Breaking News

ছুপ্রিম ক'ৰ্টত উন্মোচিত 'ছেবি'ৰ মিথ্যাচাৰ:আদানি গ্ৰুপৰ বিৰুদ্ধে ছেবিয়ে কৰা নাছিল কোনো তদন্ত


সম্প্ৰতি বহুচৰ্চিত তথা বিতৰ্কিত উদ্যোগপতি গৌতম আদানি মালিকানাধীন আদানি গ্ৰুপৰ কোম্পানীৰ বিৰুদ্ধে কোনো তদন্তই চলোৱা নাই শ্বেয়াৰ বজাৰৰ নিয়ন্ত্রক ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’র্ডে (ছেবি)। ২০১৬ চনৰ পৰা ‘ছেবি’য়ে আদানি গ্ৰুপৰ কোম্পানীসমূহৰ বিৰুদ্ধে তদন্ত চলোৱা বুলি প্ৰকাশিত সকলো বাতৰি ভিত্তিহীন। আজি উচ্চতম ন্যায়ালয়ত এক শপতনামা দাখিল কৰি এই কথা জনালে ‘ছেবি’য়ে। স্বাভাৱিকভাৱে ‘ছেবি’ৰ এই বক্তব্যত ক্ষুব্ধ হৈ উঠিছে বিৰোধী। উল্লেখ্য যে ২০২১ চনত খোদ লোকসভাত বিত্ত বিভাগৰ ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে জনাইছিল যে ‘ছেবি’য়ে আদানি গ্ৰুপৰ বিৰুদ্ধে তদন্ত চলাই আছে আদানি- হিণ্ডেনবার্গ গোচৰত ছেবিয়ে দাখিল কৰা অতিৰিক্ত শপতনামাত কার্যতঃ উন্মোচিত হ’ল আদানি সন্দৰ্ভত কেন্দ্ৰৰ মিথ্যাচাৰ ৷ শপতনামাত ছেবিয়ে তদন্তৰ বাবে অধিক সময় বিচাৰি আবেদন কৰাৰ লগতে জনায় যে ৫১টা কোম্পানীৰ বিৰুদ্ধে তদন্ত চলি আছে যদিও এই তালিকাত আদানি গ্রুপৰ কোনো কোম্পানী নাই। ‘ছেবি’ৰ শপতনামা সন্দৰ্ভত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে আশ্চর্য প্ৰকাশ কৰি কয়— এয়া আদানি গ্রুপক ৰক্ষা কৰাৰ ফন্দি।
 

No comments