Breaking News

উত্তৰ-পূৰ্বাঞ্চলত ৰাধে কৃষ্ণ মন্দিৰ হাতী কল্যান ন্যাসৰ দৰে এটা ন্যাসক জন্ম হ’ব নোৱাৰে নে?



গুজৰাটৰ অন্যতম এখন বৃহৎ জিলা জামনগৰৰ খাৱদাত অৱস্থিত ৰাধে কৃষ্ণ মন্দিৰ হাতী কল্যাণ ন্যাসে ১৫০ টাতকৈও অধিক হাতীৰ চোৱাচিতা কৰে।  পৰিত্যক্ত, আহত আৰু বৃদ্ধ হাতীসহ ১৫০ টাতকৈও অধিক হাতীৰ চোৱাচিতা কৰে এই ন্যাসটোৱে। ২০১৩ চনত প্ৰতিষ্ঠা হোৱা এই ন্যাসে আঘাতপ্ৰাপ্ত হাতী আনি তাত ৰাখি হাতীসমূহৰ যত্ন লয়। লগতে বিভিন্ন সময়ত হাতীবোৰ উদ্ধাৰৰ তাত ৰাখি চিকিৎসা কৰা হয়। অৱশ্যে তাত থকা হাতীক চাৰ্কাছ আৰু অন্যান্য কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰা নহয়। উল্লেখ্য এই ন্যাসক বিশেষভাৱে সহযোগিতা আগবঢ়াই আহিছে। বৰ্তমান সময়ত এই ন্যাসটোৰ অধীনত থকা হাতী সমূহ অনা হৈছে মহাৰাষ্ট্ৰ, কৰ্ণাটক, অসম, ৰাজস্থান, অৰুণাচল প্ৰদেশ আদিৰ পৰা । ট্ৰাষ্টে ৫০০ একৰৰ অধিক ভূমিত এটা মিয়াৱাকি জংঘল নিৰ্মাণ কৰি  হাতীবোৰে খোজ কাঢ়িবলৈ আৰু চৰিবলৈ বিশেষ পথৰ ব্যৱস্থা কৰিছে। হাতীৰ বাবে ফেন, ফাউণ্টেইন আৰু বাসস্থানৰ দৰে সুবিধা আছে। বাসস্থানৰ ঠাইখন ৰবৰৰ মজিয়াৰে আৱৰি আছে। ১০০ একৰ ভূমিত ১০ টা সৰু পুখুৰী আৰু ৯ টা হাইড্ৰ'থেৰাপী পুল আছে। হাইড্ৰ'থেৰাপী পুলবোৰ আৰ্থ্ৰাইটিছত ভুগি থকা বয়সস্থ হাতী আৰু হাতীৰ বাবে উপযোগী। হাতীবোৰক আয়ুৰ্বেদিক চিকিৎসাৰ দ্বাৰাও চিকিৎসা কৰা হয়। এই ট্ৰাষ্টত গৈ অসমৰ হাতী বিশেষজ্ঞ তথা প্ৰখ্যাত পশু চিকিৎসক পদ্মশ্ৰী কুশল কোঁৱৰ শৰ্মা প্ৰতি মাহে এই ঠাইলৈ হাতীসমূহৰ পৰ্যবেশন কৰাৰ বুলিও জনা গৈছে।

এতিয়া আমাৰ প্ৰশ্ন হ’ল হাতীৰ বাবে দেশৰ ভিতৰত আটাইতকৈ উপযুক্ত স্থান হিচাপে পৰিগণিত হৈ আহিছে উত্তৰ-পূৰ্বাঞ্চল। ২০১১ চনৰ পিয়ল অনুসৰি উত্তৰ-পূৰ্বাঞ্চলত প্ৰায় ১০ হাজাৰ হাতী আছে। তেনেস্থলত বিভিন্নসময়ত ৰোগাক্ৰান্তই হওঁক, দুৰ্ঘটনাগ্ৰস্ত হওক বা অন্য কাৰণত হাতীসমূহ সংৰক্ষণবাবে জামনগৰৰ খাৱদাত অৱস্থিত ৰাধে কৃষ্ণ মন্দিৰ হাতী কল্যাণ ন্যাসৰ এটা ন্যাসৰ উত্তৰ-পূৰ্বাঞ্চলত জন্ম হ’ব নোৱাৰে নে? শেহতীয়াকৈ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা হাতী বহিঃৰাজ্যলৈ সৰবৰাহ কৰাতো সহজলভ্য ঘটনাত পৰিণত হৈছে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ অচিলাৰে এনেদৰে যদি বিশেষকৈ অসম, অৰুণাচলৰপৰা এনেদৰে হাতী বহিঃৰাজ্যলৈ সৰবৰাহ হৈ আহে তেন্তে এদিন উত্তৰ-পূৰ্বাঞ্চলত প্ৰাণীবিধৰ বিলুপ্তি ঘটিব। অসম চৰকাৰে বন্য হস্তী সংৰক্ষণৰ বাবে দুখনকৈ এনিমেল ৰিজাৰ্ভ সংৰক্ষণ কৰাৰ পাছতো বন্যহস্তী সংৰক্ষণৰ ক্ষেত্ৰত কোনো বাস্তৱ পদক্ষেপ  গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। ৰাজ্য চৰকাৰে গুজৰাটে আৰ্হিৰে এখন এলিফেণ্ট ভিলেজ স্থাপন কৰিব নোৱাৰে নে ঘৰচীয়া হাতী সংৰক্ষণৰ বাবে?

No comments