Breaking News

পৃথিৱীয়ে সহিব পৰা নাই মাৰ্কিন গৰ্ব নিউয়ৰ্ক চহৰৰ ভৰ



বিভিন্ন মাধ্যমত ভাৰতৰ উত্তৰাখণ্ডৰ যোশীমঠ নামৰ এখন সৰু পাহাৰীয়া চহৰ প্ৰাকৃতিক আৰু  মানৱসৃষ্ট কাৰণত অলপ অলপকৈ ডুবিবলৈ ধৰাৰ খবৰ প্ৰকাশ হোৱাৰ সময়ত প্ৰকৃতিৰ ৰোষতকৈয়ো অপৰিকল্পিত নিৰ্মাণৰ বাবে চৰকাৰ-প্ৰশাসন আৰু বাসিন্দাক অধিক দোষাৰোপ কৰা হৈছিল। কিন্তু সেই একেই মানৱসৃষ্ট কাৰণতে বিশ্বৰ আটাইতকৈ খ্যাতনামা চহৰৰ অন্যতম  নিউয়র্ক চিটীৰ বেদনা নিউয়র্ক চিটাও ক্রমান্বয়ে মাটিৰ তললৈ ডুবি যাবলৈ ধৰিছে। প্ৰতিবছৰে নিউয়র্ক চহৰখন ১-২ মিলিমিটাৰকৈ মাটিৰ এতি তিললৈ সোমাই গৈ আছে। নিউয়র্ক চহৰ ডুবাৰ মূল কাৰণ হৈছে ইয়াৰ একে বুকুত নিৰ্মাণ কৰা স্কাইস্ক্ৰেপাৰকে ধৰি অসংখ্য কংক্ৰিটৰ নিৰ্মাণৰ ভৰ। আকাশ স্পৰ্শ কৰা অট্টালিকা নিৰ্মাণ কৰি বিশ্বৰ সন্মুখত মার্কিন চৰকাৰে যি গৰ্ব কৰিছিল, সেই গৰ্ব এনেদৰে এদিন আক্ষৰিকভাৱেই ধুলিৰ লগত মিলি যাব তেনে আশংকা কোনেও কৰা নাছিল। অৱশ্যে নিউয়র্ক চহৰ  ডুবি যোৱাৰ দোষত কেৱল এই নির্মাণেই নহয়, দুটাকৈ ভয়ংকৰ চাইক্লনৰ ফলত চহৰৰ ভিতৰত সোমাই পৰা সমুদ্ৰৰ লুণীয়া পানীৰ দ্বাৰা হোৱা ক্ষতিৰ দৰে প্ৰাকৃতিক কাৰণো আছে। কিন্তু মূল কাৰণ হৈছ চহৰখনৰ বুকুত নিৰ্মাণ কৰা বিশাল বিশাল অট্টালিকাৰ কংক্ৰিটৰ ভৰ। গৱেষকে এয়াই নিউয়র্ক চহৰ ডুবাৰ প্ৰধান কাৰণ বুলি দাবী তেওঁ কৰিছে।'এডভান্সিং আর্থ এও স্পেচ ছায়েন্স' নামৰ এখন বিখ্যাত জার্নেলত নিউয়র্ক চহৰ ক্ৰমাৎ মাটিৰ তললৈ বহি যোৱা বা ডুবি যোৱা বুলি গবেষণালব্ধ তথ্য প্রকাশ পোৱাৰ লগে লগে বিশ্বজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ৰ'ড আইলেণ্ড বিশ্ববিদ্যালয়ৰ গ্ৰেজুৱেট স্কুল অব অচেন'গ্রাফী' শিক্ষা প্রতিষ্ঠানৰ গৱেষকে এই তথ্য প্রকাশ কৰিছে। তাত কোৱা হৈছে— ‘সমগ্ৰ বিশ্বৰ বহু উপকূলৱৰ্তী চহৰৰ দৰে নিউয়র্ক চহৰো ক্ৰমাৎ তললৈ বহি গৈছে। ঘাইকৈ বৃহৎ অট্টালিকাৰ বোজা আৰু নিৰ্মাণৰ ঘনত্বৰ বাবে চহৰখনৰ ভূমিভাগে সেই বোজা সহ্য কৰিব পৰা নাই। আঠ নিযুত বাসিন্দা থকা চহৰখন সামগ্ৰিকভাৱে বছৰি ১-২ মিলিমিটাৰ তললৈ বহি গৈছে। কেতবোৰ স্থানৰ ডুবি যোৱাৰ হাৰ ইয়াতকৈ অধিক।'নিউয়র্ক চহৰখনৰ অৱস্থিতি হিমনদীৰ বিস্তীর্ণ অঞ্চলত । ইয়াৰ উপৰিভাগৰ ভূমিভাগ গঠিত হৈছে চূর্ণশিল, বালিশিল, বোকাশিলৰ পৰা, য'ত বোকাময় হ্ৰদৰ উপৰি এসময়ত বৰফৰ পৰা উদ্ভৱ হোৱা হিমনদী আছিল। সেই কাৰণতে নিউয়র্ক চহৰৰ ভূমিৰ উপৰিভাগ কঠিন নহয়, বৰং ভংগুৰ আৰু কোমল। ইতিমধ্যে চহৰখনৰ উচ্চতাতকৈ কাষৰীয়া আটলান্টিক মহাসাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধি পোৱাৰ দিশে আগবাঢ়িছে। সেই আশংকা বিশ্বৰ অন্যান্য উপকূলৱৰ্তী চহৰৰ তুলনাত ৩-৪ গুন অধিক। গৱেষকসকলে তেওঁলোকৰ তথ্যত ভয়ংকৰ দাবী কৰি কৈছে ২১০০ চনত নিউয়র্ক ৫০০ৰ পৰা ১৫০০ মিলিমিটাৰ মাটিৰ তললৈ বহি যাব। গৱেষণা পত্ৰখনত গৱেষকসকলে 'ছাবছিডেন্স' শব্দটো ব্যৱহাৰ কৰিছে, যাৰ অৰ্থ ‘ছিংকিং” বা অসমীয়াত 'ডুবন্ত'। ইয়াৰ অন্যার্থ, গৱেষকে নিউয়র্কক ডুবন্ত চহৰ বুলিয়েই বৰ্ণনা কৰিছে। গৱেষকৰ মতে চহৰখনৰ দুৰ্বল ভিত্তিয়ে তাৰ ওপৰত নিৰ্মাণ কৰা অজস্ৰ অট্টালিকাৰ ভাৰ ল'বলৈ অক্ষম হৈছে। সুউচ্চ অট্টালিকা অর্থাৎ স্কাইস্ক্ৰেপাৰৰ ভৰ নিউয়ৰ্কৰ বাবে অসহনীয় হৈ পৰিছে। তদুপৰি অতি ঘন ঘনকৈ অসংখ্য অট্টালিকা নিৰ্মাণ কৰা হৈছে। নিৰ্মাণৰ এই ঘনত্বই নিউয়ৰ্কৰ বহনক্ষমতা হ্ৰাস কৰি আনিছে। 'প'ষ্ট মেচিয়েল আইচ ষ্টেটিক ইফেক্ট'ৰ ফলত ইতিমধ্যে চহৰখনৰ ভূমিভাগ ভংগুৰ হৈ পৰিছে।

      একে সময়তে দুটা ভয়ংকৰ চাইক্লনৰ ফলত নিউয়র্ক চহৰখনৰ ভূমিৰ উপৰিভাগ আৰু অন্তর্ভাগ ক্ষতিগ্ৰস্ত হৈছে। ২০১২ চনত হোৱা হাৰিকেন ছেণ্ডি আৰু ২০২১ চনত হোৱা হাৰিকেন ইডাৰ ফলত চহৰখনৰ ভিতৰলৈ সমূদ্ৰৰ লুণীয়া পানী সোমাই আহিছিল। সেই লুণীয়া জল পাছত বাহিৰলৈ উলিয়াই পঠিওৱা সম্ভৱ নহ'ল। লুণীয়া পানী শুহি ল'লে চহৰৰ নৰম মাটিয়ে। সেই লুণীয়া পানীয়ে চহৰখনৰ ভেটি আৰু অন্তৰ্ভাগৰ মাটিৰো প্ৰবল ক্ষতি কৰিলে। এনে ক্ষতি চাইক্লন বা হাৰিকেনে সদায় উপকূলবর্তী অঞ্চলত কৰে। কিন্তু আন আন স্থানত অর্থাৎ উপকূলৰ কাষতে নিউয়র্কৰ দৰে বিশাল বিশাল অট্টালিকাৰে ভৰপুৰ চহৰৰ অৱস্থিতি সিমান দেখা নাযায়। নিউয়র্কে ফল ভুগিছে সমুদ্রবেষ্টিত হৈয়ো প্ৰকৃতিৰ নিময় নমনাকৈ কৰা নিৰ্মাণৰ বাবে। যি স্কাইস্ক্ৰেপাৰক লৈ মাৰ্কিন জনগণে গৌৰৱ কৰিছিল সেই স্কাইস্ক্ৰেপাৰ এদিন ধুলিৰ লগত মিলি যাব প্ৰকৃতিৰ ৰোষত। কেৱল ভাৰতৰ যোশীমঠেই নহয়, মানৱসৃষ্ট কাৰণতে ধুলিসাৎ হ'ব মার্কিন গর্ব নিউয়র্কো। 

No comments