Breaking News

কেন্দ্ৰীয় মন্ত্রীসভাত ৰদ-বদল:আইন দপ্তৰৰ পৰা কিৰেণ ৰিজিজুক অব্যাহতি মোদীৰ


কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনত  বিজেপিৰ শোচনীয় পৰাজয়ৰ পাছতে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আচম্বিতে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ ৰদ-বদল কৰে। লক্ষণীয়ভাৱে এই ৰদ বদলত অৰুণাচলৰ সাংসদ কিৰেণ ৰিজিজুৰ পৰা কৰ্তন কৰা হয় গুৰুত্বপূৰ্ণ আইন মন্ত্রণালয়। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা আৰম্ভ কৰি সমস্ত ন্যায় ব্যৱস্থাটোক আৰম্ভণিৰে পৰা কঠোৰ সমালোচনা কৰি আহিছিল কেন্দ্রীয় মন্ত্রীজনে। বিশেষকৈ ন্যায়ধীশ নিযুক্তিৰ ক্ষেত্ৰত কলেজিয়াম ব্যৱস্থাৰ স্বচ্ছাতাক লৈ সত্যত সৰৱ হৈ আহিছে সদ্য প্রাক্তন আইনমন্ত্রীজন। সমলিংগৰ বিবাহ আইনক উচ্চতম ন্যায়ালয়ৰ স্বীকৃতি সন্দৰ্ভতো উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক নির্দেশনাক মুকলিভাৱে সমালোচনা কৰিছিল ৰিজিজুৱে। ইয়াৰ ফলত উচ্চতম ন্যায়ালয়ৰ ভর্ৎসনাৰো সন্মুখীন হয়। এনেবোৰ বিতৰ্কৰ মাজতে কেন্দ্রীয় আইনমন্ত্ৰীৰ পদৰ পৰা বৃহস্পতিবাৰে ৰিজিজুক আঁতৰাই দিয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অৰুণাচলৰ বিজেপি নেতাজনক কম গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় ভূ-বিজ্ঞান মন্ত্রণালয়ৰ দায়িত্ব দিয়া হয়। কিৰেণ ৰিজিজুৰ স্থানত আইন মন্ত্ৰণালয়ৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব অর্পণ কৰা হৈছে ৰাজস্থানৰ বিজেপি সাংসদ অর্জুন ৰাম মেঘৱালক। বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ভৱনৰ পৰা এই ৰদ-বদলৰ বিজ্ঞপ্তি প্রকাশ কৰা হয়। বিজেপিৰ সূত্ৰৰ মতে দেশৰ ন্যায় ব্যৱস্থাক মুকলি সমালোচনা কৰি থকাৰ ফলত চৰম অস্বস্তিত পৰিছিল কেন্দ্ৰীয় চৰকাৰৰ ন্যায় বিভাগৰ সৈতে মুকলি সংঘাতত লিপ্ত হোৱাৰ ফলত সময়ে সময়ে উচ্চতম ন্যায়ালয়ৰ ৰোষৰ সন্মুখীন হ'বলগীয়া হয় কেন্দ্ৰীয় চৰকাৰ। সেয়েহে কিৰেণ ৰিজিজুক আইন মন্ত্ৰীৰ পদৰ পৰা আঁতৰাই উচ্চতম ন্যায়ালয়ক এটা ইতিবাচক বার্তা দিব বিচাৰিছে প্রধানমন্ত্রী মোদীয়ে। উল্লেখ্য যে বিদায়ৰ পূৰ্বে টুইট যোগে কিৰেণ ৰিজিজুয়ে দেশৰ প্ৰধান বিচাৰপতিৰ পৰা আৰম্ভ কৰি উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়সমূহৰ সকলো ন্যায়াধীশক ধন্যবাদ জনায়। ‘স্বাধীনভাৱে’ কাম কৰিবলৈ দিয়াৰ বাবেও ন্যায় বিভাগক ধন্যবাদ জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্রীজনে। প্রধানমন্ত্রী মোদীয়ে আজি মন্ত্ৰীসভাৰ সাল-সলনিৰ সময়ত কিৰেণ ৰিজিজুক যি ভূ-বিজ্ঞান মন্ত্রণালয়ৰ দায়িত্ব দিয়ে সেই মন্ত্রণালয়টো আইন মন্ত্রণালয়কৈ যথেষ্ট কম গুৰুত্বপূৰ্ণ মন্ত্রণালয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলক যথেষ্ট গুৰুত্ব দিয়াৰ পাছতে কিৰেণ ৰিজিজুক তেওঁৰ মন্ত্ৰীসভাত আইন মন্ত্ৰণালয়ৰ দৰে গুৰুত্বপূৰ্ণ মন্ত্ৰণালয়ৰ দায়িত্ব অর্পণ কৰিছিল। কিন্তু শেহতীয়াকৈ বিজেপিৰ আভ্যন্তৰত জনগোষ্ঠীয় নেতাজসকলক লৈ যি নবী কেন্দ্ৰীয় ৰাজনীতিৰ তুংগত উঠিছে ৰিজিজু এই ৰাজনীতিৰে বলি হোৱা বুলি চৰ্চা চলিছে। 

No comments