Breaking News

৷ বিশ্বৰ সৰ্ববৃহৎ দ্বিভাষিক ব্ৰেইল অভিধান হিচাপে স্বীকৃতি লাভ ব্ৰেইল হেমকোষৰ



গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান পালে ব্ৰেইল হেমকোষে৷ বিশ্বৰ সৰ্ববৃহৎ দ্বিভাষিক ব্ৰেইল অভিধান হিচাপে স্বীকৃতি লাভ ব্ৰেইল হেমকোষৰ । প্ৰকাশকলৈ গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষৰ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ৷

অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ চিন্তাৰ ফচল এই ব্ৰেইল হেমকোষ। দৃষ্টিহীন সকলৰ বাবে নতুন চিন্তাৰে প্ৰকাশ কৰা হৈছিল ব্ৰেইল হেমকোষ ।  সমাজ কল্যাণ বিভাগৰ ব্ৰেইল ছপাশালত বহু কেইজন ব্যক্তিৰ সহযোগত প্ৰকাশ কৰা হৈছিল চতুৰ্দশ হেমকোষ ব্ৰেইল সংস্কৰণ ।

২০২২ বৰ্ষৰ ১৬ ছেপ্তেম্বৰত গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰত এই ব্ৰেইল লিপি অভিধানখন উদ্বোধন কৰা হৈছিল । সেই সময়ৰ অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে এই অভিধানখন আনুষ্ঠানিকভাৱে অভিধানখন উন্মোচন কৰিছিল। উপস্থিত আছিল দিল্লী বিশ্ববিদ্যালয়ৰ বিশিষ্ট গৱেষক, অধ্যাপক ভাৰতেন্দু পাণ্ডেকে ধৰি ৰাজ্যৰ বহু বিশিষ্ট ব্যক্তি ।

No comments