Breaking News

দৰঙত এখন গামোচা নিলাম হ'ল ২.৬৫ লাখ টকাত


অসমীয়া জাতিৰ স্বাভিমানস্বৰূপ এখন ফুলাম গামোচা দৰঙত বিক্ৰী হৈছে ২ লাখ ৬৫ হেজাৰ ১ টাকা দৰত। লক্ষণীয় যে পশ্চিম মঙলদৈৰ অর্জুনতল বিষ্ণুমন্দিৰ প্ৰাংগণত কালি নিলামযোগে গামোচা এখন বিক্ৰী হয় ২ লাখ ৬৫ হেজাৰ ১ টকাত। গামোচাখন স্থানীয় এগৰাকী উদীয়মান যুৱক ৰাকেশ শর্মাই শিক্ষয়িত্রী শান্তিপ্রিয়া দেৱীয়ে আগবঢ়োৱা ২.৬৩ লাখ টকাৰ বিপৰীতে ২.৬৫ লাখ টকাত ক্ৰয় কৰি অভিলেখ গঢ়ে। তাৎপর্যপূর্ণ যে পৰম্পৰা আৰু বিশ্বাসৰ মিলন সেতুত পৰিণত পশ্চিম মঙলদৈৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত ৰাইজৰ সবাহ ইতিমধ্যে ৩-৪ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। বিষ্ণু হোমযজ্ঞৰে আৰম্ভ হোৱা পৰম্পৰাগত এই জেঠমহীয়া কাজত ডাঁহী অর্জুনতল, দীঘিৰপাৰ বিহুভাঙা আৰু জলজলী, কুমাৰপাৰাত হেজাৰ হেজাৰ লোকৰ ভিৰ পৰিলক্ষিত হৈছে। বতৰৰ বাধাকো নেওচি পশ্চিম মঙলদৈৰ কুমাৰপাৰা মন্দিৰ, অৰ্জুনতলা বিষ্ণুমন্দিৰ আৰু বিহুভাঙা শিব মন্দিৰৰ গৌদ্ধ চৌপৰিত কেইবাহেজাৰ ভক্তৰ দ্বাৰা ভোটা জ্বলোৱা হৈছে। মিঠাতেলৰ মাটিৰ চাকি লৈ কেইবাহেজাৰ ভক্তই প্রার্থনা জনোৱা আৰু দেশ, ৰাজ্যৰ লগতে সাধাৰণ জনতাৰ মংগল প্রার্থনা অত্যন্ত আকর্ষণীয় হৈ উঠিছে। কালি পুৱাৰ ভাগত পানীতোলা আৰু দিনৰ ভাগত আয়োজক সমিতিয়ে হোমযজ্ঞ সমাপন কৰে। এই আয়োজনৰ লগত সংগতি ৰাখি ডাহী অৰ্জুনতল বিষ্ণুমন্দিৰ প্ৰাংগণত মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে, । দেবভূষণ নিলাম কাৰ্যসূচী আয়োজিত হয়। মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পৰেশ চন্দ্ৰ শৰ্মাৰ পৰিচালনাৰে অনুষ্ঠিত কাৰ্যসূচী কেইবাহেজাৰ লোকে প্রত্যক্ষ কৰে। ন্যূনতম ২০ হেজাৰ টকাৰ পৰা আয়োজিত নিলাম প্ৰক্ৰিয়া প্ৰায় ২ ঘণ্টাজুৰি চলে আৰু মন্দিৰ পৰিচালনা সমিতিয়ে এই ২ ঘণ্টাত আয় কৰে ২ লাখ ৬৫ হেজাৰ এটকা। ২০১৫ চনৰে পৰা ঐতিহাসিক বিষ্ণু মন্দিৰটোৰ পৰিচালনা সমিতিয়ে এই নিলাম অনুষ্ঠিত কৰি আহিছে আৰু বিগত ৮ বছৰত অৰ্জন কৰা ধনেৰেই দুমহলীয়াকৈ মন্দিৰ নিৰ্মাণ হৈছে। এইবাৰ মন্দিৰৰ মণিকূট নিৰ্মাণত এই ধন ব্যৱহাৰ কৰিব বুলি সভাপতি হৰিদেৱ শৰ্মা আৰু সম্পাদক হিমান ডেকাই প্রকাশ কৰিছে।

No comments