Breaking News

তিব্বত স্বাধীন হ'লেহে ভাৰত সুৰক্ষিত হ'ব: আন্তৰ্জাতিক সহযোগিতাৰ বাবে আহ্বান তিব্বতীয়ৰ


ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ তিব্বতৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ চলি থকা জি-২০ বৈঠকত অংশগ্রহণ কৰিবলৈ ভাৰতলৈ অহা বিভিন্ন দেশৰ নেতাসকলক তিব্বত যুৱ কংগ্ৰেছে আহ্বান জনাইছে। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত তিব্বত যুৱ কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত তিব্বত যুৱ কংগ্ৰেছৰ সভাপতি গনপো ধুত্তুপে কয়— তিব্বতৰ বর্তমান পৰিস্থিতি অতি ভয়াৱহ । চীনৰ অত্যাচাৰৰ বাবে তিব্বতৰ জনগণে চৰম দুর্ভোগ ভূগিছে। অশান্তিত দিন কটাইছে জনসাধাৰণে। তিব্বতক মুক্ত নকৰালৈকে আমাৰ আন্দোলন চলি থাকিব। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ স্বার্থও তিব্বতৰ স্বাধীনতাৰ সৈতে জড়িত। অসমৰ আয়ুসৰেখা বুলি কোৱা ব্ৰহ্মপুত্ৰৰ উৎপত্তি চীনত। ব্ৰহ্মপুত্ৰক লৈ চীনে প্ৰায়ে ষড়যন্ত্ৰ কৰে। কেতিয়াবা ব্ৰহ্মপুত্ৰৰ গতি সলনি কৰাৰ কথা কয় আৰু কেতিয়াবা পানী প্ৰদূষিতও কৰে। চীন কেতিয়াও নিৰ্ভৰযোগ্য ৰাষ্ট্ৰ হ'ব নোৱাৰে । এক অবিশ্বাসী ৰাষ্ট্ৰ চীন। চীনে তিব্বতক বৰ দুদর্শা কৰিছে। তিব্বতৰ স্বাধীনতাৰ বিষয়টো ভাৰতৰ নিৰাপত্তাৰ সৈতে জড়িত। গতিকে ভাৰতে আমাৰ লগত অধিক শক্তিশালীভাৱে থিয় দিব লাগে। আমি সদায় ভাৰতবৰ্ষক সহযোগিতা আগবঢ়াই যাম। এতিয়ালৈকে ১ মিলিয়ন তিব্বতীৰ জীৱন কাঢ়ি নিলে ৰঙা চীনে। লগতে আমাক আন্তর্জাতিক সহযোগিতাৰ প্ৰয়োজন। স্বাধীন তিব্বতৰ দাবীৰ লগতে বিশ্বজনীন সুৰক্ষা আৰু শান্তি বিচাৰি, ভাৰতৰ সুৰক্ষাৰ বাবে আমি এক পদযাত্ৰা আৰম্ভ কৰিছোঁ। ২৯ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এই পদ যাত্ৰাৰ ২৩ মে'ত তেজপুৰত সামৰণি পৰিব।' তিব্বতী যুৱ কংগ্ৰেছৰ ৮০ জনতকৈ অধিক সমর্থক-সদস্যই এই যাত্ৰাত অংশগ্ৰহণ কৰিছে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু ভাৰত- তিব্বত সহযোগিতা মঞ্চই এই যাত্ৰাত সহযোগিতা আগবঢ়াইছে।' সংবাদমেলৰ মঞ্চত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সম্পাদক সীমান্ত কুমাৰ বৈশ্যই তিব্বতীকসকলক সকলো ক্ষেত্রতে সহযোগিতা আগবঢ়াই যাব বুলি কয়। আনহাতে ভাৰত-তিব্বত সহযোগ মঞ্চৰ অধ্যক্ষ কৈলাস শৰ্মাই কয়— চীনৰ পৰা তিব্বতক মুক্ত কৰিব লাগে। তিব্বতে স্বাধীনতা লাভ কৰিলে অসমত উগ্ৰপন্থী সমস্যা নোহোৱা হ'ব। সেয়েহে ভাৰতবাসীয়ে তিব্বতক সহযোগিতা আগবঢ়াব লাগিব। এই সন্দৰ্ভত নৱেম্বৰ মাহত টাৱাঙ যাত্ৰা হ'ব।' সংবাদ মেলত তিব্বত যুৱ কংগ্ৰেছৰ উপ-সভাপতি টাছি, সাধাৰণ সম্পাদক ছোনাম আদি উপস্থিত থাকে। 

No comments