Breaking News

মূল্যবৃদ্ধিৰ সুযোগত বিগত বৰ্ষৰ তুলনাত সৰ্বাধিক জিএছটি সংগ্ৰহৰ অভিলেখ চৰকাৰৰ


দেশত বৃদ্ধি হৈছে সকলো সামগ্ৰীৰ মূল্য আৰু তাৰ সমান্তৰালভাৱে বাঢ়িছে শতাংশত নিৰ্ধাৰিত হোৱা জিএছটি। অৰ্থাৎ মোদী চৰকাৰে সকলো সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাৰ সুযোগত জিএছটি সংগ্ৰহো বঢ়াবলৈ সক্ষম হৈছে। কিয়নো দেশৰ প্ৰতিবিধ পণ্যৰ জিএছটি পৃথক পৃথক আৰু সেই সামগ্ৰীৰ মূল্যৰ হিচাপত শতাংশত নিৰ্ধাৰণ হয়৷ উদাহৰণস্বৰূপে— যদিহে এবিধ সামগ্ৰীৰ মূল্য পূৰ্বতকৈ এশ টকা বৃদ্ধি হ'ল তেন্তে সেই সামগ্ৰীৰ জিএছটিও শতাংশৰ হিচাপত পূৰ্বতকৈ বৃদ্ধি হ'ব। অর্থাৎ সেই বিশেষ সামগ্ৰীবিধৰ মূল্য কম হৈ থাকোতে শতাংশৰ হিচাপত গ্ৰাহকেও কম জিএছটি ভৰিছিল আৰু চৰকাৰেও কম জিএছটি সংগ্ৰহ কৰিবলগীয়া হৈছিল। কিন্তু এতিয়া সকলো সামগ্ৰীৰ প্ৰচণ্ড মূল্যবৃদ্ধিৰ লগে লগে স্বাভাৱিকভাৱে শতাংশৰ হিচাপত জিএছটিও বাঢ়ি যোৱাৰ ফলত চৰকাৰৰ সংগ্ৰহ অধিক হৈছে। বিগত এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰে জিএছটি সংগ্ৰহ কৰিছে ১.৮৭ লাখ কোটি টকা। ২০১৭ চনত জিএছটি ব্যৱস্থা প্ৰৱৰ্তন হোৱাৰ পাছত কোনো এটা নির্দিষ্ট মাহত এয়াই সর্বাধিক জিএছটি সংগ্রহ। বিগত বছৰৰ এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰে জিএছটি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ১.৬৮ লাখ কোটি টকা। যোৱা বছৰ জিএছটি সংগ্রহ হ্রাস পাইছিল কিয়নো, তেতিয়া অৰ্থাৎ এবছৰৰ পূৰ্বে একেবোৰ সামগ্ৰীৰ মূল্য এতিয়াতকৈ কম আছিল। একে জিএছটিৰ হাৰ থকা স্বত্বেও সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱাৰ বাবে যিদৰে জনগণে অধিক জিএছটি ভৰিবলগীয়া হৈছে, ঠিক সেইদৰে চৰকাৰওে মূল্যবৃদ্ধিৰ সুযোগ লৈ অধিক জিএছটি সংগ্রহ কৰিবলৈ সক্ষম হৈছে। ইপিনে ২০২২-২৩ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে মুঠ জিএছটি সংগ্ৰহ কৰিছে ১৮.১০ লাখ কোটি টকা। সেয়া পূৰ্বৰ বছৰৰ তুলনাত ২২ শতাংশ অধিক। 

No comments