Breaking News

ৰাজ্যৰ প্রতিটো সমষ্টিত গঠন কৰা হ'ব একোটাকৈ ৰাজহ চক্ৰ



জিলা উপায়ুক্তসকলক অধিক ক্ষমতা প্ৰদান আৰু তলৰ পৰ্যায়লৈকে ক্ষমতা বিকেন্দ্ৰীকৰণৰ লক্ষ্য লৈ সোমবাৰৰ পৰা তিনিচুকীয়াত আৰম্ভ হোৱা উপায়ুক্ত সন্মিলনৰ দ্বিতীয় দিনা অর্থাৎ মঙলবাৰৰ কাৰ্যসূচীত ভাগ লয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই। সন্মিলনত অংশগ্ৰহণৰ পূৰ্বে মুখ্যমন্ত্রী শর্মাই তিনিচুকীয়াৰ ঘাইপথত ১৫.২০ কোটি টকা ব্যয় সাপেক্ষ কনভেনশ্বন চেণ্টাৰটো উদ্বোধন কৰে। সন্মিলনৰ আজিৰ দিনটোৰ আৰম্ভণি বৈঠকত উপস্থিত থকা ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা মুখ্য সচিবকে ধৰি শীৰ্ষ বিষয়া আৰু জিলা উপায়ুক্তসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে বিগত দুটা বছৰত অসমৰ জনসাধাৰণৰ উন্নয়ন তথা এক নতুন আশাৰে ভৰা অসম নিৰ্মাণৰ প্রচেষ্টা আৰু সপোনৰ যাত্ৰা আৰম্ভ কৰিছিল। এই সময়ছোৱাত ৰাজ্য চৰকাৰে বহু প্রাপ্তিৰ সুখ অনুভৱ কৰাৰ লগতে বহুকেইটা পথৰ যাত্ৰাৰ দিশ তাংকন কৰিবলৈ সক্ষম হৈছে। ৰাজ্য চৰকাৰৰ বিগত দুটা বছৰৰ কাৰ্যকালত মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপন, ১১ হাজাৰৰো অধিক বিহুৱা বিহুৱতীৰ অংশগ্রহণেৰে বিহুক বিশ্ববাসীৰ সন্মুখত প্ৰদৰ্শন কৰা আদি পদক্ষেপৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে বড়ো চুক্তি, কাৰ্বি চুক্তি, ডিমাচা চুক্তি আৰু আদিবাসী চুক্তিয়ে ৰাজ্যখনত শাস্তিৰ এক অভূতপূর্ব পৰিবেশ সৃষ্টি কৰাৰ লগতে জনসাধাৰণৰ অকুণ্ঠ সহযোগিতাত ৰাজ্যখনে এক আন্দোলন বিবর্জিত পৰিবেশ লাভ কৰিবলৈ সক্ষম হৈছে। তদুপৰি ৰাজ্যখনৰ বৃহৎ অঞ্চলৰ পৰা অশান্ত অঞ্চল আইন প্রত্যাহাৰ কৰা হৈছে। ৰাজ্যখনলৈ উদ্যোগিক বিনিয়োগ অহাৰ পথ প্রশস্ত হৈছে বুলি উল্লেখ কৰি তা শমইি কর যে বিগত দুটা বছৰত অসমলৈ ১৫ হাজাৰ কোটি টকাতকৈও অধিক বিনিয়োগ ৰাজ্য চৰকাৰে আনিবলৈ সক্ষম হৈছে আৰু বহুকেইটা বিনিয়োগৰ প্রস্তাব উদ্যোগ বিভাগৰ ওচৰত বিবেচনাধীন হৈ আছে। সমগ্ৰ ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নত ৰাজ্য চৰকাৰে সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। ৰাজ্য চৰকাৰে গড় হিচাপে প্ৰতি বছৰে ২৫ হাজাৰ কোটি টকাৰ মূলধনী বায় কৰিবলৈ সক্ষম হৈছে আৰু ৰাজ্যখনৰ জি ডি পিয়ে ২০২৩-২৪ বৰ্ষত ৫ লাখ ৫০ হাজাৰ কোটি টকাৰ ঘৰ স্পৰ্শ কৰিবলৈ সক্ষম হ'ব বুলি কেন্দ্রীয় চৰকাৰে ধাৰণা কৰিছে বুলি তেওঁ লগতে কয়। ৰাজ্য চৰকাৰে জি এছ টি আৰু অন্যান্য ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত এটা সুন্দৰ পৃষ্ঠভূমি তৈয়াৰ কৰিবলৈ সক্ষম হৈছে বুলিও উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কৃষিখণ্ডত ধান সংগ্ৰহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে লোৱা প্ৰচেষ্টাই এক নতুন গতি লাভ কৰিছে। তদুপৰি ৰাজ্যখনৰ চাহ উদ্যোগেও বিগত বৰ্ষত ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে অসম মালা প্ৰকল্পৰ ৰূপায়ণ, জিলাসমূহত লেগুবেংক' সৃষ্টি, মিছ বসুন্ধৰা ৰূপায়ণ আদিৰ ক্ষেত্ৰত লাভ কৰা সফলতাৰ কথাও উল্লেখ কৰে। ৰাজ্যৰ প্রশাসনীয় কাম-কাজ ত্বৰান্বিত কৰাৰ উদ্দেশ্যৰে প্রতিটো সমষ্টিত একোটা ৰাজহ চক্ৰ গঠন কৰা হ'ব। একোটা সমষ্টিত এটাই হ'ব ৰাজহ চক্র। ইয়াৰ জৰিয়তে ৰাজহ বিভাগৰ বিভিন্ন কাম-কাজ সঠিকভাৱে ৰূপায়ণৰ বাট মুকলি হ'ব। স্বাস্থ্যসেবা খণ্ডত এবছৰতে তিনিখনকৈ চিকিৎসা মহাবিদ্যালয় মুকলি হোৱাতো অসমৰ ইতিহাসত এক নজিরবিহীন ঘটনা ৰূপে প্ৰমাণিত হৈছে। তদুপৰি অৰুণোদয় আঁচনি, মুখ্যমন্ত্রী আয়ুষ্মান অসম আঁচনি আদিকে ধৰি আঁচনিসমূহৰ ৰূপায়ণত ৰাজ্যখনে ইতিমধ্যে লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ কয়। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে। ৰাজ্যখনৰ সকলোবোৰ জিলা সমভাবে উন্নয়নৰ দিশত আগুৱাই যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আঁচনি ৰূপায়ণত পিছপৰি থকা কোনো জিলাৰ উপায়ুক্তই এই দিশত উন্নত প্ৰদৰ্শন কৰা জিলাখনলৈ গৈ সেই জিলাখনে কিদৰে সফলতা লাভ কৰিব পাৰিছে সেই সম্পর্কে বুজ ল'ব। আগন্তুক ছমাহত পিছপৰি থকা জিলাসমূহ মুখ্য সচিব, অতিরিক্ত মুখ্য সচিব তথা অভিভাৱক মন্ত্রী আৰু অভিভাৱক সচিবসকলে ধাৰাবাহিকভাৱে ভ্ৰমণ কৰি প্ৰদৰ্শন উন্নত কৰাৰ বাবে বিভিন্ন দিশ তদাৰক কৰিব। জিলা উপায়ুক্তৰ এই সন্মিলনত সকলো জিলাক সমভাৱে উন্নয়ন কৰাটো এক প্রধান আলোচ্য বিষয় হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে প্রশাসনৰ কেন্দ্ৰ হিচাপে জিলা উপায়ুক্তসকলে কিদৰে কাৰ্য সম্পাদন কৰিব পাৰে সন্মিলনত সেই দিশতো বিস্তারিতভাবে আলোচনা কৰা হ'ব। তেওঁ কয় যে জিলা এখনৰ অৰ্থনৈতিক গতি কোন দিশেৰে গৈছে সেয়া জনাতো অত্যন্ত প্রয়োজনীয়। ইয়াৰ পূর্বে মুখ্যমন্ত্রীয়ে আজি তিনিচুকীয়াত নৱনির্মিত সন্মিলন কেন্দ্রটো আনুষ্ঠানিকভাবে উদ্বোধন কৰে। উল্লেখ্য যে ১৫.৬০ কোটি টকা বায়বে নির্মিত এই অত্যাধুনিক সন্মিলন কেন্দ্রটোত আলোচনা কক্ষ, অতিথি কক্ষ আদিকে ধৰি বহু সুবিধা সন্নিবিষ্ট কৰা হৈছে। মুখ্যমন্ত্রীয়ে এই উদ্বোধনী অনুষ্ঠানতে সন্মিলন কেন্দ্ৰটোত প্রদর্শনীমুলকভাৱে ৰখা চিংফৌ  জনগোষ্ঠীৰ পৰম্পৰাগত চাই 'ফালাপ'ৰ সোৱাদ লয়। উল্লেখ্য যে ফালাপক তিনিচুকীয়া জিলাৰ 'বান ডিস্ট্রিক্ট বান প্রডাক্ট' হিচাপে উদগণি যোগোৱা হৈছে। তদুপৰি তেওঁ উক্ত স্থানতে থলুৱা কাজি নেমুৰ চৰবতৰ সোৱাদো লয়। সন্মিলন কেন্দ্ৰৰ  উদ্বোধনী অনুষ্ঠানৰ পাছত উপস্থিত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কালিৰে পৰা আৰম্ভ হোৱা জিলা উপায়ুক্ত সন্মিলনত জিলা উপায়ুক্তসকলক পাঁচটা গোটত বিভক্ত কৰি ৰাজা চৰকাৰৰ এগৰাকী মন্ত্ৰী আৰু এগৰাকী অতিৰিক্ত বা মুখ্য সচিবৰ সৈতে দিনজোৰা কৈ সমীক্ষা বৈঠক অনুষ্ঠিত হৈ গৈছে। পুৱা ১০ বজাৰ পৰা নিশা ৯ বজালৈ চলা এই সমীক্ষা বৈঠকত জিলা উপায়ুক্ত সকলে প্রেজেন্টেশান' দাঙি ধৰাৰ লগতে এগৰাকী চৰ মন্ত্ৰী আৰু এগৰাকী অতিৰিক্ত মুখ্য সচিবে সেই প্রেজেন্টেশানৰ ওপৰত তেওঁলোকৰ মন্তব্য লিপিবদ্ধ কৰিছে। ৰাজ্য চৰকাৰে সমষ্টি পর্যায়লৈ জিলা উপায়ুক্তৰ কাৰ্যালয় লৈ যোৱাৰ পৰিকল্পনা কৰিছে। আনহাতে কাইলৈ সন্মিলনত ১২খন ধ্বজাবাহী আচনি অসমত কিদৰে ৰূপায়া হৈছে বা সেই সন্দৰ্ভত আলোচনা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে সদৰি কৰে যে প্ৰতি হুমাহৰ মুৰে মুৰে অনুষ্ঠিত জিলা উপায়ুক্ত সন্মিলনৰ পৰৱৰ্তী সন্মিলনখন উত্তৰ লখিমপুৰত অনুষ্ঠিত হ'ব। আনহাতে জুন মাহত বঙাইগাঁৱত অনুষ্ঠিত হ'ব আৰক্ষী অধীক্ষকৰ সম্মিলন। উক্ত বৈঠকত মন্ত্ৰীসকল ৰঞ্জিৎ কুমাৰ দাস, অতুল বৰা, ইউ জিব্ৰহ্ম, কেশৱ মহন্তু পরিমল শুক্লবৈদ্য, অজন্তা নেওগ, চন্দ্ৰমোহন পাটোৱাৰী, ডাঃ ৰগোজ পেগু, যোগেন মহন, সঞ্জয় কিষাণ, অশোক সিংহল, বিমল বড়া, নন্দিতা গালোচাৰ উপৰি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী তথা মুখ সচিব পৱন কুমাৰ বৰঠাকুৰকে ধৰি শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। 

No comments