Breaking News

প্ৰাক্তন অধ্যাপক খগেশ্বৰ দত্তৰ মৃত্যুত গোলাঘাটত শোক



ডিজিটেল ডেস্কঃ গোলাঘাটঃ দেৰগাঁও কমল দুৱাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা গোলাঘাট তপন নগৰৰ নিবাসী খগেশ্বৰ দত্তৰ আজি পুৱতি নিশা গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত মৃত্যু হয় । হৃদৰোগত আক্ৰান্ত হৈ থকা দত্তৰ কালি নিশা হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত পৰিয়ালৰ লোকে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰে যদিও পুৱতি নিশা তেওঁৰ মৃত্যু হয় । মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৮৩ বছৰ । দেৰগাঁও কমল দুৱাৰা মহাবিদ্যালয়ত দৰ্শন শাস্ত্ৰৰ অধ্যাপক হৈ থকা দিনৰে পৰা মৃত্যু পৰ্যন্ত গোলাঘাট জিলাৰ বিভিন্ন অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোত ভাবে জড়িত হৈ থকা খগেশ্বৰ দত্তৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পেলাইছে । বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ মাজত অতিকৈ জনপ্ৰিয় এই অধ্যাপকগৰাকীৰ মৃত্যুত মৰ্মাহত হৈ পৰিছে তেওঁৰ ছাত্ৰ ছাত্ৰী সকল । মৃত্যুৰ সময়ত দত্তই পত্নী সহ এজন পুত্ৰ আৰু এগৰাকী কন্যা সহ বহু আত্মীয় স্বজন ইহ সংসাৰত এৰি থৈ গৈছে ।

No comments