Breaking News

বর্তমান অসম আৰক্ষীত চলিছে নেকি ছিণ্ডকেট ৰাজ ? জোনমনি হত্যাকাণ্ডই মনত পেলালে জ্যোতি লোহাৰ হত্যাকাণ্ড


আৰক্ষীৰ সৈতে ছিণ্ডিকেটৰ সুসম্পর্ক উদঙালে জোনমণি হত্যাকাণ্ডই।এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই আৰক্ষীৰ বৰঘৰতে কেঁচু খান্দেতে সাপ ওলোৱাৰ উপক্ৰম ঘটিছে। এক কথাত জোনমণি কাণ্ডই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন স্মার্ট অসম আৰক্ষীৰ ছিণ্ডিকেট ৰাজ্যৰ যেন মুখা খুলি দিলে। সাহসী আৰক্ষী বিষয়া জোনমনিৰ মৃত্যুৰ পাছতেই নকল সোণ, জালনোট আৰু গৰু স্মাৰ্গলিং চক্ৰৰ সৈতে অসম আৰক্ষীৰ বিষয়া-জোৱানৰ মিতিৰালি উন্মোচন হোৱাত এতিয়া আৰক্ষী সঞ্চালক প্রধান জিপি সিঙে দুর্নীতিৰে নিমর্জিত আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নে নাই সেয়া হ'ব লক্ষণীয়। অৱশ্যে নকল সোণ আৰু জাননোট চক্ৰৰে জড়িত তলৰ পৰ্যায়ৰ দুই এজন আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি ৰৌ-ব্ৰালিক ৰেহাই দিব নেকি সেই দিশটো অনাগত দিনত স্পষ্ট হ'ব। অৱশ্যে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই লখিমপুৰ আৰু নগাঁও আৰক্ষীয়ে দুষ্টচক্ৰৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি অহাৰ তথ্য প্রমাণ জল-জল পট-পট হৈ পৰিল যদিও এই মুহূৰ্তলৈ ছিণ্ডিকেটৰে নাম সাঙুৰ খাই পৰা কোনো এজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে কোনো তদন্তই কৰা নাই বৰমূৰীয়াসকলে । আনকি চাকৰিত যোগদান কৰাৰ দিনৰে পৰা লখিমপুৰতে খুঁটি পুতি বহি লোৱা অতিৰিক্ত আৰক্ষী অধীক্ষ ৰুণা নেওগ নকল সোণৰ ছিণ্ডিকেট গেঙৰ সৈতে জড়িত থকাৰ তথ্য প্রমাণ পোহৰলৈ অহাই নহয়, দুষ্ট চক্ৰৰ বিৰুদ্ধে এজাহাৰ দিয়া লোকক টেলিফোনত ভাবুকি দিয়া অডিঅ' ভাইবলে হোৱাৰ পাছতো আৰক্ষী বিষয়াগৰাকীৰ । প্ৰতি ৰহস্যজনক কাৰণত অহেতুক দৰদহে দেখা পোৱা গৈছে গৃহ বিভাগৰ। ইয়াৰ পৰা প্ৰমাণ হয় নকল সোণ তথা জালনোটৰ ছিণ্ডিকেট চক্ৰটো কিমান শক্তিশালী আৰু গেংটোৰ পৰা শীর্ষ আৰক্ষী বিষয়া আৰু দিছপুৰীয়া নেতাই যে কমিচনৰ ভাগ লাভ কৰি আহিছে। এনে কাৰণতে ৰ আৰক্ষী বৰমূৰীয়াসকলেও এ এছপি ৰণা নেওগৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ সাহস কৰা নাই বুলিও ম্ল আৰক্ষীৰ ভিতৰচ'ৰাতে চর্চা লাভ কৰিছে। নকল সোণ আৰু জালনোটৰ চক্ৰৰ বিৰুদ্ধে অভিযোগ দিলেই অভিযোগকাৰীকে ওলোটাই জে'লত ভৰাই থোৱাৰ ভয়-ভাবুকি দিয়া এ এছ পি ৰুণা নেওগৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ এগৰাকী মন্ত্ৰীৰ সৈতে ঘৰৱা সম্পৰ্ক থকাৰ ৰ বাবেই বছৰ বছৰ ধৰি লখিমপুৰত নকল সোণ-জাল নোটৰ গেঙৰ উঠি ৰজা- বহি ৰজা হৈ আছিল ৰ বুলিও চৰ্চালৈ আহিছে। একে সময়তে জোনমণিৰ মৃত্যুৰ পাছতেই জোনমণিৰ মাতৃয়ে নগাঁও আৰক্ষী কি দৰে গৰু চোৰাং সৰবৰাহী চক্ৰৰ পৰা কমিচন লৈ আহিছে তাৰ ভয়ংকৰ নেক্সাছ ৰ পোহৰলৈ আনিছে। গৰুৰ চোৰাং সৰবৰাহকাৰীৰ পৰা অধিবক্তাৰ জৰিয়তে সাধাৰণ থানা 3. পৰ্যায়ৰ বিষয়াই ধন সংগ্ৰহৰ তথ্য প্রমাণো উদঙাই দিছে। যাৰ বাবে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ সমান্তৰালভাৱে নকল সোণ, জাল নোট আৰু গৰু ছিণ্ডিকেট তদন্তকো গুৰুত্ব দিবলৈ অসম আৰক্ষীক আহ্বান জনাইছে সচেতন মহলে। 

      এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই সম্প্রতি তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্য। জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাক লৈ ৰহস্যৰ সৃষ্টি হৈ থকাৰ সময়তে আৰক্ষী সঞ্চালকপ্ৰধানৰ নিৰ্দেশমৰ্মে চি আই ডিয়ে ইতিমধ্যে অভিযান । আৰম্ভ কৰিছে। কালি নিশাৰে পৰা লখিমপুৰত থিতাপি লোৱা চি আই ডিৰ তিনিজনীয় দলে আজি পুৱাই জিলাখনৰ নাওবৈচাৰ বৰচলাত অভিযান আৰম্ভ কৰে। দলটিয়ে লখিমপুৰ আৰক্ষীৰ সহযোগত আজগৰ আলিৰ বাসগৃহত অভিযান চলাই আজগৰ আলিৰ মাতৃ আমিনা খাতুনক জেৰা কৰে যদিও মাতৃক জেৰা কৰাৰ সময়ত আজগৰ আলিয়ে আত্মগোপন কৰে। লখিমপুৰত চি আই ডি দলে চলোৱা অভিযানত নকল সোণ, জালনোটৰ চক্ৰ বিৰুদ্ধে কেনেধৰণৰ পদক্ষেপ লয় সেয়া সময়ত পৰিস্ফুট হ'ব। লখিমপুৰবাসী ৰাইজে লখিমপুৰত চলি থকা জালনোট নকল সোণৰ ব্যৱসায় উৎখাতৰ নিৰপেক্ষ তদন্তৰ দাবী জনাইছে। 

     এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ আঁৰত লখিমপুৰৰ বঙালমৰা এলেকাৰ নকল সোণ, জাল নোটৰ ব্যৱসায় চক্ৰটোত জড়িত থকাৰ তথ্য পোহৰলৈ অহাৰ সময়তে ঘটনাটোক লৈ ন ন দিশ উন্মোচন হৈছে। ইয়াৰে এক জ্বলন্ত উদাহৰণ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ  লখিমপুৰ জিলা সমিতিৰ কোষাধ্যক্ষ আবু চুহিদক বিজেপিয়ে উক্ত পদৰ পৰা অব্যাহতি দিছে । বিশেষকৈ নকল সোণৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ অপৰাধত লখিমপুৰ জিলা কাৰাগাৰত কাৰাবাস খটা আবু চুহিদক ৭ মাহৰ পূৰ্বে বিজেপি সংখ্যালঘু মৰ্চাৰ জিলা কোষাধ্যক্ষৰ পদ দিয়া হৈছিল। বিজেপিৰ লগত জড়িত নথকা এটা অপৰাধী হিচাপে পৰিচিত লোকজনক বিজেপিত । কিয় অর্ন্তভুক্ত কৰা হ'ল তাক লৈ দলৰ মাজতে তীব্র অসন্তুষ্টিয়ে বিৰাজ কৰাৰ সময়তে কালি আবু চুহিদক উক্ত পদৰ পৰা অপসাৰিত কৰা কাৰ্যই বিশেষ তাৎপর্য বহন কৰিছে। উল্লেখ্য, ২৬ এপ্রিলত এক সংবাদ মেলত হাচিনা বেগম নামৰ মহিলাগৰাকীয়ে তথ্য সহকাৰে আৰু চুহিদ নকল সোণ, জাল নোট ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন কৰাৰ পাছতো জিলা  বিজেপি অথবা বিজেপি সংখ্যালঘু মৰ্চাই তেওঁৰ বিৰুদ্ধে কোনো ব্যবস্থা লোৱা নাছিল। কিন্তু হ শেহতীয়া ঘটনাৰাজিৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে বাধ্য হৈ আৰু চুহিদক উক্ত পদৰ পৰা র অব্যাহতি দিয়ে। আনহাতে, আবু চুহিদক লৈ বিতৰ্ক চলি থকাৰ সময়তো বিজেপিৰ সাংসদ প্ৰদান বৰুৱা, জিলা সভাপতি ফণীধৰ বৰুৱা, নেতা-পালিনেতাৰ সৈতে হলি-গলি ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

    জোনমনি ৰাভাৰ হত্যাকাণ্ডৰ দৰেই ১৯৯৫ চনৰ ১৩ অক্টোবৰত গোলাঘাট জিলাৰ সেই সময়ৰ গোলাঘাটৰ আৰক্ষী অধীক্ষক আইপিএছ বিষয়া ৰাঘৱেন্দ্ৰ অগস্থীয়ে জ্যোতিলোহাৰ নামৰ এজন  এজন ব্যৱসায়ীক নৃশংসভাৱে হত্যা কৰি মৃতদেহ ধনশিৰি নৈৰ বুকুত পেলাই দিছিল । উক্ত হত্যা কাণ্ডৰ ৰহস্য ভেদ কৰিছিল গোলাঘাটৰ সাংবাদিক বিকাশ শর্মাই।উক্ত হত্যাকাণ্ডৰ তদন্ত CID য়ে কৰি অৱস্তীক ৩০২ ধাৰাৰ গোচৰত অভিযুক্ত কৰিছিল। CID ৰ আগত সেই সময়ৰ অৱস্তীৰ গাড়ী চালক কিৰণ বুঢ়াগোহাঁইৰ বিস্ফোৰক স্বীকাৰোক্তিত উন্মোচন হৈছিল এই নৃশংস হত্যাকাণ্ডৰ কাহিনী।এই হত্যাকাণ্ডত জড়িত গোলাঘাট আৰক্ষী থানাৰ বহুকেইজন ভাৰপ্ৰাপ্ত বিষয়া, উপ-পৰিদৰ্শককে ধৰি, কেইবাজনো কনিষ্টবল, অৱস্তীৰ দেহৰক্ষী আদি কেইবাজনেও গ্ৰেপ্তাৰ বৰণ কৰিবলগীয়া হৈছিল।খাকী পোচাকেৰে বলীয়ান হৈ নৃশংসভাবে হত্যা কৰা জ্যোতি লেহাৰৰ গোচৰ আজিও আদলতত গেঁথেলা মাৰি আছে। 

       আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুত ভাৰতৰ গণতান্ত্রিক যুব ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে গভীৰ শোক প্রকাশ ভ কৰিছে। এটা বিবৃতি সংগঠনটোৰ নেতৃত্বই কয়— ক্ৰমাত গভীৰ ৰহস্যৰ মাজত সোমাই পৰা জোনমণি ৰাভাৰ মৃত্যুৰ সঠিক তথ্য এক উচ্চ আৰু নিৰপেক্ষ অনুসন্ধানেহে দিব পাৰিব।আচৰিত কথা যে এই ঘটনাৰ সৈতে নকল সোণৰ চক্ৰ আৰু খোদ আৰক্ষীৰ বিৰুদ্ধেই গুৰুতৰ আভিযোগ উত্থাপিত হৈছে। এনে বহু সন্দেহজনক দিশেই শেহতীয়াকৈ পোহৰলৈ আহিছে। 

   সন্দেহজনক জোনমণিৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকাও একেবাৰে দায়িত্বহীন। ৰাজ্য কঁপাই যোৱা জোনমণিৰ মৃত্যুৰ ঘটনাক মুখ্যমন্ত্ৰীয়ে পাতল আৰু দায়সৰা কথাৰে এৰি যাব বিচাৰিছে। ডি ৱাই এফ আইৰ দাবী মুখ্যমন্ত্ৰীয়ে জোনমণিৰ মৃত্যুৰ ঘটনাক গুৰুত্ব প্ৰদান কৰি ব্যৱস্থা গ্ৰহণ কৰক। এই গোটেই ঘটনাটোৰ লগত কোটি কোটি টকাৰ চোৰাং ব্যৱসায় জড়িত। এইই বিষয়টো কেৱল আৰক্ষীৰ মাজতেই যে সীমাবদ্ধ হৈ আছে তেনে নহয়, ইয়াৰ শিপা বহু গভীৰলৈ আছে। সেয়ে এই সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে ডি ৱাই এফ আইয়ে ।

   ছিণ্ডিকেট ৰাজৰ বাবে যেনেকৈ সেই সময়ত ৰাঘবেন্দ্ৰ অৱস্তী গ্ৰেপ্তাৰ হ'ব লগা হৈছিল জোনমনিৰ হত্যাকাৰীৰ আজি বিচাৰ হ'ব নে সেয়া সময়তহে লক্ষ্যণীয় হ'ব। 

No comments