাতী ধৰা বন্ধ কৰিবৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ ইন্দ্ৰজিত মাহান্তী আৰু ন্যায়াধীশ এছ জি চট্টোপাধ্যায়ৰ বেঞ্চে উত্তৰ-পূৱ ভাৰতৰ, বিশেষকৈ ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশৰ পৰা ৩ নং প্ৰতিপক্ষী গুজৰাট ৰাজ্যৰ জামনগৰস্থিত ৰাধেকৃষ্ণ মন্দিৰ, হস্তী কল্যান ন্যাসক জংঘলৰ পৰা ধৰি শিকোৱা হাতীৰ হস্তান্তৰ আৰু সৰবৰাহ নিসিদ্ধ কৰিবলৈ আবেদনকাৰীৰ অধিৱক্তাই দাখিল কৰা পি আই এলৰ সপক্ষত প্ৰদান কৰা ৰায়ত উক্ত নিৰ্দেশ দিয়া হৈছে। উত্তৰ-পূব ৰাজ্যৰ পৰা হাতী সৰবৰাহৰ ক্ষেত্ৰত পূৰ্বতে সংঘটিত হাতী হস্তান্তৰ আৰু পৰিবহণৰ তদন্তৰ নিৰ্দেশো দিছে। আৱেদনৰ সমৰ্থনত আবেদনকাৰীৰ অধিৱক্তাই বাতৰি কাকতৰ এক প্ৰতিবেদন প্ৰদৰ্শন কৰি কয় যে ভাৰতৰ উত্তৰ-পূৰ্ৱাঞ্চলৰ ৰাজ্যত বিশেষকৈ ত্ৰিপুৰা, অসম আৰু অৰুণাচল প্ৰদেশত বন্দী অৱস্থাত থলা ভালেমান হাতী আছিল। প্ৰতিবেদনত কেতবোৰ বন্যপ্ৰাণী সংগঠনে প্ৰকাশ কৰা প্ৰতিক্ৰিয়াৰ কথাও উল্লেখ কৰা হৈছিল। কাকতৰ প্ৰতিবেদনৰ ভিত্তিত আবেদনকাৰীয়ে দাবী কৰে যে এই ৰাজ্যসমূহৰ বিভিন্ন গোটে অৰণ্যৰ পৰা বিক্ৰী কৰাৰ উদ্দেশ্যে হাতী ধৰা বৃত্তিৰে জড়িত লোকক হাতীসমূহ বন্দী কৰি ৰাখিবলৈ প্ৰলোভনেৰে বাধ্য কৰাইছিল।

তেওঁ দাবী কৰে যে ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশ চৰকাকাৰে গুজৰাটৰ জামনগৰত থকা হস্তী শিৱিৰৰ সতে প্ৰায় ২৩ টা হাতী হস্তান্তৰৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। আদালতৰ মতে হাতীৰ হস্তান্তৰ কিম্বা আদান-প্ৰদানৰ ক্ষেত্ৰত কোনোধৰণৰ বিবেচনা নহ'ব। তদুপৰি হস্তান্তৰ কৰা হাতীৰ ক্ষেত্ৰত কোনো কাৰণতে বাণিজ্যিক ব্যৱহাৰৰ উদ্দেশ্য নিহিত থাকিব নোৱাৰিব বুলিও উচ্চতম ন্যায়ালয়ৰ উদ্ধৃতিৰে নিৰ্দেশটোত কোৱা হৈছে। পৰিশ্ৰম কৰা, পেৰেডত ব্যৱহাৰ কৰা, পৰ্যটকৰ বাবে ছাফাৰী, চাৰ্কাছ, ভিক্ষা আদিত ব্যৱহাৰ কৰি বাণিজ্যিক কাৰ্য্যকলাপৰ বাবে হাতী বহিঃৰাজ্যলৈ প্ৰেৰণ কৰিব নোৱাৰিব। । ব্যক্তিগত বা চৰকাৰী বিভাগৰ বন্দীত্বত থকা সকলো হাতীৰ নাম, মালিকীস্বত্বৰ প্ৰমাণপত্ৰৰ সবিশেষ, মাইক্ৰ’চিপ নম্বৰ আৰু ফটোগ্ৰাফৰ সৈতে পিয়লৰ কৰিবলৈকো নিৰ্দেশনাত কোৱা হৈছে। বন্দী অৱস্থাত থকা সকলো হাতীৰ মালিকীস্বত্বৰ প্ৰমাণপত্ৰ পৰিদৰ্শন আৰু পৰীক্ষণ কৰি  বিসঙ্গতি ওলালে হাতী বাজেয়াপ্ত কৰিব লাগিব। নাবালক হাতীৰ ক্ষেত্ৰৰ ডি এন এ পৰীক্ষা পৰ্যন্ত ব্যৱস্থা কৰি প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগিব। ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ দীপক বাৰ্মাৰ অধ্যক্ষতাত উচ্চ ক্ষমতা সম্পন্ন সমিতি (এইচ পি চি) গঠন কৰি দিয়ে। উক্ত সমিতিত ভাৰত চৰকাৰৰ বন সঞ্চালক প্ৰধান, প্ৰজেক্ট এলিফেণ্ট বিভাগৰ মুৰব্বী, ভাৰতৰ কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষৰ সদস্য সচিব, ত্ৰিপুৰা আৰু গুজৰাটৰ মুখ্য ৱাইল্ড লাইফ ৱাৰ্ডেন থাকিব। এইচ পি চিৰ অধ্যক্ষই হাতী সম্পৰ্কে অভিজ্ঞতা থকা এজন বিশেষজ্ঞক সদস্য হিচাপে মনোনীত কৰিব। ভাৰতৰ পশু কল্যাণ ব’ৰ্ডৰ অধ্যক্ষৰ সহায়-সহযোগ গ্ৰহণৰ কথাও অধ্যক্ষই বিবেচনা কৰিব পাৰে। মুঠতে এইচ পি চিৰ পৰামৰ্শ অবিহনে হাতী সৰবৰাহৰ কোনোধৰণৰ  অনুমতি প্ৰদান কৰা নহ’ব। প্ৰশ্ন হ'ল ইমানৰ পাছতো কেনেকৈ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ দোহাই দি ২৩ টাৰ ঠাইত ৪৯ টা হাতী পাৰ কৰাবলৈ সুযোগ লাভ কৰিলে?  

No comments