Breaking News

লতাশিলৰ নতুন বিহুসম্রাজ্ঞীৰ খিতাপ অৰ্জন প্ৰতীক্ষাৰাণী বৰগোহাঁইৰ

অসমৰ মঞ্চ বিহুৰ বাটকটীয়া গুৱাহাটী বিহু সন্মিলনীৰ মঞ্চত সোমবাৰে নিশা অনুষ্ঠিত হ'ল বিহুসম্রাজ্ঞী প্রতিযোগিতা-২০২৩। গুৱাহাটীবাসীয়ে অধীৰ অপেক্ষাৰে ৰৈ থকা গুৱাহাটীৰ লতাশিল খেলপথাৰত অনুষ্ঠিত বিহুসম্রাজ্ঞী প্রতিযোগিতা প্রত্যক্ষ কৰিবলৈ সোমবাৰে সন্ধিয়াৰে পৰা বহু সংখ্যক দৰ্শকৰ সমাগম হয়। ২০২৩ চনৰ বিহুসম্রাজ্ঞী প্রতিযোগিতাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মুঠ ৭ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । গুৱাহাটীৰ কাহিলীপাৰাৰ প্ৰতীক্ষাৰাণী বৰগোঁহাইৰ শিৰত উজলিল বিহুসম্ৰাজ্ঞীৰ মুকুট। 2022 চনৰ বিহুসম্ৰাজ্ঞী শতাব্দী কলিতাই প্ৰতীক্ষাৰাণী বৰগোহাঁইক ২০২৩ চনৰ বিহুসম্ৰাজ্ঞীৰ মুকুট পিন্ধাই দিয়ে। গুৱাহাটী বিহু সন্মিলনৰ ৭২ সংখ্যক ৰঙালী উৎসৱৰ বিহুসম্ৰাজ্ঞী প্ৰতীক্ষাৰাণী বৰগোহাঁয়ে পুৰস্কাৰ হিচাপে চলন্ত ৰূপৰ মুকুট, এটা স্থায়ী মুকুট, বিহু সম্রাজ্ঞী দণ্ড, নগদ ১ লাখ টকা, ১০ গ্রাম সোণৰ মুদ্রা, স্থায়ী ট্ৰফী, প্রমাণ পত্র, টিভি, ফ্রিজ, ৱাচিং মেছিন, নেমকেয়াৰ হাস্পতালৰ পৰা নিযুক্তিৰ সুবিধা আৰু বহু উপহাৰ লাভ কৰে। ২০২৩ চনৰ বিহুসম্ৰাজ্ঞীৰ খিতাপ লাভ কৰি প্ৰতীক্ষাৰাণী বৰগোহাঁয়ে নিজৰ অনুভৱ সংবাদ মাধ্যম ব্যক্ত কৰে এনেদৰে - "আজি এক বুজাব নোৱাৰা আনন্দ অনুভৱ কৰিছো। লতাশিলৰ খেলপথাৰত ‘বিহুসম্ৰাজ্ঞী'ৰ খিতাপ লাভ কৰাৰ হেঁপাহ প্ৰতিগৰাকী নাচনীয়ে মনত পুহি ৰাখে। ম‍ই সৰুৰে পৰা বিহু নৃত্যৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ। প্ৰায় চাৰে তিনিবছৰ বয়সৰ পৰা মঞ্চত বিহু নৃত্য পৰিবেশন কৰিছিলোঁ। লতাশিলৰ মঞ্চত ‘বিহুসম্ৰাজ্ঞী'ৰ খিতাপ লাভ কৰাৰ সপোন মনত পুহি ৰাখিছিলোঁ। তাৰবাবে বহুত কষ্ট কৰিছিলোঁ। ম‍ই বিভিন্ন গুৰুৰ সংস্পৰ্শলৈ আহি বহু কথাই শিকিছিলোঁ। বিহুৰ তাল, লয়, তাত্বিকজ্ঞান ভালদৰে শিকি বুজি ললে প্ৰতিগৰাকী নচনীয়ে এদিন লক্ষ্যত উপনীত হ'ব পাৰিব। মোক উৎসাহিত কৰা মোৰ দলটোক ধন্যবাদ জনাইছোঁ। তেওঁলোকে মোৰ বাবে যথেষ্ট কষ্ট কৰিছে।" উল্লেখ্য যে, প্ৰতীক্ষাৰাণী বৰগোহাঁয়ে বিহু নৃত্য পৰিবেশন কৰাৰ উপৰি গীত গাই ভালপোৱাৰ লগতে নাটকৰ প্ৰতিও আগ্রহী। গুৱাহাটী বিহু সন্মিলনীৰ বিহুৰাণীৰ খিতাপ দখল কৰে মৰাণৰ বন্যানী গগৈয়ে। তেওঁ পুৰস্কাৰ হিচাপে চলন্ত ৰূপৰ মুকুট, নগদ ৫১ হাজাৰ, এটা ট্রফি, ৫ গ্রাম সোণৰ মুদ্ৰা, মানপত্ৰ আৰু উপহাৰৰ টোপোলা লাভ কৰে। বিহুকুৱঁৰীৰ খিতাপ দখল কৰে লখিমপুৰৰ অনন্যা ফুকনে। পুৰস্কাৰ হিচাপে তেওঁ মুকুট, মানপত্র, নগদ ৩১ হাজাৰ টকা, ট্রফি, ৫ গ্রাম সোণৰ মুদ্ৰা আৰু বহুকেইটা উপহাৰ লাভ কৰে। উল্লেখ্য‌ যে, বিহুসম্ৰাজ্ঞী প্রতিযোগিতাৰ প্ৰতিগৰাকী বিহুৱতীক বিহুনৃত্য পৰিবেশনৰ বাবে ১০ মিনিট সময় নিৰ্ধাৰণ কৰি দিয়া হৈছিল। লগতে আছিল বিচাৰকৰ প্রশ্নোত্তোৰ শিতান। আনহাতে একেখন মঞ্চতে শ্রেষ্ঠ ঢুলীয়াৰ সন্মান লাভ কৰে দুলুমনি বৰাই। তেওঁক ফুলাম গামোচা, এখন শৰাই আৰু নগদ ১০ হাজাৰ টকাৰ লগতে মানপত্ৰ দিয়া হয়। সেইদৰে শ্ৰেষ্ঠ পেঁপা বাদকৰ সন্মান লাভ কৰে দেৱজিৎ তামুলীয়ে। তেওঁক ফুলাম গামোচা, এটা স্মাৰক, নগদ ১০ হাজাৰ টকাৰ লগতে মানপত্র প্ৰদান কৰা হয়। লতাশিলৰ খেলপথাৰত ১৯৫২ চনত গুৱাহাটী বিহু সন্মিলনীয়ে জন্ম লাভ কৰিছিল আৰু তেতিয়াৰ পৰাই গুৱাহাটী বিহু সন্মিলনীয়ে এক সুকীয়া ঐতিহ্যৰ ধাৰা অব্যাহত ৰাখি স্বকীয়তা বজাই ৰাখিবলৈ সক্ষম হৈছে। 

No comments