Breaking News

অসম মেঘালয় সীমান্ত সমস্যা নিষ্পত্তিৰ সন্দৰ্ভত গুৱাহাটীৰ কইনাধৰাত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাৰ্ড চাংমাৰ মাজত অনুষ্ঠিত হ’ল গুৰুত্বপূৰ্ণ বৈঠক



পঙ্কজ নাথ,: অসমৰ চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে থকা সীমা সমস্যাৰ ফলপ্ৰসূ সমাধানৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰচেষ্টা অব্যাহত ৰাখিছে । তাৰেই পৰিপ্ৰেক্ষিতত আজি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত এখন বৈঠক অনুষ্ঠিত হৈ যায়। গুৱাহাটীৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত দুই মুখ্যমন্ত্ৰীৰ লগতে দুয়োখন ৰাজ্যৰ মন্ত্ৰী বিষয়া একাংশৰ উপস্থিতিত অসম-মেঘালয়ৰ সীমা সন্দৰ্ভত মুখ্যমন্ত্ৰী পৰ্যায়ৰ এই বৈঠকখন অনুষ্ঠিত হয়। মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক জনোৱা মতে দুয়োখন ৰাজ্যৰ মাজৰ বিবদমান অঞ্চল হিচাপে চিহ্নিত মুঠ ১২টা অঞ্চলৰ ভিতৰৰ ৬টা ইতিমধ্যে নিষ্পত্তি হৈছে। বাকী থকা ৬টা অমীমাংসিত অঞ্চলৰ বিভিন্ন বিষয় সন্দৰ্ভত আজিৰ বৈঠকত আলোচনা কৰা হয়। আজিৰ বৈঠকত সংশ্লিষ্ট আঞ্চলিক সমিতিসমূহে উক্ত অমীমাংসিত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ে যৌথভাৱে অহা জুন মাহত কাৰ্বিআংলং আৰু জয়ন্তীয়া পাহাৰ পৰিদৰ্শনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আগন্তুক জুলাই মাহত এই সন্দৰ্ভত পুনৰ এলানি আলোচনা কৰাৰো সিদ্ধান্ত কৰা হয় এই বৈঠকত । সীমান্তৱৰ্তী অঞ্চলসমূহৰ সৰ্বাংগীণ উন্নয়নৰ স্বাৰ্থত দীৰ্ঘদিন ধৰি অমীমাংসিত হৈ থকা দুয়োখন ৰাজ্যৰ সীমা সমস্যাই সোনকালেই সমাধান লাভ কৰিব বুলি এই বৈঠকৰ পিছতে আশা কৰা হৈছে । তাৰোপৰি এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তৎপৰতাৰে লোৱা পদক্ষেপ আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই দেখুওৱা সদিচ্ছাৰ বাবে সকলোৱে আদৰণি জনাইছে। আজিৰ বৈঠকত মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীদ্বয় ক্ৰমে প্ৰেষ্টেন টিনচং আৰু স্নিয়াৱলং ধৰ  , অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা চন্দ্ৰমোহন পাটোৱাৰী , পীযুষ হাজৰিকা  প্ৰমুখ্যে দুয়োখন ৰাজ্যৰ মুখ্য সচিব, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু দুয়োখন ৰাজ্যৰ সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে।

No comments