Breaking News

জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায়~ আঠাইশতম খণ্ড



                                                                                                              মালবিকা শৰ্মা, ভুবনেশ্বৰ


জীৱনত কেতিয়া কাৰ সৈতে দেখা হৈ যায়, একোকে  ক’ব নোৱাৰি। ইয়াত অহাৰ সময়ত এবাৰো ভৱা নাছিলো অঞ্জলিৰ দৰে মানুহ এজনীৰ সৈতে দেখা হ’ব আৰু আপোন মানুহৰ দৰে সম্পৰ্কটো হৈ উঠিব। নতুনকৈ অহাৰ পিছতে সৰু সুৰা কাম দুটামানৰ বাবে মাৰ লগত গৈ এপাৰ্টমেন্টৰ ওচৰতে থকা দৰ্জীজনীৰ সৈতে চিনাকী হৈছিলোঁ। এই বিষয়ে মই আগতেও উল্লেখ কৰিছোঁ। অতি সহজভাৱে তাই মাক মা আৰু মোক দিদি বুলি সম্বোধন কৰিবলৈ আৰম্ভ কৰিলে। এদিন গিৰিয়েককো লগত লৈ আনি আমাৰ সৈতে চিনাকী কৰি দি গ’ল। গিৰিয়েক কান্নাড়াভাষী হ’লেও তাইৰ লগত থাকি সামান্য বেংগলী ক’বলৈ শিকিছে। বছৰত এবাৰকৈ কলিকতাত ফুৰিবলৈ গ’লে সেইয়া কামত আহে। অঞ্জলিয়ে পিছে সাৱলীলভাৱে কান্নাড়া ভাষাত কথা কয়। তাইৰ কাপোৰ কানি, চুলিত ফুল গুজি সজাৰ ধৰনটোও ইয়াৰ মহিলা সকলৰ দৰেই।

কেইদিনমান আগতে তাই আমাৰ ঘৰলৈ আহোতে কৈছিল কলিকতাৰ পৰা মাক বাপেক ভায়েক ভনীয়েক সকলো ফুৰিবলৈ অহাৰ কথা আছে বুলি। তেতিয়া মা আৰু মই দৰাই দৰাই কৈছিলো তাইৰ ঘৰৰ মানুহখিনি আমাৰ ঘৰলৈ আনিবৰ বাবে।আজি হঠাতে ৰাতিপুৱা ভায়েকক লৈ তাই আহি হাজিৰ হ’ল। আমি দুপৰীয়া তাইৰ ঘৰলৈ ভাত খাব যাব লাগে। আজি দুপৰীয়া নোৱাৰো, পিছত যাম বুলি কওতে আকৌ ৰাতি খাবলৈ যাব লাগে বুলি আৰম্ভ কৰিলে। তাইক বুজাই ক’লো আবেলি চাহ খাই আহিমগৈ। বহুত বুজোৱাৰ পিছতহে তাই সৈমান হ’ল। কথা দিয়া মতেই মা আৰু ল’ৰাৰ লগত আবেলি তাইৰ ঘৰ ওলালোগৈ।

 উড়ুপিৰ মাছৰ বজাৰৰ কাষতে তাইৰ ঘৰটো, সৰু যদিও সুন্দৰ ঘৰটো। মণিপালত অহাৰে পৰা শ্ৰীযুত পাইৰ বাহিৰে আন কাৰো ঘৰ দেখা নাছিলোঁ। আজি তাইৰ ঘৰলৈ গৈ কিবা এটা ভাল লাগিল। তাইৰ মাক বাপেক ভনীয়েকৰ সৈতে বেংগলী ভাষাত কথা পাতি বেছ জমি উঠিল পৰিবেশটো। মানুহখিনি সহজ সৰল, আন্তৰিকতা থকা কথাবোৰ। দেউতাকজনে আগতে ৰেষ্টুৰেন্টত ৰন্ধা কাম কৰিছিল। সেয়ে জীয়েকৰ ঘৰলৈ আহিলেও নিজেই বনাবলৈ আগবাঢ়ি আহে। আজিও আমাক নিজ হাতে জিলাপী, চিঙৰা আৰু গোলাপ জামু বনাই খোৱালে। মৰমৰ চিন হিচাপে দুখন শাৰীও উপহাৰ পালোঁ। অহাৰ সময়ত বাৰে বাৰে তেওঁলোকক আমাৰ ঘৰলৈ আহিবলৈ অনুৰোধ কৰি আহিলোঁ।

ঘৰত অহাৰ পিছতো বহুত দেৰীলৈ তেওঁলোকৰ কথাবোৰ, ঘৰটো মনলৈ আহি থাকিল। আমি যাওতে ঘৰত শহুৰ শাহুৱেকো আছিল। শহুৰেক বহু বছৰৰ পৰাই বিচনাত পৰি থকা বুলি অঞ্জলিয়ে আমাক জনালে। শাহুৱেক জনীক লগ পালোঁ। আমাৰ কাষত বহি লৈ তেওঁ নিজৰ ভাষাতে দুই এটা কথা ক’লে। আমিও আকাৰে ইংগিতেৰে উত্তৰ দিলোঁ, ভালেই লাগিল। অহাৰ সময়ত তেওঁক আমাৰ ঘৰলৈ আহিবলৈ মাতোতে তেওঁ না না বুলি মূৰ জোকাৰা দেখি অঞ্জলিক সুধিলোঁ। তাই ক’লে তেওঁক অসমলৈ মতা বুলি ভাৱিছে। পিছতহে অঞ্জলিয়ে বুজাই দিয়াত তেওঁ আহিব বুলি সন্মতি প্ৰকাশ কৰিলে।(আগলৈ)

No comments