Breaking News

মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত কোনে কৰিলে ‘নাটক’ ?


মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মা এতিয়া কণ কণ শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে মাজত মামা হিচাপে অতিকে জনপ্রিয়। সেয়েহে ভাগিনহঁতে মৰমতে মামা বুলি সম্বোধন কৰে মুখ্যমন্ত্রীক। ভাগিনসকলেই নহয়, বহু জ্যেষ্ঠ লোকেও মুখ্যমন্ত্ৰীক এতিয়া মামা বুলি সম্বোধন কৰি ভাল পোৱা হ'ল। অৱশ্যে মুখ্যমন্ত্রীয়েও তেওঁক মামা বুলি সম্বোধন কৰিলে বেয়া নাপায় । আনকি বিভিন্ন ৰাজহুৱা অনুষ্ঠানত  মামাৰ সৈতে ভাগিনঁহতৰ চেলফি উঠিবলৈও হেতা- ওপৰা লগা দেখা যায়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই যিখন ৰাজহুৱা সভালৈ যায়, প্রায় প্রতিখনতে বিভিন্ন লোকে সহায় বিচাৰি মুখ্যমন্ত্ৰীৰ ওচৰত অনুনয় বিনয় কৰা পৰিলক্ষিত হয়। কোনোবাই যদি সন্তানৰ চিকিৎসাৰ বাবে সহায় বিচাৰে, আন কোনোবাই আকৌ পেঞ্চনৰ ফাইলৰ কাম কৰি দিয়াৰ বাবেও সহায় বিচাৰে মুখ্যমন্ত্ৰীক। কোনোবাই যদি চাকৰি বিচাৰি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে, আন কোনোবাই ঘৰুৱা সমস্যা সমাধান বিচাৰিও মুখ্যমন্ত্রীক আর্জি দিয়ে। মুখ্যমন্ত্রীক ইমানেই আপোন বুলি ভাৱে যে কোনোবাই আকৌ সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত মদ খাবলৈ টকা বিচৰাও উদাহৰণ আছে। সহায় বিচাৰি অহা লোকসকলক মুখ্যমন্ত্ৰীয়ে উক্ত স্থানৰ পৰা সংশ্লিষ্ট বিভাগৰ মুৰব্বীলৈ ফোন কৰি বা উপায়ুক্ত আৰক্ষী অধীক্ষকক তদন্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়া দেখা যায়। কিন্তু ৰাজহুৱা অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ওচৰত সহায় বিচৰা লোকসকলৰ বহুতে পৰিকল্পিতভাৱে 'নাটক' কৰে নেকি? মুখ্যমন্ত্ৰীৰ ওচৰত সহায় বিচৰা কাৰ্যক ‘নাটক’ৰে অংশ বুলি অভিহিত কৰিব বিচাৰিছে শাসক দলৰ এজন বিধায়কে। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে মুখ্যমন্ত্ৰীৰ সন্মুখত সহায় বিচৰাটো কাৰোবাৰ বাবে নাটক বুলিও সামাজিক মাধ্যমত ইংগিত দিছে। শুকুৰবাৰে হিমন্ত বিশ্ব শৰ্মাই সৰুপথাৰলৈ আহোতে এগৰাকী কণমানি মৰমলগা ছোৱালীয়ে তাইৰ ঘৰৰ সন্মুখৰ পথটোত বেয়া বুলি কৈ নিৰ্মাণ কৰি দিয়াৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনোৱাৰ পাছতেই কণমানিগৰাকীয়ে মুখ্যমন্ত্ৰীৰ ওচৰত মিছা 'নাটক' কৰা বুলি স্পষ্ট কৰি দিছে বিধায়ক বিশ্বজিৎ ফুকনে। ছ'চিয়েল মিডিয়াত বিধায়ক বিশ্বজিৎ ফুকনে লিখিছে শনিবাৰে মুখ্যমন্ত্ৰীয়ে সৰুপথাৰলৈ আঁহোতে এজনী কণমানি ছোৱালীয়ে এটা পথ নিৰ্মাণ কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছিল। কণমানি জনীৰ ঘৰলৈ আমি লগে লগে গ'লো। কেইমাহমানৰ পূৰ্বে তেওঁৰ ঘৰলৈ যোৱা পথটো শিল দি নিৰ্মাণ কৰি দিয়া হৈছিল । পথটো পকীকৰণ এতিয়াও কৰা নাই, কিন্তু বোকাৰ বাবে কোলাত উঠি যাব লগীয়া পথো নহয়। কোনোবাই হয়তো ছোৱালীজনীক টিভিত ওলাবলৈ শিকাই বুজাই আগবঢ়াই দিছিল। কাৰণ ছোৱালীজনীৰ মাতৃ দুদিন পূৰ্বে মোক লগ কৰিবলৈ আহিছিল ব্যক্তিগত সহায় বিচাৰি। পূৰ্বেও আহিছে যদিও ৰাস্তাৰ কথা কেতিয়াও কোৱা নাছিল। পকীকৰণ কৰা নাই সেইটো সঁচা, কিন্তু ৰাস্তাটোত বোকা নহয়। শিল দি নিৰ্মাণ কৰা মাত্ৰ কেইমাহমান হে হৈছে। দৈঘ্যও ১০০ মিটাৰ মান মাত্ৰ। সমষ্টিটোত ৪০০০ কিলোমিটাৰ ৰাস্তা নির্মাণ কৰিবলগীয়া অৱস্থাত মই দায়িত্ব লৈছিলো। একে দিনাই সকলো পথ পকীকৰণ কেতিয়াও সম্ভৱ নহয়। কিন্তু ভুল তথ্যৰে মুখ্যমন্ত্ৰীক কিয় অভিযোগ কৰিলে সেইটোহে ডাঙৰ কথা। কণমানিজনীক লগ কৰিলো, মৰমলগা ছোৱালী। ৰাস্তাটো কাইলৈৰ পৰা আকৌ ভালকৈ নিৰ্মাণ কৰি দিম। ঘটনাটোৱে মোৰ মনত কিছু দুখ দিলে। ৰাইজৰ আগত ভুল ছবি এখন দাঙি ধৰিলে। মোৰ কাম কাজ লৈ যদি সন্তুষ্ট নহয়, সমষ্টিবাসীৰপৰা মতামত বিচাৰিলো। ইফালে বিধায়ক ফুকনে লগতে কণমানি ছোৱালীজনীয়ে বোকা হোৱা বুলি কোৱা পথটোত কেইমাহমান পূর্বে শিল দিয়া ফটোও প্ৰকাশ কৰিছে।

No comments