Breaking News

অইল- এনআৰএলৰ বজাৰ সম্প্ৰসাৰিত হ'ব ম্যানমাৰলৈ


"অসমত বায়'ডিজেলৰ প্ৰচুৰ সম্ভাৱনা আছে। আজিও অসমৰ বাঁহখেতিয়ে প্ৰকৃত সংযোজিত মূল্য পোৱা নাই ৷" এই ভাষ্য অইলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড° ৰঞ্জিত ৰথৰ । অইল আৰু এন আৰ এলৰ যুটীয়া উদ্যোগত সোমবাৰে গুৱাহাটীৰ এখন হোটেলত অনুষ্ঠিত ‘মিডিয়া কানেক্ট' শীর্ষক অনুষ্ঠানত ভাগ লৈ ড° ৰথে আৰু কয় যে- "অইল আৰু এন আৰ এলৰ যুটীয়া উদ্যোগত সম্প্ৰসাৰিত হৈছে ব্যৱসায়।  ম্যানমাৰলৈ সম্প্ৰসাৰিত কৰা হ'ব খাৰুৱা তেলৰ বজাৰ।ম’ৰে হৈ ম্যানমাৰলৈ সম্প্ৰসাৰিত কৰা হ'ব খাৰুৱা তেলৰ বজাৰ । ম্যানমাৰ খাৰুৱা তেলৰ বাবে অতি সম্ভাৱনাপূৰ্ণ বজাৰ ।"

অনুষ্ঠানত ভাগ লৈ এন আৰ এলৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকনে কয়— "উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সৈতে অসমৰ সীমা সমস্যা নিষ্পত্তি নোহোৱা বাবে এন আৰ এলে মিজোৰাম, নাগালেণ্ডত আগবাঢ়িব পৰা নাই । ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে এন আৰ এলে যথেষ্ট কাম কৰিছে। অইল আৰু এন আৰ এলে কৰিবলগীয়া যথেষ্ট আছে। আমাৰ দেশৰ চাহিদা অনুপাতে পর্যাপ্ত নহয় খাৰুৱা তেলৰ উৎপাদন । ইয়াৰ পৰিপ্ৰেক্ষিততে বিকল্প ইন্ধনৰ ব্যৱহাৰত গুৰুত্ব দিয়া প্ৰয়োজন আছে। এন আৰ এলে দেশত ২ জিৰ ৫টা ইথানল বায়'ৰিফাইনেৰী স্থাপনৰ কাম কৰি আছে। হাৰিয়ানাৰ পানিপট, পঞ্জাবৰ বাথিন্দাত ওড়িশাৰ বৰগৰত, অসমৰ নুমলীগড়ত আৰু কৰ্ণাটকৰ ডেভেংগেৰীত চলি আছে উক্ত প্ৰকল্পৰ কাম।" অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি ভাষণ দিয়ে অইলৰ আবাসীক মুখ্য কাৰ্যবাহী প্ৰশান্ত বৰকটকীয়ে। এই কাৰ্যসূচীৰ উদ্যোগ লয় পি আই বিৰ অতিৰিক্ত সঞ্চালক প্ৰধান ৰাজীৱ জৈনে। 

No comments