Breaking News

কৰ্ণাটক বিধানসভা নিৰ্বাচনঃ নিৰ্বাচনী সমীক্ষা অনুসৰি কোনো গঠন কৰিব চৰকাৰ



ৰাজনৈতিক ক্ষেত্ৰতখনত শেহতীয়াকৈ অধিক চৰ্চিত হৈ বিষয় হৈ পৰিছিল কৰ্ণাটক বিধানসভা নিৰ্বাচন। অবশেষত জল্পনা-কল্পনা ওৰ পেলাই বুধবাৰে অনুষ্ঠিত হৈ যায় কৰ্ণাটক বিধানসভা নিৰ্বাচন। কৰ্ণাটক বিধানসভাৰ মেজিক নম্বৰ ১১৩।  বুধবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনত ৭০ শতাংশ ভোটাৰে ভোটদান সাব্যস্ত কৰে। এতিয়া প্ৰশ্ন হ’ল কৰ্ণাটক কাৰ দখললৈ যাব। যদিও বিজেপিয়ে কৰ্ণাটক সহজে জয় কৰাৰ সপোন দেখিছে সেয়া হয়তো ইমান সহজ নহ’ব। কাৰণ বিজেপি শাসনত থাকিবলৈ হ’লে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব। ইফালে জেডি(এছ) কৰ্ণাটক ত কিংমেকাৰ হ’ব বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে। 

উল্লেখ্য যে দেশৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠান আৰু এজেন্সিয়ে প্ৰকাশ কৰা অনুসৰি কৰ্ণাটক কংগ্ৰেছে দখল কৰাৰ সম্ভাৱণাই অধিক। এইক্ষেত্ৰত ৰিপাব্লিক টিভিৰ সমীক্ষাত কংগ্ৰেছক দিয়া হৈছে ৯৪-১০৮ আৰু বিজেপিক  দিয়া হৈছে ৮৫-১০০ খন আসন। ঠিক সেইদৰে টাইমচ নাওত কংগ্ৰেছে ১১৩ খন লাভ কৰাৰ বিপৰীতে বিজেপিৰ ৮৫ আসন দখল কৰাৰ ইংগিত দিছে। জান কী বাতৰ সমীক্ষাতো কংগ্ৰেছতকৈ বিজেপিক দিয়া হৈছে কম আসন। জান কী বাতৰ সমীক্ষাত কংগ্ৰেছক দিয়া হৈছে ৯৪-১১৭ আৰু বিজেপিক ৯১-১০৬ খন আসন। 

এইক্ষেত্ৰৰ পৰা চালে নিৰ্বাচনী সমীক্ষাত কংগ্ৰেছ চৰকাৰ গঠনৰ স্পষ্ট ইংগিত পোৱা হৈছে। প্ৰকৃততে কৰ্ণাটক বিজেপিৰ দখলতে থাকিব নে কংগ্ৰেছৰ হাতলৈ যাব তাৰ বাবে অপেক্ষা কৰিব লাগিব ফলাফললৈ। 

No comments