Breaking News

৪৮ বিধ বহু ব্যৱহৃত দৰৱক লৈ সতর্কবাণী শীর্ষ ঔষধ নিয়ামক সংস্থাৰ


ভাৰতত প্ৰায়ে ব্যৱহাৰ হৈ থকা ৪৮ বিধ ঔষধৰ নমুনা গুণগত মানৰ পৰীক্ষাত ব্যৰ্থ হৈছে। দেশৰ ঔষধৰ নিয়ামক সংস্থা ‘চেণ্ট্ৰেল ড্রাগছ ষ্টেণ্ডাৰ্ড
এণ্ড কন্ট্রল অর্গেনাইজেচনে' (চি ডি এছ চি অ') শেহতীয়াকৈ কৰা পৰীক্ষাত এই সচৰাচৰ ব্যৱহৃত ৪৮ বিধ ঔষধ নিম্নমানৰ বুলি ধৰা পৰিছে। এই ৪৮ বিধ ঔষধৰ ভিতৰত আছে এণ্টাচিছ, এণ্টিবায়'টিকছ, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণকাৰী আদি ঔষধ। চি ডি এছ চি অই গুণগত মান পৰীক্ষাৰ বাবে মুঠতে ১,৪৯৭ বিধ ঔষধৰ নমুনা সংগ্ৰহ কৰিছিল। তাৰে ৪৮ বিধ ঔষধ গুণগত মানৰ পৰীক্ষাত ব্যর্থ হয়। এয়া অৱশ্যে দেশৰ ঔষধৰ ক্ষেত্ৰখনত একেবাৰে নতুন কথা নহয়। সেয়ে উক্ত নিয়ামক সংস্থাই বছৰটোত একাধিকবাৰ আকস্মিকভাৱে ন-পুৰণি ঔষধৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। যোৱা ফেব্ৰুৱাৰীত চি ডি এছ চি অ'ই ১,২৫১ বিধ ঔষধৰ নমুনা সংগ্ৰহ কৰিছিল আৰু পৰীক্ষাত ৫৯ বিধ ঔষধ নিম্নমানৰ বুলি ধৰা পৰে । চলিত বছৰৰ জানুৱাৰীত ১,৩৪৮ বিধ ঔষধৰ নমুনা উক্ত নিয়ামক সংস্থাই পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল, য'ৰ ৬৭ বিধ ঔষধে নিৰ্দিষ্ট মান ৰক্ষা কৰাত ব্যর্থ প্রমাণিত হয়। চলিত বছৰত এতিয়ালৈকে প্ৰথম চাৰি মাহতে তিনিবাৰকৈ ঔষধৰ নমুনা পৰীক্ষা কৰা হৈছে। সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্রণালয়ৰ অধীনষ্ঠ নিয়ামক সংস্থাই ঔষধৰ গুণগত মান ৰক্ষাত ব্যৰ্থ হোৱাৰ বাবে মুঠতে ১৮টা ঔষধ প্রস্তুতকর্তা কোম্পানীৰ লাইচেন্স বাতিল কৰিছে। শেহতীয়া পৰীক্ষাত মৃগীৰোগৰ ঔষধ গাবাপেনটিন, মানসিক চাপৰ ঔষধ টালমিনছাৰটান, মধুমেহ ৰোগৰ গ্লিমেপাইৰাইড, মেটফৰনিন, এইছ আই ভিৰ ঔষধ ৰিট’নাভিৰ, হাইপাৰ টেনচনৰ ঔষধ টেলমা এ এম টেব, টেলমিছাটান ৪০ এম জি, এমল’ডিপাইন, আইন, ফলিক এডিড, প্র’বায়'টিকছ, মাল্টিভিটামিন, ভিটামিন-চি, ভিটামিন বি ১২ নিয়াচিনেমাইড ইঞ্জেকচন ব্যৰ্থ হৈছে। এই পৰীক্ষাত মহাৰাষ্ট্ৰৰ গ্লেনমার্ক, উত্তৰাখণ্ডৰ ছাইন’কেম, হাৰিয়ানাৰ নেষ্টৰ, উত্তৰ প্ৰদেশৰ জেবি জে এম, ছোলানৰ ৰোনাম ফার্মাচিটিউকেল কোম্পানী ব্যৰ্থ হৈছে 

No comments