Breaking News

চালানী মাছত বৰবিহ:বজাৰত অবাধে বিক্ৰী হৈ আছে বিষাক্ত মাছ


ৰাজ্যত চালানী মাছত বৰবিহ ফৰ্মেলিন ধৰা পৰা পাছতেই আশংকিত হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ৷ নগাঁও মহাবিদ্যালয়ৰ গৱেষণাত চালানী মাছত ১৫ শতাংশ পর্যন্ত কৰ্কট ৰোগৰ বাহক ফর্মেলডিহাইডৰ উপস্থিতি ধৰা পৰাত মীন বিভাগতো হাহাকাৰ লাগিছে। ইতিমধ্যে মীন বিভাগে চালানী মাছত ফৰ্মেলিন ব্যৱহাৰ বিষয়টো পৰীক্ষাৰ বাবে ৰাজ্যৰ চাৰিটাকৈ গৱেষণা প্ৰতিষ্ঠানক দায়িত্ব দিছে। চালানী মাছত বৰবিহ ফৰ্মেলিন ধৰা পৰাত মীন মন্ত্রী পৰিমল শুক্লবৈদ্যই ৰাইজক চালানী মাছ নাখাবলৈকে পৰামৰ্শ দিয়াৰ লগতে চালানী মাছৰ ফৰ্মেলিনৰ প্ৰসংগই দিল্লীতো চৰ্চা লাভ কৰিছে। বৃহস্পতিবাৰে নতুন দিল্লীত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ প্রশ্নৰ উত্তৰত কয়— 'মাছত যেতিয়া ফৰ্মেলিন ধৰা পৰে। তেনেহ'লে বাহিৰৰ নিৰ্দিষ্ট উৎসৰ পৰা মাছ অহাটো বন্ধ কৰিব পাৰো। লেব'ৰেটৰীৰ প্ৰতিবেদনৰ ভিত্তিত আমি ব্যৱস্থা ল'ম, লক্ষণীয় বিষয়টো হৈছে অসমত চালানী মাছত ফৰ্মেলিনক লৈ মীন মন্ত্ৰীয়ে নহয়, খোদ মুখ্যমন্ত্ৰীয়েও দিল্লীত থাকিও উদ্বিগ্নতা ব্যক্ত কৰা দেখা গ'ল। কিন্তু নাগৰিকৰ স্বাৰ্থৰ লগত জড়িত বিষয়টো সকলোৱে উদ্বিগ্নতা ব্যক্ত কৰিলেও অসমৰ বজাৰত বিনা বাধাই চালানী মাছৰ বিক্ৰী অব্যাহত আছে। অর্থাৎ নগাঁও মহাবিদ্যালয়ৰ গৱেষণাত তথ্য-প্রমাণ উন্মোচন হোৱাৰ পাছতো প্রতি দিনেই ট্রাকে ট্রাকে অসমলৈ চালানী মাছ আহি থকাই নহয়, সেই বৰবিহ স্বৰূপ মাছকে ৰাইজে খাবলৈ বাধ্য হৈছে। পৰীক্ষাত ফৰ্মেলিন ধৰা পৰাৰ পাছতেই তাৎক্ষণিকভাবে বহিঃৰাজ্যৰ পৰা মাছৰ সৰবৰাহ বন্ধ কৰি দিব লাগিছিল যদিও এতিয়া মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্য চৰকাৰে গৱেষণাগাৰৰ প্ৰতিবেদনলৈহে বাট চাই ৰৈছে । অথচ এই বিষাক্ত মাছকে আজিও ৰাইজে খাই আছে। তাৎপর্যপূর্ণভাৱে পূর্বেও চালানী মাছত ফৰ্মেলিন প্রয়োগক লৈ বজাৰে বজাৰে মন্ত্ৰী পীযূষ হাজৰিকাই চফৰ দিছিল যদিও পাছলৈ সেয়াও ক্ষন্তেকীয়া চমকত পৰিণত হ'ল। এক কথাত মীন বিভাগৰ বৰমূৰীয়াসকলে অন্ধপ্ৰদেশৰ বেপাৰীৰ পৰা কমিচন লৈ অসমৰ ৰাইজক ফর্মেলিনযুক্ত মাছকে খাবলৈ বাধ্য কৰোৱালে। উদ্বেগজনক বিষয়টো হৈছে নগাঁও মহাবিদ্যালয়ৰ তিনিমাহ জোৰা অধ্যয়নত পোহৰলৈ আহিছে যে চালানী মাছত ১৫ শতাংশতকৈ অধিক বিষাক্ত ফৰ্মেলিনৰ উপৰি ০.০০৩ শতাংশ কেডমিয়াম, ০.১৫ শতাংশ আৰ্চেনিকৰ উপস্থিতি ধৰা পৰিছে। নগাঁও মহাবিদ্যালয়ৰ প্ৰতিবেদনে মীন বিভাগৰ স্বৰূপ উন্মোচন কৰাৰ পাছতেই মীন মন্ত্রীয়ে গুৱাহাটী বিশ্ববিদ্যালয়, বহাৰ মীন মহাবিদ্যালয়, যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়কে ধৰি মুঠ ৪টা প্রতিষ্ঠানক ফৰ্মেলিনৰ পৰীক্ষা কৰিবলৈ দায়িত্ব প্রদান কৰিছে।

       ৰাইজৰ জীৱনক লৈ বিজেপি চৰকাৰে হেতালি খেলাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আম আদমি পার্টীয়ে। কৰ্কট ৰোগৰ বাহক মাৰাত্মক ফৰ্মেল ডি হাইড্ৰৰ উপস্থিতি ধৰা পৰা বহিঃৰাজ্যৰ চালানী মাছ সন্দৰ্ভত আম আদমি পাৰ্টীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এই সন্দৰ্ভত আপে এটা বিবৃতিত থলুৱা উদ্যোগ স্থাপনৰ কথা কোৱা অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ, যোগান  বিভাগ, মীন বিভাগে বিভাগীয় মন্ত্ৰীৰ সৈতে লগ লাগি কমিছনৰ ভাগ-বাটোৱাৰাতহে ব্যস্ত থকাৰ অভিযোগ কৰে। লগতে বহিঃৰাজ্যৰ পৰা আমদানিকৃত হানিকাৰক ৰাসায়নিক দ্রব্য মিহলোৱা চালানী মাছৰ মুকলি বিক্ৰীৰে জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে বুলি উল্লেখ কৰে। কমিছনৰ অংকতেই অসমৰ বজাৰত ফৰ্মেলিনযুক্ত চালানী মাছ বিক্ৰীৰ বাবে মুকলি কৰি দিয়াৰো অভিযোগ কৰে আপে।

No comments