Breaking News

অসমৰ তৈল খণ্ডত বিনিয়োগ বৃদ্ধিৰ পৰিকল্পনা বেদান্ত গ্ৰুপৰ অধীনৰ কেয়ার্ন অইল এণ্ড গেছ লিমিটেডৰ


অসমৰ তৈল খণ্ডৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে বেদান্ত গ্ৰুপৰ অধীনস্থ কেয়ার্ন অইল এণ্ড গেছ লিমিটেডে এক নতুন পৰিকল্পনা হাতত লৈছে। ইতিমধ্যে অসমত তৈল কূপ খননৰ বাবে নিবিদা লাভ কৰিছে কেয়ার্ন আইলে।হাজাৰিগাওস্থিত এই কূপত প্রতিষ্ঠানটোৱে প্ৰাকৃতিক গেছ উদ্‌ঘাটন কৰিব। ইয়াৰ যোগেদি অসমৰ থলুৱা ক্ষুদ্র উদ্যোগীসকলৰ লগতে অন্যান্য ব্যৱসায়িক প্রতিষ্ঠানসমূহ লাভান্বিত হ'ব। বিশেষকৈ চাহ উদ্যোগীসকলে কেয়ার্নে উৎপাদন কৰা গেছেৰে পৰিসৰ বৃদ্ধি কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰিছে প্ৰতিষ্ঠানটোৱে। ইতিমধ্যে আছাম গেছ কোম্পানী লিমিটেডৰ সৈতে এক বিশেষ চুক্তি সম্পাদন কৰিছে কেয়ার্নে। ইফালে হাজাৰি গাঁৱৰ পৰা উৎপাদন হ'বলগীয়া গেছ অসম চৰকাৰৰ স্বচ্ছ শক্তি আঁচনিৰ অধীনত আৰম্ভ হোৱা ১০০ খন চি এন জি বাছৰ ব্যৱহাৰ কৰা হ'ব। এই সন্দৰ্ভত কেয়ার্ন অইলৰ মুখ্য কাৰ্য্যবাহী বিষয়া নিক ৱালকাৰে কয় যে- উত্তৰ-পূৰ্বাঞ্চলত তেওঁলোকে ব্যৱসায় পৰিচালনা আৰম্ভ কৰিছে। পৰীক্ষামূলকভাৱে ইতিমধ্যে খনন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। ভাৰতৰ মুঠ তেল আৰু গেছৰ উৎপাদন দুগুণলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে প্ৰতিষ্ঠানটোৱে উত্তৰ পূর্বাঞ্চলত বিশেষ গুৰুত্ব আৰোপ কৰা বুলি তেওঁ কয়। তেল আৰু প্ৰাকৃতিক গেছ খণ্ডত হাইড্র কার্বন আৰু অন্যান্য আন্তঃগাঁথনিমূলক পদক্ষেপসমূহ খৰতকীয়া কৰাৰ বাবে তেওঁলোকে উত্তৰ-পূৰ্বাঞ্চলত বিভিন্ন আঁচনি ৰূপায়ণৰ লক্ষ্য আগত ৰখি কাম আৰম্ভ কৰিছে। গোলাঘাট, যোৰহাট আৰু তিনিচুকীয়া জিলাত অহা দুবছৰৰ ভিতৰত ৫ৰ পৰা ১০টা তৈল কূপ খননৰ পৰিকল্পনাৰে ইতিমধ্যে প্ৰতিষ্ঠানটোৱে অসমৰ প্ৰায় ৭,৬৫০ বর্গ কিলোমিটাৰ এলেকা নিজৰ হাতলৈ আনিছে। ইয়াৰ যোগেদি প্ৰায় ১ বিলিয়ন খাৰুৱা তেল উৎপাদন হ'ব  বুলি আশা প্ৰকাশ কৰে প্ৰতিষ্ঠানটোৱে।

No comments