Breaking News

মহানগৰীত হাতীৰ গচকত নিহত ব্যৱসায়ী: তেজপুৰত ব্ৰহ্মপুত্ৰৰ সুঁতিত তিনি দিনে আবদ্ধ এজনী হাতী


গুৱাহাটী মহানগৰীৰ গড়চুকৰ কাষৰীয়া মাঘুৱাপাৰাত সোমবাৰে মাজনিশা বন্যহস্তীৰ আক্রমণত এজন লোক নিহত হয়। লোকজনক অঞ্চলটোৰে বাসিন্দা তথা ক্ষুদ্ৰ ব্যৱসায়ী দ্বিপেন টুমুং (৫০) বুলি চিনাক্ত কৰে হৈছে। প্ৰাপ্ত খবৰ মতে বিগত দহ-বাৰদিনমান ধৰি মাঘুৱাপাৰাকে ধৰি কাষৰীয়া গাৰোঘুলি, পামহী, ধলবামা, মইনাখোৰোং,দেউছোতাল আদি অঞ্চলৰ গাতে লগা গড়ভঙা আৰু ৰাণী সংৰক্ষিত বনাঞ্চলৰ পৰা নামি অহা কেবাটাও বন্যহস্তীয়ে খাদ্যৰ সন্ধানত এটাৰ পৰা আঠ- দহজনীয়া গোট হৈ সন্ধিয়াৰ  পাছত পুৱতি নিশা পৰ্যন্ত ঘুৰা-ফুৰা কৰি আহিছিল। সমান্তৰালভাবে লখৰাস্থিত  দক্ষিণ গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয় আৰু কেন্দ্রীয়  মইনাখোৰোং খণ্ড বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মী আৰু  বন সুৰক্ষা বাহিনীৰ জোৱানৰ দলেও বন্যহস্তীৰ জাকে যাতে মানুহৰ ঘৰত সোমাই অনিষ্ট সাধন কৰিব নোৱাৰে তাৰ বাবে তহলৰ ব্যৱস্থা কৰিছিল। সোমবাৰে নিশা প্রায় ১১.৩০ মান বজাত প্ৰায় ১২ জনীয়া বন্যহস্তীৰ জাক এটাই চাৰিটা ভাগত ভাগ হৈ নিশা ৯ মান বজাৰ পৰা বৃহত্তৰ অঞ্চলটোত বিচৰণ কৰি আছিল। আনকি মইনাখোৰোং খণ্ড বন বিষয়া ত্রিনয়ন উপমন্যুৰ নেতৃত্বত অহা এটা বনকৰ্মীৰ দলে বন্যহস্তীৰ জাকক ছত্রভংগ দিয়াবলৈ শূন্যলৈ গুলীচালনাও কৰিছিল। ৰাইজ আৰু বনকৰ্মীৰ দলে হাতী খেদি থকাৰ মাজতে মাঘুবাপাৰাত পোৱালিসহ এটা সাতজনীয়া বন্যহস্তীৰ জাক এটাৰ মুখামুখি হয় দ্বীপেন টুমুং। কিন্তু দৌৰি পলাবলৈ ল‌ওতেই জাকটোৰ এটা প্ৰকাণ্ড হাতীয়ে আক্ৰমণ কৰে তেওঁক। ততালিকে কিছু নিলগত থকা আয়ুৰসূদ্ৰা হাস্পতালত লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। দিনৰ ভাগত পূৱ কামৰূপ বন সংমণ্ডলৰ সহকাৰী বা সংৰক্ষক পুষ্পধৰ বুঢ়াগোঁহাইকে ধৰি বন বিষয়াৰ এটা দলে ঘটনাস্থলী পৰিদৰ্শন কৰি নিশাৰ ঘটনাৰ বুজ লয়। ইফালে সোমবাৰে নিশা ৰাণী সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া বিক্রমপুৰত চাৰিটা বনৰীয়া হাতীয়ে প্ৰৱেশ কৰি কেবাঘৰ বাসিন্দাৰ কল, কঠাল খাই তহিলং কৰি সন্ত্ৰাসৰ সৃষ্টি কৰাত ৰাইজ আতংকিত হৈ পৰিছে। 

          


       উক্ত ঘটনাৰ এক সম্পূৰ্ণ বিপৰীত ছবি দেখিবলে পোৱা গৈছে তেজপুৰত।তেজপুৰৰ নাতিদূৰৰ জহামাৰীত ব্ৰহ্মপুত্ৰৰ এটা সুঁতিৰ তেলীয়া ঘাটত এজনী হাতী যোৱা তিনিদিনে আবদ্ধ হৈ আছে। বনাঞ্চলৰ পৰা ওলাই অহা মাইকী হাতীজনী বর্তমান ব্ৰহ্মপুত্ৰৰ সুঁতিটোৰ কিছু বোকাময় স্থানত আছে আৰু পানীৰ পৰা উঠি অহা নাই। এই বিষয়ে ৰাইজৰ মাজত প্রতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত আজি ঘটনাস্থলীত তেজপুৰ সদৰ, ঢেকীয়াজুলিৰ লগতে ওৰাঙৰ পৰা বনকৰ্মী তথা চিকিৎসকৰ দল উপস্থিত হৈ হাতীজনীক পর্যবেক্ষণ কৰিছে। উল্লেখ্য, হাতীজনীয়ে ব্ৰহ্মপুত্ৰ অতিক্ৰম কৰি উত্তৰ পাৰত অৱস্থান কৰিছে যদিও মানুহৰ সমাগম হ'লেই পুনৰ বিপৰীত দিশলৈ গতি কৰে। খাদ্যৰ অভাৱত হাতীজনী দুৰ্বল হৈ পৰা বুলি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। বন বিভাগৰ লোকে হাতীজনীৰ শৰীৰত কোনোধৰণৰ আঘাত চিহ্ন নাই বুলি প্ৰকাশ কৰাৰ বিপৰীতে বন্যপ্রাণী আৰু বন সুৰক্ষাৰে দীৰ্ঘদিন ধৰি জড়িত দিলীপ নাথে আশংকা প্রকাশ কৰি কয় যে, হাতীজনীৰ পাছৰ এখন ঠেঙত কোনো আঘাত থকাৰ সম্ভাৱনা আছে আৰু সেই আঘাতৰ যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈকে হাতীজনী পানীৰ পৰা উঠি অহা নাই । হাতীয়ে আঘাত যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ এনেদৰে পানীত আশ্ৰয় লয় বুলি প্ৰকাশ কৰি নাথে কয় যে, এনে নহ'লে হাতীজনী যোৱা তিনিদিনে পানীতে নাথাকিল হয়। আনহাতে, বনৰীয়া হাতীজনীক নদীৰ পৰা পাৰলৈ উঠাবলৈ কোনো বিশেষ সঁজুলি নথকাত কাইলৈ কুনকী হাতীৰ সহায়ত পাৰলৈ উঠোৱাৰ পৰিকল্পনা কৰা হৈছে। তদুপৰি, আজি কলৰ সৈতে হাতীজনীক ঔষধ সেৱন কৰোৱা হৈছে বুলিও জানিবলৈ দিয়ে নাথে। উল্লেখ্য, ব্রহ্মপুত্ৰৰ উত্তৰ পাৰে হাতীজনীক তিনিদিন পূর্বে দেখা পোৱা স্থানীয় লোকে বন বিভাগৰ লগত যোগাযোগ কৰে আৰু সম্প্ৰতি বন বিভাগে হাতীটো পৰ্যবেক্ষণত ৰাখিছে। তেলীয়া গাঁৱৰ ব্ৰহ্মপুত্ৰৰ পাৰত ব্ৰহ্মপুত্ৰৰ সুঁতিত থকা হাতীজনী ওৰাং ৰাষ্ট্ৰীয় উদ্যান নতুবা সোণাই-ৰূপাই বন্যপ্রাণী অভয়াৰণাৰ পৰা অহা বুলি সন্দেহ প্রকাশ কৰিছে একাংশই। প্রাপ্তবয়স্ক হাতীজনীয়ে পর্যাপ্ত পৰিমাণৰ খাদ্য নোপোৱাত ক্ৰমাৎ দুৰ্বল হৈ পৰাৰ আশংকা কৰা হৈছে। পানীত থকাৰ বাবে বনৰীয়া হাতীজনীক টেংকুইলাইজ কৰিব পৰা নাযায় আৰু সেয়ে পাৰলৈ উঠাই অনাৰ পাছতহে হাতীজনীক প্রয়োজনীয় আৰু উপযুক্ত চিকিৎসা কৰিব পৰা যাব আৰু হাতীজনীৰ প্ৰকৃততে কি হৈছে সেয়া স্পষ্ট হ'ব বুলি প্ৰকাশ কৰিছে। 

No comments