Breaking News

২০২২-২৩ পৰ্যটন বৰ্ষত কাজিৰঙা পৰিদৰ্শন ৩,১৭,৬৩৮ পৰ্যটকৰ: সংগ্ৰহ ৭,৫৪,১৫,২৯৯ টকা


২০২২ বৰ্ষৰ ২৬ ছেপ্টেম্বৰত সদগুৰুৱে মুকলি কৰা কাজিৰঙাৰ ২০২২-২৩ পর্যটন বৰ্ষৰ সোমবাৰে সামৰণি পৰিল। ইয়াৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অতিকৈ মনোমোহা হাতী ছাফাৰী আৰু জীপ ছাফাৰী বন্ধ হয়। ব্যক্তিগত হাতীবোৰ স্বত্বাধিকাৰৰ ঘৰলৈ ওভতাৰ বিপৰীতে বিভাগীয় হাতীবোৰক উদ্যানৰ বিভিন্ন কর্মত নিয়োগ কৰিবলৈ অন্তৰ্ভাগলৈ লৈ যোৱা হৈছে। সদ্যসমাপ্ত পৰ্যটন বৰ্ষৰ ফেব্ৰুৱাৰী মাহত পৰ্যটকৰ কিছু হ্রাস পাইছিল যদিও সামগ্রিকভাৱে ২০২২-২৩ পর্যটন বর্ষত কাজিৰঙালৈ যথেষ্ট পৰ্যটকৰ আগমন ঘটে। পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি কাজিৰঙাৰ ২০২২-২৩ পর্যটন বৰ্ষৰ অন্ত পৰিল ৩ লাখ ১৭ হেজাৰ ৬৩৮ গৰাকী পৰ্যটকৰ আগমনৰ অভিলেখেৰে। সদ্যসমাপ্ত পর্যটন বৰ্ষটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে ৩ লাখ ৬ হেজাৰ ৮৭০ গৰাকী ভাৰতীয় আৰু ১০ হেজাৰ ৭৬৮ গৰাকী বিদেশী পর্যটকে। সংবাদমেলযোগে কালি সন্ধিয়া এই তথ্য সদৰী কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই। সঞ্চালক শৰ্মাই কয় যে ২০২১-২২ পর্যটন বৰ্ষত পৰ্যটকৰ সংখ্যা ২ লাখ ৪৮ হেজাৰ ৩৮৯ গৰাকী আৰু ৰাজহ সংগ্ৰহ হৈছিল ৫ কোটি ৩৬ লাখ ৩৫ হেজাৰ ৬৯০ টকা। ইয়াৰ বিপৰীতে চলিত পর্যটন বৰ্ষত সংগ্ৰহ হোৱা ৰাজহৰ পৰিমাণ ৭ কোটি ৫৪ লাখ ১৫ হেজাৰ ২৯৯ টকা। সঞ্চালক শৰ্মাই কয় যে কেৱল চৰকাৰৰ ৰাজহ সংগ্ৰহতেই কাজিৰঙাৰ পৰ্যটন সীমাবদ্ধ নহয়। আনকি, চৰকাৰৰ সদিচ্ছাৰ বাবেই পৰ্যটন উদ্যোগটোৰ স'তে জড়িত পৰিবহণ, ৰিজাৰ্টকে আদি কৰি আনুষংগিক সকলো দিশতে স্থানীয় বহুজন ২০২২-২৩ পর্যটন বৰ্ষত লাভান্বিত হৈছে বুলি কয় সঞ্চালক শৰ্মাই। তেওঁ কিছু নতুন পৰিকল্পনা গ্রহণৰ জৰিয়তে কাজিৰঙা পৰ্যটনৰ উৎকৰ্ষ সাধন কৰিব পাৰি বুলি উল্লেখ কৰে কাজিৰঙাৰ পাৰিপাৰ্শ্বিকতাক সুৰক্ষা প্ৰদান কৰি বাৰিষাৰ সময়ছোৱাত ৰ’পৱেৰ ব্যৱস্থা কৰাৰ লগতে কাজিৰঙাৰ পৰ্যটনক বছৰজোৰাকৈ চলাই ৰাখিব পৰাকৈ তৃণভূমি সংৰক্ষণৰ লগতে ফুল বা ভিন্ন প্ৰজাতিৰ আলংকৰিক বা ঔষধি গুণসম্পন্ন গছ-গছনিক লৈ সুকীয়া পৰ্যটন গঢ় দিব পৰাৰ অৱকাশ থাকে বুলি তেওঁ উল্লেখ কৰে। বিগত বৰ্ষৰ ২৬ ছেপ্টেম্বৰত আৰম্ভ - হোৱা কাজিৰঙা ২০২২-২৩ পর্যটন বৰ্ষত দেশৰ মহামান্য ৰাষ্ট্ৰপতিৰ লগতে বহুসংখ্যক গণ্য-মান্য লোকে কাজিৰঙা দৰ্শন কৰাটো কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰৰ বাবে শুভ লক্ষণ বুলি মন্তব্য কৰে সঞ্চালকগৰাকীয়ে।
 

No comments