Breaking News

প্ৰচণ্ড গৰমত অমিত শ্বাহৰ সভাত মৃত্যু ১১ জনকৈ লোকৰ

যোৱা দেওবাৰে মহাৰাষ্ট্ৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত বঁটা প্রদান অনুষ্ঠান চলি থকাৰ সময়ত হোৱা হিটস্ট্রোকত আক্রান্ত হৈ ১১জনকৈ লোকৰ মৃত্যু হয়। দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত 'মহাৰাষ্ট্ৰ ভূষণ বঁটা' প্ৰদান অনুষ্ঠানত উক্ত লোককেইজন হিটস্ট্রোকত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। হিটস্ট্রোকত আক্ৰান্ত হৈছে ৬ শতাধিক লোক, ইয়াৰে গুৰুতৰভাৱে আক্রান্ত ৫০জন লোকক হাস্পতালত ভৰ্ত্তি কৰোৱা হৈছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ সিন্দে, উপ-মুখ্যমন্ত্রী দেৱেন্দ্ৰ ফাড়নবিশসহ মহাৰাষ্ট্ৰ চৰকাৰৰ বহুকেইজন প্রতিনিধি উপস্থিত আছিল উক্ত সভাখনত। নবী মুম্বাইত অনুষ্ঠিত উক্ত অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত আছিল কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ। নবী মুম্বাইত সিদিনা সর্বোচ্চ তাপমাত্ৰা আছিল ৩৮ ডিগ্রী ছেলছিয়াছ। অগণন দর্শক উপস্থিত হোৱা অনুষ্ঠানটো সকলোৱে চোৱাৰ সুবিধাৰ বাবে ভিডিঅ'ৰ ব্যৱস্থাও কৰা হৈছিল। কিন্তু দৰ্শকৰ বাবে অনুষ্ঠানত নাছিল বহাৰ ব্যৱস্থা। মুকলি আকাশৰ তলত আছিল হিটস্ট্রোকত আক্ৰান্ত লোকসকল। প্রচণ্ড ৰ'দৰ দিনটোতো ৰ'দৰ পৰা ৰক্ষা পৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা কৰা হোৱা নাছিল উক্ত অনুষ্ঠানটোত। দিনৰ ১১.৩০ বজাত আৰম্ভ হোৱা অনুষ্ঠান চলে বিয়লি ১ বজা পর্যন্ত। উক্ত ঘটনাক দুৰ্ভাগ্যজনক আখ্যা  দিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে। তেওঁ তৎকালীনভাৱে নিহতৰ পৰিয়াললৈ ৫ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰে। তেওঁ  হিটস্ট্রোকত আক্রান্ত লোকসকলৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ ল'বলৈ হাস্পতালত উপস্থিত হয়। মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ - ফাড়নবীশেও উক্ত ঘটনাৰ বাবে দুখ প্ৰকাশ কৰে। দেওবাৰে দেশৰ বিভিন্ন ৰাজ্যত অত্যাধিক গ্রীষ্ম প্রৱাহ হয়। পশ্চিম বংগ, ত্ৰিপুৰা, ৰাজস্থানত উৎকট গৰমৰ বাবে শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰে স্থানীয় প্রশাসনে । অসমতো অভাৱনীয়ভাৱে বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ । দেশৰ বিভিন্ন স্থানত গ্ৰীষ্ম প্ৰৱাহৰ ফলত অসুস্থ হৈছে বহু সংখ্যক লোক।

No comments