Breaking News

কাজিৰঙাৰ গঁড়ৰ গণনাত ভুল তথ্যৰে জনসাধাৰণৰক বিভ্ৰান্ত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেশৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰমূৰ ভ্রমণৰ সময়তে কাজিৰঙাৰ প্রকৃত গঁড়ৰ সংখ্যা কিমান তাক লৈ বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনত বিগত বৰ্ষত চলোৱা গঁড় পিয়লৰ সময়ত মুঠ ২০৪২ টা গঁড়ৰ অৱস্থিতি ধৰা পৰিছিল যদিও কোনো বিজ্ঞানসন্মত গণনা অবিহনে গঁড়ৰ সংখ্যা ২,৬৩৪ টা লৈ বৃদ্ধি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কাজিৰঙাৰ ২২টা স্থানত প্ৰকৃততে ৪৭২ টা গঁড়ৰ অৱস্থিত ধৰা পৰিছিল যদিও নমুনা গণনাৰ আচিলাৰে অতিৰিক্ত ৫৯২টা গঁড় থকাৰ তথ্য চৰকাৰী হিচাপত অন্তৰ্ভুক্ত কৰাক লৈ বিতৰ্কত সাঙুৰ খাই পৰিছে উদ্যান কর্তৃপক্ষ। উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিগত ২০১৮ চনত গঁড় পিয়লৰ সময়ত মুঠ  গঁড়ৰ সংখ্যা আছিল ২,৪১৩। কিন্তু বিগত বৰ্ষৰ ২৫ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ চলোৱা ১৪ সংখ্যক জৰীপত ২০০ টা গঁড় বৃদ্ধি পোৱাৰ তথ্য ৰাজহুৱা কৰিছে উদ্যান কৰ্তৃপক্ষই। অৱশ্যে প্ৰকৃতিপ্ৰেমী ৰোহিত চৌধুৰীয়ে কৰা আৰ টি আইৰ ভিত্তিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই গঁড়ৰ সংখ্যা ৰাজহুৱা কৰাৰ পাছতেই বিজ্ঞানসন্মত বিশ্লেষণ অবিহনে গঁড়ৰ সংখ্যা বৃদ্ধি পোৱাৰ ভয়ংকৰ তথ্য উন্মোচন হৈছে। উদ্যান কর্তৃপক্ষই প্রকাশ কৰা অনুসৰি ২৬ আৰু ২৭ মাৰ্চত কাজিৰঙাৰ নিৰ্ধাৰিত ৭৬টা খণ্ডত বিশেষজ্ঞ গণনাকাৰীয়ে চলোৱা গণনাত মুঠ গঁড়ৰ সংখ্যা লাভ কৰিছিল ২০৪২টা। কিন্তু ২৮ মাৰ্চত নিৰ্ধাৰিত ৭৬টা খণ্ডৰ ভিতৰত ২২টা খণ্ডত নমুনা জৰীপ ছেম্পুল ছাৰ্ভে চলোৱাত অতিৰিক্তভাৱে ৫৯২টা গঁড় পোৱা বুলি গণনাকাৰীয়ে হিচাপ দাখিল কৰে । অথচ মূল গণনাত উক্ত ২২টা স্থানত গঁড়ৰ সংখ্যা আছিল মাত্র ৪৭২টা। ইয়াৰ বিপৰীতে নতুন গণনাত উক্ত ২২ টা স্থানত ১০৬৪ টা গঁড় পোৱা বুলি নথিত দেখুওৱা হৈছে। আশ্চর্যজনক বিষয়টো হৈছে অগৰাতলী ৰেঞ্জৰ ২ (চি) খণ্ডত মূল গণনাত মাত্র ৫টা গঁড় পোৱা গৈছিল যদিও নমুনা গণনাত অতিৰিক্ত ৭৮টা অর্থাৎ মুঠ ৮৩টা গঁড় পোৱা বুলি দেখুওৱা হৈছে। মুঠ ২২টা স্থানতে গঁড়ৰ সংখ্যা মূল গণনাতকৈ বৃদ্ধি পাইছে। স্বাভাৱিকতেই কাজিৰঙাৰ গঁড় পিয়ল আৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ গঁড়ৰ সংখ্যাক লৈয়ো প্রশ্ন উত্থাপন হৈছে। ২০১৮ চনত গঁড়ৰ সংখ্যা ২,৪১৩টা দেখুৱাৰ বাবে এইবাৰ গঁড়ৰ সংখ্যা ২৬১৩ টালৈ বৃদ্ধি কৰা হ'ল নেকি বুলিও এতিয়া প্রশ্ন উঠিছে সচেতন মহলৰ মাজত। 

No comments