Breaking News

৫০০ বছৰীয়া চুৰি হোৱা হনুমানৰ মূৰ্তি ভাৰতক ঘূৰাই দিলে অষ্ট্ৰেলিয়াই



২০১২ চনত তামিলনাডুৰ আৰিয়ালুৰ জিলাৰ বৰধাৰাজা পেৰুমল মন্দিৰৰ দুৱাৰ ভাঙি চুৰি কৰিছিল  শ্ৰীদেৱী আৰু ভূদেৱীৰ মূৰ্তিৰ সৈতে হনুমান মূৰ্তি । অৱশেষত ১০ বছৰ পূৰ্বে চুৰি হোৱা ৫০০ বছৰ পুৰণি ধাতুৰ হনুমান মূৰ্তি উদ্ধাৰ হয় অষ্ট্ৰেলিয়াত। এটা সংগ্ৰহালয়ত উদ্ধাৰ হোৱা ৫০০ বছৰ পুৰণি ধাতুৰ হনুমান মূৰ্তি ইতিমধ্যে আষ্ট্ৰেলিয়াউ ভাৰতক ঘূৰাই দিছে। শীঘ্ৰেই ইয়াক তামিলনাডুৰ মন্দিৰলৈ ঘূৰাই দিয়া হ'ব বুলি এক বিশেষ সূত্ৰৰ পৰা জনা গৈছে।

এই মুৰ্তিকেইভাগ চুৰি হোৱাৰ পিছতেই চেন্দুৰাই আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছিল যদিও মূৰ্তিৰ কোনো সম্ভেদ উলিয়াব নোৱাৰি ইয়াক বন্ধ কৰি দিয়া হৈছিল। গোচৰটো ২০২০ চনত আইডল উইং চিআইডিলৈ স্থানান্তৰিত কৰা হৈছিল।

 মূৰ্তিটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সংগ্ৰহালয়ত তামিলনাডুৰ আইডল শাখাই প্ৰত্যক্ষ কৰিছিল যদিও পিছত অষ্ট্ৰেলিয়াত বাস কৰা এজন কলা সংগ্ৰাহকে মূৰ্তিভাগ ক্ৰয় কৰিছিল। এডিএথপি ৰাজাৰামে প্ৰতিমূৰ্তিটো ক্ৰিষ্টিজৰ নিলাম ৱেবছাইটত বিক্ৰীৰ বাবে ৰখাৰ পিছত ইয়াক চিনাক্ত কৰা হৈছিল। অষ্ট্ৰেলিয়া কৰ্তৃপক্ষউ এই কথা জানিব পাৰি মূৰ্তিটো ভাৰতলৈ ঘূৰাই পঠোৱাৰ ব্যৱস্থা কৰে আৰু কেনবৰাত ভাৰতীয় উচ্চ আয়োগক হস্তান্তৰ কৰে। তাৰ পিছতেই মূৰ্তিটো নতুন দিল্লীৰ এএছআইলৈ প্ৰেৰণ কৰে । হনুমান মূৰ্তিটো উদ্ধাৰ হয় যদিও বাকী তিনিটা মূৰ্তি এতিয়াও বিচাৰি পোৱা হোৱা নাই।

No comments