Breaking News

চি বি আইৰ অভিযোগনামাত এন চি বিৰ ১৮ কোটিৰ কেলেংকাৰী তথ্য ফাদিল



কেন্দ্রীয় নার্ক টিক কণ্ট্ৰ'ল ব্যুৰ'ৰ প্ৰাক্তন মাণ্ডলিক সঞ্চালক সমীৰ বাংখেড় নেতৃত্বত এটা দলে ভুৱা ড্ৰাগছৰ গোচৰৰ পৰা ৰেহাই দিয়াৰ বাবদ অভিনেতা শ্বাহৰুখ খানৰ পৰিয়ালৰ পৰা ২৫ কোটি টকা ভাবুকিৰে আদায়ৰ চেষ্টা কৰি ১৮ কোটি টকা গ্ৰহণ কৰিবলৈ সন্মত হৈছিল। এন চি বিৰ গোটটোৰ দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত কৰা চি বি আয়ে অভিযোগনামাত এই কথা উল্লেখ কৰি কয় যে ২০২১ চনৰ ২ অক্টোবৰত এন চি গিয়ে মুম্বাইৰ এখন বিলাসী জাহাজৰ পৰা শ্বাহৰুখ খানৰ পুত্ৰ আৰু তেওঁৰ কেইবাগৰাকীও বন্ধু-বান্ধৱীক গ্ৰেপ্তাৰ কৰি ড্ৰাগছ সেৱনৰ গোচৰত জড়িত কৰোৱাৰ ভাবুকি দিছিল। এন চি বিৰ গোটটোৱে সাক্ষী হিচাপে ব্যৱহাৰ কৰা দুজন লোকৰ মাজৰ কে পি মোছাৰিয়ে শ্বাহৰুখ খানৰ পৰিয়ালৰ পৰা ৫০ লাখ টকা আদায় কৰিছিল। শ্বাহৰুখ-পুত্র আৰয়ান খান আৰু তেওঁৰ বন্ধুকেইজনৰ বিৰুদ্ধে ড্ৰাগছৰ গোচৰ জাপি দিয়াৰ পিচত ভাবুকি দি এই ধন লাভ কৰিছিল এন চি বিৰ বিষয়াকেইজনেও। বাংখেড়সহ এন চি বিৰ বিষয়াকেইজনৰ বিদেশ ভ্রমণ, মূল্যবান হাতঘড়ী আদিত এনেদৰে লুণ্ঠন কৰা ধন ব্যয় কৰা হৈছিল বুলি চি বি আয়ে অভিযোগনামাত উল্লেখ কৰিছে। অভিযোগনামাত বর্ণনা কৰামতে বিদেশ ভ্ৰমণৰ খৰচ আৰু মূল্যৱান সামগ্ৰীৰ খৰচৰ লগত এন চি বিৰ বিষয়া বাংখেড়ে আৰু আশিস ৰঞ্জনৰ আয়ৰ লগত সামঞ্জস্য নাই। তেওঁলোকে বিদেশ ভ্রমণ আৰু ব্যৱহাৰ কৰা মূল্যৱান সামগ্ৰী সন্দৰ্ভত উপযুক্ত ব্যাখ্যা দিব পৰা নাই। উল্লেখনীয় যে চি বি আয়ে দাখিল কৰা অভিযোগনামাত এন চি বিৰ মাণ্ডলিক সঞ্চালক সমীৰ ৱাংখেড় আৰু অধীক্ষক আশিস ৰঞ্জন, বিশ্ববিজয় সিঙৰ লগতে মোছাৱি আৰু ছেনভাইল ডিছুজাৰ নাম উল্লেখ কৰিছে। ২০২১ ৰ অক্টোবৰত শ্বাহৰুখ খানৰ পুত্ৰক গ্ৰেপ্তাৰ কৰাৰ পিচত নিশাটোৰ ভিতৰতে সমীৰ বাংখেড় সাহসী বিষয়া হিচাপে দেশত বিখ্যাত হৈ পৰিছিল। কিন্তু 'কৰ্ডেলিয়া' নামৰ বিলাসী জাহাজখনৰ পৰা আৰয়ান খান আৰু অন্যান্যসকলক ষড়যন্ত্রমূলকভাৱে আটক কৰা বাতৰি প্ৰকাশ পোৱাৰ লগে লগে শ্বাহৰুখ খানৰ পৰিয়ালৰ পৰা এন চি বি দলে ২৫ কোটি টকা দাবী কৰি কিছু ধন আদায় কৰাৰ তথ্যও পোহৰলৈ আহিছিল। এন চি বিয়ে সাক্ষী হিচাপে ব্যৱহাৰ কৰা মোছাৱি আৰু ডিছুজাই শ্বাহৰুখ খানৰ মেডিকে পৰিয়াল তথা মেনেজাৰ পূজা দাদলানীৰ পৰিষদৰ লগত যোগাযোগ কৰি বৃহৎ অংকৰ ধনখিনি এন চি বিৰ বিষয়াকেইজনৰ বাবে আদায়ৰ কাৰণে কাম কৰিছিল। এই ঘটনাটো মোডী চৰকাৰৰ নিৰ্দেশত কৰা হৈছে বুলিও সমালোচনা হোৱাত এনে বদনাম দূৰ কৰাৰ বাবেও কেন্দ্ৰই এন চি বিৰ দলটোৰ বিৰুদ্ধে চি বি আইৰ তদন্তত অনুমতি দিবলৈ একপ্ৰকাৰে বাধ্য হৈছিল।

No comments