Breaking News

ৰাজ্যত অব্যাহত আছে স্মাৰ্ট মিটাৰ বিতৰ্ক: স্মাৰ্ট মিটাৰ প্ৰকৃততে কিমান স্মাৰ্ট ??


এপিডিচিএল তথা ৰাজ্য চৰকাৰে স্মাৰ্ট মিটাৰৰ ৰিডিং নিখুঁত আৰু সন্দেহমুক্ত, গ্ৰাহকৰ হিতৰ পক্ষত বুলি বাৰম্বাৰ দাবী কৰি আহিলেও বিদ্যুৎ গ্ৰাহকৰ মাজত সাম কটা নাই স্মার্ট মিটাৰ বিতৰ্ক। বিশেষকৈ মোবাইল (Mybijulee) এপৰ দ্বাৰা দৈনিক বিদ্যুতৰ খৰচৰ তালিকা প্ৰত্যক্ষ কৰি বহু গ্রাহক চিন্তিত হৈ পৰিছে। স্মাৰ্ট মিটাৰত গ্ৰাহকৰ দৈনিক খৰচ হোৱা যি বিদ্যুতৰ ইউনিটৰ তালিকা 'মাই বিজুলী' এপত উপলব্ধ হৈছে সেয়া কিমান দূৰ নিখুঁত আৰু বাস্তৱসন্মত ইয়াক লৈও প্ৰশ্ন উঠিছে। অনেক স্মার্ট মিটাৰৰ গ্ৰাহকৰ দৈনিক বিদ্যুৎ খৰচৰ ইউনিট কেতিয়াবা হঠাৎ অস্বাভাৱিকভাৱে বেছি আহে। দৈনিক দুইৰ পৰা তিনি ইউনিট বিদ্যুৎ খৰচ হোৱা গ্ৰাহকৰো কেতিয়াবা বিজুলী এপত ১৮-২০ ইউনিট বিদ্যুৎ খৰচ হোৱাৰ হিচাপ আছে। কেতিয়াবা আকৌ দুই-এদিনৰ বিদ্যুতৰ খৰচৰ বিল নাহেই। এপিডিচিএলৰ মতে যোগাযোগৰ অসুবিধাৰ বাবে হেনো কেতিয়াবা দুদিনৰ বিল এদিনত এডজাষ্ট কৰা হয়। মুঠতে স্মার্ট মিটাৰৰ মহিমা অপাৰ। বিস্ময়ান্বিত অবুজ গ্রাহকৰ কৌতূহল প্ৰশ্ন— 'বিশ্বাসে মিলয় বিদ্যুৎ, তর্কে বহু দূৰ।' ' স্মার্ট মিটাৰ লুণ্ঠনৰে এক নতুন ফন্দি নেকি? স্মার্ট মিটাৰৰ স্মাৰ্ট ফান্দৰ জৰিয়তে ইচ্ছা আৰু প্রয়োজন মতে ৰাজ্যৰ লক্ষ লক্ষ বিজুলী গ্ৰাহকৰ পৰা প্ৰকৃত বিদ্যুৎ খৰচৰ তুলনাত দুই তিনিগুণ বিল আদায় কৰি উদং ৰাজকোষলৈ হাজাৰ হাজাৰ কোটি টকা সৰকোৱাৰ পাং পাতিছে নেকি এপিডিচিএলে।' যোৱা ১১ মে'ত গ্ৰাহকৰ বিদ্যুত বিল আন দিনৰ তুলনাত হঠাৎ ২-৩ গুণ বেছি আহিল। এই সন্দৰ্ভত গ্ৰাহকৰ মাজত হাহাকাৰ লগাৰ লগতে সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাত এপিডিডিএলে পূৰ্বৰ গতানুগতিক ধৰণে এক বিজ্ঞপ্তি জাৰি কৰি গ্ৰাহকক আশ্বস্ত কৰাৰ চেষ্টা কৰে। বিজ্ঞপ্তিত এপিডিডিএলে কয় যে যোগাযোগৰ সমস্যাৰ বাবে কিছু স্মাৰ্ট মিটাৰে হেনো ৯ আৰু ১০ মে'ত প্রি-পেইড বেলেঞ্চ কর্তন কৰিব পৰা নাছিল। সেয়েহে দুদিনৰ বেলেঞ্চ একেলগে ১১ মে'ত ৯ আৰু ১০ মে'ৰ দুদিনৰ বেলেঞ্চ একেলগে কৰ্তন কৰাতহে বিদ্যুতৰ ইউনিট বৃদ্ধি পালে। কাজেই এপিডিডিএলৰ ব্যাখ্যাত আশ্বস্ত হ'ব পৰা নাই গ্রাহক। এনেই স্মার্ট মিটাৰৰ বিদ্যুৎ বিলক লৈ আৰম্ভণিৰে পৰা গ্ৰাহকৰ মাজত সন্দেহ আৰু সংশয় আছিলেই। কোনো কাৰণ নোহোৱাকৈয়ে পূৰ্বৰ তুলনাত গ্ৰাহকৰ বিদ্যুৎ মাচুল দুগুণ-তিনিগুণ পর্যন্ত বৃদ্ধি পাইছে। পূৰ্বতে ৫০০ টকাৰ ভিতৰত বিদ্যুতৰ বিল পৰিশোধ কৰা গ্ৰাহকৰ এজনেও স্মাৰ্ট মিটাৰ হোৱাৰ পাছত হাজাৰ টকাৰ ওপৰত বিল পৰিশোধ কৰিবলগীয়া হৈছে। পূৰ্বতে এচি, ফ্রীজ চলায়ো দৈনিক ৮০-৯০ টকা খৰচ নোহোৱা লোক এজনৰ ঘৰত এতিয়া এচি, ফ্ৰীজ নচলোৱাকৈয়ে ৮০-৯০ টকা বিল অহা হৈছে। এনেবোৰ কাৰণত হাজাৰ হাজাৰ গ্ৰাহকৰ পূৰ্বৰ পৰাই এপিডিচিএলৰ বিৰুদ্ধে সন্দেহ আছিল। কিন্তু শেহতীয়াকৈ এপিডিচিএলে যোগাযোগৰ সমস্যাৰ বাবে দুদিনৰ বিল এদিনত মিলোৱা বুলি যি বেপেৰোৱা বিবৃতি দিলে এই বিবৃতিয়ে যেন গ্ৰাহকক বাৰুকৈয়ে ক্ষোভিত কৰি তুলিছে। বহু গ্রাহকে সামাজিক মাধ্যমত তথ্যসহ নিজ নিজ অস্বাভাৱিক বিদ্যুতৰ বিল তুলি ধৰি জাউৰিয়ে জাউৰিয়ে প্রশ্ন এপিডিডিএল তথা চৰকাৰক কৰিছে। এপিডিডিএললৈ গ্ৰাহকৰ যুক্তি পূর্ণ প্রশ্নবান— ‘যোগাযোগৰ সমস্যাৰ বাবে কিছুমান স্মার্ট মিটাৰে ১০ মে'ত যোগাযোগ স্থাপন কৰিব পৰা নাছিল' বোলে। বাহ! এয়া আকৌ কেনে স্মার্ট মিটাৰ? মানে তেওঁলোকে ইমান দিনে আমাক স্মাৰ্ট মিটাৰ বুলি এনে কাৰিকৰী ত্রুটি থকা মিটাৰৰ কথাহে কৈ আছিল। স্মাৰ্ট মিটাৰত এটা দিনত বেলেঞ্চ কর্তন নহ'ল বুলি ক'লেই হ'বনে? কথাটো ইমান সাধাৰণ নে? যদি সেইদিনা ইমান গুৰুতৰ বিসংগতি এটা হৈছিলেই গ্রাহকক এটা মেছেজ দি কিয় জনোৱা নহ'ল? মানে আপোনালোকৰ স্মাৰ্ট মিটাৰৰ এই ‘স্মার্টনেছ’ আপোনালোকে লুকুৱাই ৰাখিছিল? ৯ মে' আৰু ১১ মে'ৰ ব্যৱহাৰৰ ভিত্তিত ১০ মে'ৰ বেলেঞ্চ কাটিলে? মানে এভাৰেজ উলিয়াই ল’লে? আপোনালোকৰ বুদ্ধি-বৃত্তি দেখোন তুলনাবিহীন! কোনে অধিকাৰ দিলে আপোনালোকক গ্ৰাহকক নজনোৱাকৈ এভাৰেজ উলিয়াই মাছুল কাটিবলৈ? সেইদিনা এক ইউনিটি শক্তি ব্যৱহাৰ নকৰাজনকো আপোনালোকে মাছুল লগাই দিলে? আপোনালোকৰ এয়া স্মার্ট মিটাৰৰ স্মার্টনেছ? আজি বিয়লি হঠাৎ মেছেজ আহিল - মোৰ বেলেঞ্চ মাইনাছ ৩৮ টকা, হ'ব পাৰে, মই চোৱা নাছিলো। লগে লগে ১,০০০ টকাৰ ৰিচাৰ্জ কৰিলো, এইবাৰ বেলেঞ্চ দেখুৱালে ৮৭১ টকা। ইমানেই স্মার্ট এই মিটাৰ।' মুঠতে গ্রাহক এপিডিচিএলৰ ভাষ্যত তিলমাত্রও আশ্বস্ত হ'ব পৰা নাই। স্মার্ট মিটাৰ হোৱাৰ পাছত বিদ্যুতৰ বিল পূৰ্বৰ তুলনাত কমিব বুলি দিয়া চৰকাৰৰ নিৰ্ভয় বাণীও সম্প্ৰতি প্ৰহসনলৈ পৰিণত হৈছে। 

No comments