Breaking News

প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ বিৰুদ্ধে হাইক ৰ্টত পি আই এল দাখিল এন অ' চি ফাউণ্ডেশ্যনৰ


২০১৮ চনৰ ১৭ ফেব্ৰুৱাৰীত এক অধিসূচনাযোগে অসমত ‘ৰেড কেটেগৰী' উদ্যোগৰ অন্তৰ্গত কেলচাইনড পেট্রলিয়াম ক'ক স্থাপনৰ অনুমতি দিয়া ৰাজ্যিক নহ'ব বুলি লোৱা সিদ্ধান্ত তথা সকলো নীতি-নিয়ম উলংঘা কৰি প্ৰদূষণ নিয়ন্ত্রণ পৰিষদে প্ৰদূষণ সৃষ্টিকাৰী ‘ৰেড কেটেগৰী' উদ্যোগ স্থাপনৰ অনুমতি দিয়াক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হৈছে এখন ৰাজহুৱা স্বার্থজড়িত আবেদন (পি আই এল)। এন অ' চি ফাউণ্ডেচন নামৰ সংগঠনটোৱে দাখিল কৰা ৩২/২০২৩ নম্বৰৰ এই পি আই এলখনৰ অলপতে শুনানি গ্রহণ হ'লেহে কৰি উচ্চ ন্যায়ালয়ে সংশ্লিষ্ট উদ্যোগটোৰ ক্ষেত্ৰত স্থিতাৱস্থা বাহাল ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে। অহা ২৫ মে'ত পি আই এলখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। গুচৰীয়া পক্ষই আদালতৰ দৃষ্টিগোচৰ কৰে যে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ২০১৮ চনৰ ১৭ ফেব্ৰুৱাৰীত এক অধিসূচনাযোগে অসমত ‘ৰেড কেটেগৰী' উদ্যোগৰ অন্তৰ্গত কেলচাইনড পেট্রলিয়াম ক'ক স্থাপনৰ অনুমতি দিয়া ৰাজ্যিক নহ'ব বুলি এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল। লগতে কোনো গোট যদি স্থাপনো হৈছে তাৰ পৰৱৰ্তী অখিল সম্প্ৰসাৰণৰ অনুমতি দিয়া নহ'ব বুলিও পৰিষদে সিদ্ধান্ত লয়। লক্ষণীয়ভাৱে এনে সিদ্ধান্ত থকাৰ পিচতো প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে মেছাৰ্ছ এম এম কার্বন প্রডাক্ট প্রাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোক আমিনগাঁৱত কেলচাইনড পেট্রলিয়াম ক’ক উদ্যোগৰ গোট স্থাপনৰ অনুমতি প্ৰদান কৰে। এই সন্দৰ্ভত গুচৰীয়া পক্ষই ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰে যে মেছাৰ্ছ শ্যাম কার্বন এল এল পি, গুৱাহাটী, নামৰ প্ৰতিষ্ঠানটোৱে নতুন কেলচাইনড পেট্ৰ'লিয়াম ক’ক স্থাপনৰ অনুমতি বিচাৰি এখন আবেদন দাখিল কৰিছিল। কিন্তু ২০২২ চনৰ ২৭ জানুৱাৰীত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে এনে আবেদন নাকচ কৰে। ইয়াৰ বিপৰীতে কিন্তু ২০২২ চনৰ ৩১ ডিচেম্বৰত মেছাৰ্ছ এম এম কার্বনক আমিনগাঁৱত নতুন কেলচাইনড পেট্ৰ'লিয়াম ক'ক স্থাপনৰ অনুমতি দিয়া হয়। আদালতত দাখিল কৰা তথ্যানুসৰি এম শিক্ষ এম কার্বনক ২০১২ চনতে কেলচাইনড পেট্ৰ'লিয়াম ক’ক স্থাপনৰ অনুমতি দিয়া হৈছিল। ইয়াৰ ম্যাদ  আছিল এবছৰ। সেই অনুসৰি এবছৰৰ পিচতে ম্যাদ উকলি যায়। ২০২১ চনৰ ২৪ মাৰ্চত এম এম কার্বনে আমিনগাঁৱত ক'ক উদ্যোগৰ গোট স্থাপনৰ বাবে অনুমতি বিচাৰি নতুনকৈ আবেদন দাখিল কৰে। পৰৱৰ্তী পৰ্যায়ত ২০২২ চনৰ ৩১ ডিচেম্বৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে এম এম কার্বনক নতুনকৈ ক'ক গোট স্থাপনৰ অনুমতি দিয়ে। এনেদৰে অনুমতি দিয়াক লৈয়ে এন অ' চি ফাউণ্ডেচন নামৰ সংগঠনটোৱে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ পি আই এল দাখিল কৰে।
 

No comments