Breaking News

ৰাজ্যত নিযুক্তি প্ৰাৰ্থীৰ মাজত হাহাকাৰ:অমিত শ্বাহৰ বাবে পুনৰ সলনি নিযুক্তি পত্ৰ বিতৰণৰ দিন



পুনৰ সলনি হ'ল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি-পত্ৰ বিতৰণৰ দিন। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ দিন পুনৰ সলনি কৰাৰ পৰিপ্ৰেক্ষিতত সলনি কৰা হয় নিযুক্তি- পত্ৰ বিতৰণৰ দিন। ২৬ মে'ৰ পৰিৱৰ্তে ২৫ মে' লৈ অমিত শ্বাহৰ অসম ভ্ৰমণৰ কাৰ্যসূচী আগুৱাই অনা বাবে নিযুক্তি-পত্ৰ প্ৰদানৰ দিনো ২৫ মে লৈ আগুৱাই অনা হৈছে। পূৰ্বে ১১ মে'ত নিযুক্তি-পত্ৰ বিতৰণ কৰা হ'ব বুলি ঘোষণা কৰিছিল স্বয়ং মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। সেইমৰ্মে নিযুক্তিৰ বাবে বাছনিত উঠা দূৰ দূৰণিৰ বহু প্রার্থীয়ে গুৱাহাটীলৈ ৰে'ল-বাছৰ টিকটো কাটি লৈছিল। কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ কাৰ্যসূচী ২৬ মে লৈ পিছুওৱাৰ পৰিপ্ৰেক্ষিতত নিযুক্তি-পত্ৰ বিতৰণৰ দিনো ২৬ মে লৈ পিছুওৱা হয়। ফলত ৰে'ল-বাছৰ টিকট ক্ৰয় কৰা শ শ প্রার্থী বিমোৰত পৰে। শেহতীয়াভাৱে নিযুক্তিৰ বাবে বাচনিত উঠা প্ৰাৰ্থীসকলে ২৬ মে'ত গুৱাহাটীলৈ অহাৰ বাবে সাজু হয়।পুনৰ কাটি লয় ৰে'ল-বাছৰ টিকট। কিন্তু অমিত শ্বাহৰ কাৰ্যসূচী ২৫ মে লৈ আগুৱাই অনাৰ পৰিপ্ৰেক্ষিতত নিযুক্তি-পত্ৰ বিতৰণৰ দিন পুনৰ সলনি কৰাত হাহাকাৰ লাগে প্ৰাৰ্থীসকলৰ মাজত।  ইতিমধ্যে দ্বিতীয়বাৰৰ বাবে গাঁঠিৰ ধন ভাঙি ৰে'ল-বাছৰ টিকট কাটি সেই টিকটো কার্যতঃ পানীত পৰাত বিপদত পৰিছে প্ৰাৰ্থীসকল। বাধ্য হৈ এনে প্রার্থীয়ে ফেচবুক- হোৱাট্‌ছএপতে তীব্র অসন্তুষ্টি প্ৰকাশ কৰে। লুইত শ‍ইকীয়া নামৰ এজন প্ৰাৰ্থীৰ স্পষ্ট কথা— 'ছাৰ আমি দুখীয়া ঘৰৰ ল'ৰা। ট্ৰেইনৰ এবাৰ টিকট কাটিবলৈয়ে অসুবিধা। তেনেস্থলত দুই-তিনিবাৰ টিকট কাটো বুলিলেই কেনেকৈ কাটো? এটা কথা কওকচোন, অমিত শ্বাহ অহা-নহাৰ লগত আমাৰ নিযুক্তি-পত্ৰ বিতৰণ কৰাৰ বিষয় কি কথা আছে? কথাটো হ'ব লাগিছিল যে আমাক নিযুক্তি-পত্ৰ দিয়াৰ দিনা তেওঁ পাৰিলে উপস্থিত  থাকিব, কিন্তু হৈছেগৈ যে তেওঁ অহাৰ দিনাহে আমাক নিযুক্তি-পত্র দিব।' মনজিত বৰা নামৰ এজন প্রার্থীয়ে কৈছে— 'বাছ-ৰে'লৰ টিকটৰ পইচা কোনে দিব?' গোপাল তালুকদাৰ নামৰ এজন প্রার্থীয়ে কৈছে— ‘ধেমালি পাইছে নেকি? এবাৰ টিকট বাতিল কৰি টকা ভৰিলোঁ। এতিয়া পুনৰ টিকট বাতিল কৰিব লাগিব পইচা ক'ত পাম?' ৰূপা তালুকদাৰ নামৰ এগৰাকী প্ৰাৰ্থীয়ে কয় – “এইবোৰ কি খেল খেলি আছে? বাৰে বাৰে টিকট বাতিল কৰিব লগা হৈছে। গুৱাহাটীলৈ নোযোৱাকৈয়ে এবাৰত ৫৫০ টকাকৈ মুঠ ১,১০০ টকা ভৰিবলগীয়া হৈছে।' উল্লেখ্য, ১০ মে'  আছিল হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয় বর্ষপূর্তি। প্রথমে ১০ মে'ত নিযুক্তি-পত্ৰ প্ৰদান কৰাৰ কথা আছিল বাচনিভুক্তসকলক। ১০ মে'ত অমিত শ্বাহ উপস্থিত থাকিব নোৱাৰা বাবে ১১ মে'ত নিযুক্তি-পত্ৰ বিতৰণ কৰাৰ কথা ঘোষণা কৰিছিল চৰকাৰখনে। ১১ মে'ৰ সূচীও সলনি কৰি ২৬ মে' নিৰ্ধাৰণ কৰাত ২৬ মে'ত নিযুক্তি-পত্ৰ বিতৰণ কৰা হ'ব বুলি ঘোষণা কৰে। শেহতীয়াভাৱে হোৱা অমিত শ্বাহৰ ভ্ৰমণসূচী ২৫ মে লৈ আগুৱাই অনা বাবে তৃতীয়বাৰৰ বাবে নিযুক্তি-পত্ৰ বিতৰণৰ দিনো সলনি কৰা হয়। যাৰ ফলত এতিয়া শ শ প্ৰাৰ্থীৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। 

No comments