Breaking News

চীন-অৰুণাচল সীমান্তত পৰ্যটনক্ষেত্ৰ নিৰ্মাণৰ পৰিকল্পনা ভাৰত চৰকাৰৰ:উদ্বিগ্ন বেইজিং


কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে চীন- অৰুণাচল সীমান্তৰ কিবিথ' নামৰ গাঁওখনত নিশা যাপন কৰাৰ পাছত এইবাৰ শত্ৰুৰাষ্ট্ৰ চীনক প্ৰত্যাহ্বান জনোৱাৰ বাবে সাজু হৈছে ভাৰত। চীনৰ আগ্ৰাসন প্ৰতিৰোধৰ লক্ষ্যৰে অৰুণাচলৰ এল এ চিৰ গাঁওসমূহত কেন্দ্ৰীয় চৰকাৰে নিৰ্মাণ কৰিব পৰ্যটন কেন্দ্ৰ। সামৰিক তথা অসামৰিক অংশীদায়িত্বৰে সীমান্তৰ গাঁওসমূহক পর্যটন কেন্দ্ৰ ৰূপ দিয়াৰ পৰিকল্পনা কৰিছে নতুন দিল্লীয়ে। মূলতঃ চীনৰ মডেল ভিলেজ আঁচনিক প্রতিহত কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰে এই পৰিকল্পনা কৰা বুলিও চৰ্চা লাভ কৰিছে। উল্লেখ্যযোগ্য যে, চীনে অৰুণাচলৰ সীমাত একাধিক গাঁও নির্মাণ কৰিছে। ইতিমধ্যে উপগ্ৰহীয় চিত্ৰত উক্ত কংক্ৰিটৰ অট্টালিকা সমূহৰ আন্তঃগাঁথনি ধৰা পৰিছে। চীনে সীমান্তত নতুনকৈ নিৰ্মাণ কৰা গাঁওসমূহত একাংশ লোকক আশ্রয় দিছে। চীনৰ সৈতে ভাৰতৰ সংঘাত হ'লে এনে বিল্ডিং সমূহ কেম্প হিচাপে চীনা সৈন্যই ব্যৱহাৰ কৰাৰ সুবিধা হোৱাকৈ নিৰ্মাণ কৰা বুলিও ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে দাবী কৰি আহিছে। চীনৰ এই পৰিকল্পনাক ধূলিসাৎ কৰাৰ লক্ষ্যৰেই এল এ চিৰ সীমান্তৰ গাঁওসমূহক পর্যটন কেন্দ্ৰৰূপে গঢ় দিব বুলিও জানিব পৰা গৈছে। অৱশ্যে ভাৰত চৰকাৰৰ এই পৰিকল্পনা সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতেই চীনৰ ৰাজধানী  বেইজিং উদ্বিগ্ন হৈ পৰা বুলিও চৰ্চা লাভ কৰিছে। ইতিপূৰ্বে বেইজিঙে অৰুণাচলৰ ১১খনকৈ ঠাইৰ নাম সলনি কৰি চীনৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰিছিল। এই লৈ আমেৰিকায়েও ব্যাপক প্রতিক্রিয়া ব্যক্ত কৰাৰ পাছত এই কৌশলপূর্ণ পৰিকল্পনা হাতত লৈছে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে। 

No comments